ETV Bharat / city

Guwahati Municipal Corporation Election : নিৰ্বাচনৰ দিন ঘোষণাক লৈ সন্তুষ্ট মহানগৰবাসীৰ

author img

By

Published : Nov 26, 2021, 9:32 PM IST

তিনিবছৰীয়া প্ৰতীক্ষাৰ অন্ত ঘোষণা কৰা হ’ল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দিন(Guwahati Municipal Corporation Election date announced) ৷ ২০১৮ চনতে অন্ত পৰিছিল পৌৰ নিগমৰ পৰিষদৰ কাৰ্যকালৰ । পৌৰসভাৰ নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মহানগৰ উন্নয়ন সমিতি আৰু মহানগৰবাসীয়ে ৷

Guwahati Municipal Corporation elections to be held in February
ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব নিৰ্বাচন

গুৱাহাটী, ২৬ নৱেম্বৰ : ২০২২ চনৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন(Guwahati Municipal Corporation Election) ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে ঘোষণা(CM Announce Guwahati Municipal Corporation Election date) কৰে এই কথা ৷ মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতেই সন্তোষ প্ৰকাশ কৰিছে মহানগৰবাসীৰ লগতে মহানগৰ উন্নয়ন সমিতিৰ লগত জড়িত সংগঠনসমূহ ।

গুৱাহাটী পৌৰ নিগম

গুৱাহাটী পৌৰ নিগমৰ পৰিষদৰ কাৰ্যকাল ২০১৮ চনতে অন্ত পৰাৰ ফলত মহানগৰবাসীয়ে তেওঁলোকৰ অভিযোগসমূহ কাৰোৰে ওচৰত দিব পৰা নাছিল । কিন্তু এইবাৰ নিৰ্বাচন অনুষ্ঠিত হ’লে ৰাইজে তেওঁলোকৰ সমস্যাসমূহ জনপ্ৰতিনিধিৰ ওচৰত দাঙি ধৰিব পাৰিব । মহানগৰ উন্নয়ন সমিতি গুৱাহাটীৰ সম্পাদক বীৰেণ শৰ্মাই দীৰ্ঘদিনৰ বিৰতিৰ পিছত পৌৰ নিগমৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাত সন্তোষ ব্যক্ত কৰি কয় যে, মহানগৰীৰ মূল সমস্যা হৈছে খোৱাপানীৰ সমস্যা ৷

২০০৯ চনতে তিনিটা খোৱাপানীৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল আৰু ২০১১ চনত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হ’ব বুলি কোৱা হৈছিল যদিও আজিলৈ সম্পূৰ্ণ নহ’ল । তদুপৰি মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে পানী নিষ্কাষণৰ ব্যৱস্থা পৰিকল্পিতভাৱে কৰাৰ দৰকাৰ । শিক্ষা, খাদ্য, ৰেচন কাৰ্ড, মাটিৰ পট্টা ,ৰাস্তা ঘাট আদি বিষয়ৰ ওপৰতো চৰকাৰে পদক্ষেপ লোৱা উচিত বুলি শৰ্মাই মন্তব্য কৰে । তেওঁ লগতে মহানগৰবাসীয়ে খোৱাপানী কেতিয়া পাব সেই বিষয়ে নিৰ্বাচনৰ পূৰ্বে চৰকাৰক স্থিতি স্পষ্ট কৰাৰ আহ্বান জনায় ৷

ইপিনে মহানগৰীৰ এগৰাকী স্থানীয় নাগৰিকে পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰাটো ভাল পদক্ষেপ বুলি উল্লেখ কৰে । তেওঁৰ মতে, মহানগৰীত মাটি, খোৱাপানী, ষ্ট্ৰীট লাইটকে ধৰি বহু সমস্যা আছে । নিৰ্বাচন হ’লে এই সমস্যাবোৰ জনপ্ৰতিনিধিক অৱগত কৰিব আৰু সমাধান কৰিব পৰা হ’ব ৷ কিন্তু বৰ্তমান জনপ্ৰতিনিধি নোহোৱাৰ বাবে সমস্যাবোৰ জনাব পৰা নাই । যাৰবাবে সমস্যাবোৰ সমস্যায়ে হৈ আছে(Problems in Guwahati City) । তেওঁ লগতে জনপ্ৰতিনিধি গণতান্ত্ৰিক আৰু মূল্যবোধৰ ৰাজনীতি থকা হ’ব লাগে বুলি উল্লেখ কৰে । তেওঁলোক চৰকাৰৰ কথামতে উঠা-বহা কৰা অথবা দুৰ্নীতি মুক্ত হ’ব লাগে ৷

ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব নিৰ্বাচন

উল্লেখ্য যে, পৌৰ নিগমৰ নিৰ্বাচনৰ নিদিষ্ট তাৰিখ এতিয়ালৈ নিৰ্ধাৰণ কৰা হোৱা নাই যদিও নিৰ্বাচনৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতিৰ কাম আৰম্ভ কৰা হৈছে । নিৰ্বাচনৰ বাবে ৰিটাৰ্নিং বিষয়া নিযুক্তিৰ কাম আৰম্ভ কৰা হৈছে । ইয়াৰ লগতে মহানগৰ জিলাৰ ভোটাৰ তালিকা সংশোধনৰ কামো ইতিমধ্যে আৰম্ভ কৰা হৈছে । মনকৰিবলগীয়া যে, পৌৰ নিগমৰ নিৰ্বাচন 31 টা নে 60 টা ৱাৰ্ডৰ মাজত অনুষ্ঠিত হ'ব সেয়া এতিয়াও স্থিৰ কৰা হোৱা নাই ।

কংগ্ৰেছৰ শাসনত 2013 চনত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল । 2018 চনৰ 31 জুলাইত পৌৰ নিগমৰ পৰিষদৰ কাৰ্যকালৰ অন্ত পৰে । তাৰ পিছৰে পৰা পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হোৱা নাই । গুৱাহাটী পৌৰ নিগম এলেকাত প্ৰায় 11 লাখ ভোটাৰ আছে ।

লগতে পঢ়ক : গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰাৰ দাবী কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.