ETV Bharat / city

Final electoral roll of GMC: ৫ মাৰ্চত প্ৰকাশ পাব গুৱাহাটী পৌৰ নিগমৰ চুড়ান্ত ভোটাৰ তালিকা

author img

By

Published : Feb 4, 2022, 8:50 PM IST

শুকুৰবাৰে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত মহানগৰ উপায়ুক্তই এখন বৈঠকৰ আয়োজন কৰে ৷ এই সভাত 5 মাৰ্চত পৌৰ নিগমৰ চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব সিদ্ধান্ত গ্ৰহণ কৰিছে (Guwahati Municipal Corporation final electoral roll) ৷

guwahati-municipal-corporations-final-electoral-roll-to-be-released
৫ মাৰ্চত প্ৰকাশ পাব গুৱাহাটী পৌৰ নিগমৰ চুড়ান্ত ভোটাৰ তালিকা

গুৱাহাটী, 4 ফেব্ৰুৱাৰী : গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হোৱা নাই যদিও ইতিমধ্যে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে । আগন্তুক 5 মাৰ্চত প্ৰকাশ পাব পৌৰ নিগমৰ চুড়ান্ত ভোটাৰ তালিকা (Guwahati Municipal Corporation final electoral roll to be released) ।

শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় (Guwahati DC Office)ৰ সভাকক্ষত আগন্তুক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয় । এই সভাত সভাপতিত্ব কৰে উপায়ুক্ত পল্লৱ গোপাল ঝা (Deputy Commissioner Pallav Gopal Jha) ৷

এই বৈঠকত অতিৰিক্ত উপায়ুক্ত (নিৰ্বাচন) ড৹ ধ্ৰুৱজ্যেতি হাজৰিকা, পৌৰ সচিব আদিত্য গগৈ, গুৱাহাটী আৰু দিছপুৰ ৰাজহ চক্ৰ বিষয়া তথা অন্যান্য সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকি ভোটাৰ তালিকা প্ৰস্তুতকৰণ, আসন সংৰক্ষণ, ই ভি এম মজুতকৰণ আদি বিভিন্ন বিষয়ে আলোচনা কৰা হয় ।

উল্লেখ্য যে, আগন্তুক 11 ফেব্ৰুৱাৰীত পৌৰনিগমৰ খচৰা ভোটাৰ তালিকা প্ৰস্তুত কৰা হ’ব ৷ পৌৰ নিগমৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ হোৱাৰ পিছত এই সম্পৰ্কে কিবা আপত্তি থাকিলে ভোটাৰসকলে 18 ফেব্ৰুৱাৰীলৈকে আপত্তি জনাব পাৰিব ।

সকলো আপত্তি 25 ফেব্ৰুৱাৰীৰ ভিতৰত নিষ্পত্তি কৰাৰ পিছত 5 মাৰ্চত প্ৰকাশ পাব পৌৰ নিগমৰ চুড়ান্ত ভোটাৰ তালিকা । আনহাতে, ভোটাৰৰ সুবিধাৰ্থে সভাত উপায়ুক্ত গৰাকীয়ে পৌৰ নিগমৰ নিৰ্বাচন সম্পৰ্কীয় এক এপৰ ব্যৱস্থা কৰাৰ পোষকতা কৰে ৷

লগতে পঢ়ক : Outsourcing panchayat employee: চামগুৰিত পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ কৰ্মবিৰতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.