ETV Bharat / city

গুৱাহাটীৰ নাহৰণি পথত সংঘটিত হত্যাকাণ্ডৰ মূল অভিযুক্তক তিনিমাহে গ্ৰেপ্তাৰত ব্যৰ্থ আৰক্ষী

author img

By

Published : Sep 24, 2022, 2:06 PM IST

গুৱাহাটী মহানগৰীৰ নাহৰণি পথত এজন যুৱকক ৬/৭ জনে মৰিয়াই মৰিয়াই হত্যা কৰা ঘটনাৰ ৩ মাহ উকলিল। আজিও মুকলি আকাশৰ তলত মুল অভিযুক্ত (Police still unable to arrest main accused of Mob lynching) । ন্যায় বিচাৰি পুত্ৰৰ ফটো বুকুত লৈ DGP লৈ মাকৰ কাতৰ অনুৰোধ ৷

Guwahati police still unable to arrest main accused of Mob lynching
গুৱাহাটীৰ নাহৰণি পথত হোৱা হত্যাকাণ্ডৰ মূল অভিযুক্তক তিনি মাহে গ্ৰেপ্তাৰত ব্যৰ্থ আৰক্ষী

বঙাইগাঁও, 24 ছেপ্টেম্বৰ: গুৱাহাটী মহানগৰীৰ নাহৰণি পথত এজন যুৱকক 6/7 জনে মৰিয়াই মৰিয়াই হত্যা কৰা ঘটনাটোৰ আজি 3 মাহ উকলিল (Mob lynching in Guwahati) ৷ তথাপিও আজি পৰ্যন্ত গ্ৰেপ্তাৰ নহ’ল ঘটনাটোৰ মূল অভিযুক্ত (Police still unable to arrest main accused) ৷ উল্লেখ্য যে, বিগত 8 জুনত মহানগৰীৰ নাহৰণি পথত এটা 6/7 জনীয়া দলে মৰিয়াই মৰিয়াই হত্যা কৰিছিল অনুপম নাথ নামৰ যুৱকজনক ৷

যুৱকজনৰ প্ৰেমিকাক নেতৃত্বত সংঘটিত হৈছিল এই হত্যাকাণ্ড৷ হত্যাৰ পূৰ্বে পৰিয়ালৰ লোকলৈ ফোন কৰি ৰক্ষা কৰিবলৈ কৈছিল খোদ অনুপমে ৷ এই শোকাৱহ ঘটনাৰ পিছতেই অনুপমৰ মাকে হাতীগাঁও থানাত (Hatigaon Police Station) এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ০৭/২২ নম্বৰত এজাহাৰ ৰুজু কৰি সিদিনাই চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ।

কিন্তু ঘটনাৰ মূল অভিযুক্ত ধনঞ্জয়ক তিনি মাহ উকলি যোৱাৰ পিছতো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷ ইফালে নিজৰ পুত্ৰক হেৰুৱাই শোকত ভাগি পৰিছে মাতৃয়ে । মাতৃয়ে নিজৰ পুত্ৰৰ ফটো বুকুত লৈ দিন অতিবাহিত কৰিছে ন্যায় পোৱাৰ আশাত । পুত্ৰৰ ফটো বুকুত লৈ মুল অভিযুক্ত ধনঞ্জয়ক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তলৈ অনুৰোধ জনাইছে অনুপমৰ মাতৃয়ে ।

লগতে পঢ়ক: Assam Cabinet Decision: ছয় জনগোষ্ঠীৰ বাবে চিকিৎসা মহাবিদ্যালয়ত সংৰক্ষণ কৰা হ’ব আসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.