ETV Bharat / city

Guwahati high court rejects bail: গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ ঠেকেচা ৰৌণক আলিৰ

author img

By

Published : Jan 31, 2022, 10:36 PM IST

পুনৰ ন্যায়ালয়ত মুখ ঠেকেচা খালে নিলম্বিত জ্যেষ্ঠ আই পি এছ বিষয়া ৰৌণক আলী হাজৰিকা (Guwahati high court rejects bail of Rounak Ali Hazarika) ৷ পঢ়ক সবিশেষ...

IG Rounak Ali Hazarika arrested by CM vigilence
গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ ঠেকেচা ৰৌণক

গুৱাহাটী, 31 জানুৱাৰী: বিগত কিছুদিন আগত আয় বৰ্হিভূত সম্পত্তি আহৰণৰ গুৰুতৰ অভিযোগত নিলম্বিত জ্যেষ্ঠ আই পি এছ বিষয়া ৰৌণক আলী হাজৰিকাক কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল ৷ নিলম্বিত জ্যেষ্ঠ আই পি এছ বিষয়া ৰৌণক আলী হাজৰিকাক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ (DIG Rounak Ali Hazarika arrested by CM vigilence) কৰাৰ পাছতে ন ন তথ্য পোহৰলৈ আহিছে । নিজে কৰা আয়তকৈ অধিক সম্পত্তিৰ অধিকাৰী ৰৌণক আলী হাজৰিকা । আয়তকৈ ১৬৪ শতাংশ অধিক সম্পত্তি ৰৌণক আলী হাজৰিকাৰ । যাৰ ফলত সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিলে নিলম্বিত জ্যেষ্ঠ আই পি এছ বিষয়াগৰাকীৰ জামিন ৷

তথ্য অনুসৰি উচ্চ ন্যায়ালয়ৰ আগতেই নিম্ন আদালতে নাকচ কৰিছিল বিষয়াগৰাকীৰ জামিন । সেই ৰায় বিৰুদ্ধে ৰৌণক আলী হাজৰিকাৰ অধিবক্তা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল । বিগত 18 জানুৱাৰীত জামিন শুনানি সম্পন্ন কৰি ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মা বিচাৰপীঠে ৰায়দান স্থগিত ৰাখিছিল । সোমবাৰে ৰায় প্ৰদান কৰি হাজৰিকাৰ 3291/2021 জামিন আবেদনখন খাৰিজ কৰে (Guwahati high court rejects bail of Rounak Ali Hazarika) । ইফালে বিষয়াগৰাকীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে আদালতৰ মজিয়াত 156 পৃষ্ঠাজোৰা এখন চূড়ান্ত অভিযোগনামা দাখিল কৰিছে (Charge sheet filed against suspended DIG Raunak Ali Hazarika) ৷

জানিব পৰা মতে, এই অভিযোগনামাত ৰৌণক আলি হাজৰিকা উপৰিও পত্নী নুছৰত ৰৌনক হাজৰিকা আৰু ফৰিদ আলি নাম উল্লেখ্য আছে । অভিযোগনামাত উল্লেখ কৰা অনুসৰি আয়তকৈ (১৮২.১৯) 182.19% অধিক সম্পত্তি আছে ৰৌণক আলি হাজৰিকাৰ । মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰা অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক (সীমান্ত) ৰৌণিক আলি হাজৰিকাৰ অসামঞ্জস্যপূৰ্ণ সম্পত্তিৰ গোচৰৰ তদন্ত ১০৯ দিনত সম্পূৰ্ণ কৰে ।

উল্লেখ্য যে, বিগত বৰ্ষৰ 5 অক্টোবৰত হেঙেৰাবাৰী বাসগৃহৰ পৰা নিলম্বিত ডি আই জি হাজৰিকাক দুৰ্নীতিৰ গোচৰত আটক কৰিছিল মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষে । সম্প্ৰতি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ৰৌণক আলী হাজৰিকাই চাকৰি কাৰ্যকালত গৃহ বিভাগৰ অনুমতি অবিহনে বহুবাৰ বিদেশ ভ্ৰমণ কৰিছিল ।

লগতে পঢ়ক : Encounter in Barpeta: আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ ড্ৰাগছ মাফিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.