গুৱাহাটী, 28 ডিচেম্বৰঃ গুৱাহাটী শোধনাগাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত শনিবাৰে পুৱা ৮ বজাৰ পৰা দিনৰ ১২ বজালৈ গুৱাহাটী শোধানাগাৰ ইউনাইটেড ইউনিয়নে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ নাগৰিকত্ব সংশোধনী আইন, (CAA) 2019 প্ৰত্যাহাৰ, কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তি, ইউনিয়নৰ দীৰ্ঘম্যাদী চুক্তি সমাধান, শোধনাগাৰত থলুৱা শ্ৰমিক নিয়োগ কৰাকে ধৰি প্ৰায় দহ দফীয়া দাবীৰে সংগঠনটোৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷
এই প্ৰতিবাদী কাৰ্যসূচীত শোধনাগাৰৰ প্ৰায় শতাধিক শ্ৰমিকে নিজৰ দাবী সম্বলিত বেনাৰ, পোষ্টাৰ লৈ চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে শোধনাগাৰ মূল প্ৰৱেশদ্বাৰ । আগন্তুক দিনত সংগঠনৰ দীৰ্ঘদিনীয়া দাবীসমূহৰ সমাধানৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰিলে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সদস্যসকলে ।