ETV Bharat / city

চকু ৰোগীক টপচেম চিমেন্টৰ সহায়ৰ হাত

প্ৰতিবছৰে টপচেম চিমেন্টে আয়োজন কৰি আহিছে বিনামূলীয়া চকু পৰীক্ষণ আৰু কেটেৰেক্ট অস্ত্ৰোপচাৰ শিবিৰৰ । শংকৰদেৱ নেত্ৰালয়ৰ সহযোগত আয়োজন কৰে এই স্বাস্থ্য শিবিৰৰ ।

চকু ৰোগীক টপচেম চিমেন্টৰ সহায়ৰ হাত
author img

By

Published : Jul 25, 2019, 10:02 AM IST

গুৱাহাটী, ২৫ জুলাই : দৰিদ্ৰ দৃষ্টি শক্তি হেৰুওৱা ৰোগীসকলৰ বাবে এক উল্লেখনীয় পদক্ষেপ হাতত লৈছে টপচেম চিমেন্টে । ২০গৰাকীকৈ ৰোগীৰ বিনামূলীয়াকৈ কেটেৰেক্ট অস্ত্ৰোপচাৰ সম্পন্ন কৰিছে কোম্পানীটোৱে । গুৱাহাটীৰ আগশাৰীৰ চিকিৎসালয় শংকৰদেৱ নেত্ৰালয় আৰু টপচেম চিমেন্টৰ মিলিত প্ৰচেষ্টাত যোৱা ২০ জুলাইত উত্তৰ গুৱাহাটীস্থিত আনন্দৰাম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বিনামূলীয়া চকু পৰীক্ষণ শিবিৰত চকুৰ জটিল ৰোগ ধৰা পৰা ২০গৰাকীকৈ ৰোগীক বিনামূলীয়াকৈ চকুৰ অস্ত্ৰোপচাৰ ইতিমধ্যে সফলতাৰে সম্পন্ন কৰা হৈছে ।

বুধবাৰে মহানগৰীৰ হোটেল লেণ্ডমাৰ্কত এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে মেঘালয় চিমেন্টৰ ক্ৰয় আৰু বিপণন বিভাগৰ অধ্যক্ষ ডঃ অনিল কাপুৰে । সংবাদমেলত উপস্থিত থাকি থাকে শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ চিকিৎসা সঞ্চালক ডাঃ হৰ্ষ ভট্টাচাৰ্যীয়ে কয় অনাগত দিনটো দৰিদ্ৰ ৰাইজৰ সুবিধাৰ্থে এনে বিনামূলীয়া অস্ত্ৰোপচাৰ কৰা হ'ব । একে সময়তে ৰাজ্যৰ বানাক্ৰান্তৰ সহায়ৰ বাবেও পদক্ষেপ হাতত লৈছে চিমেন্ট কোম্পানীটোৱে । অহা ২৮ তাৰিখে মৰিগাঁও জিলাত বন্যাৰ্তৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ কৰিব বুলি ডঃ অনিল কাপুৰে জানিবলৈ দিয়ে ।

Intro:দৰিদ্ৰ দৃষ্টি শক্তি হেৰুওৱা ৰোগীসকলৰ বাবে এক উল্লেখনীয় পদক্ষেপ হাতত লৈছে টপচেম চিমেন্টে। ২০গৰাকীকৈ ৰোগীৰ বিনামূলীয়াকৈ কেটেৰেক্ট অস্ত্ৰোপচাৰ সম্পন্ন কৰে চিমেন্ট কোম্পানীটোৱে। প্ৰতিবছৰে টপচেম চিমেন্টে বিনামূলীয়াকৈ চকু পৰীক্ষণ আৰু কেটেৰেক্ট অস্ত্ৰোপচাৰ শিবিৰৰ আয়োজন কৰি আহিছে।

Body:গুৱাহাটীৰ আগশাৰীৰ চিকিৎসালয় শংকৰদেৱ নেত্ৰালয় আৰু টপচেম চিমেন্টৰ মিলিত প্ৰচেষ্টাত যোৱা ২০জুলাইত উত্তৰ গুৱাহাটীস্থিত আনন্দৰাম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে এক বিনামূলীয়া চকু পৰীক্ষণ শিবিৰ অনুষ্ঠিত হৈছিল। এই শিবিৰত প্ৰায় দুইশতাধিক ৰোগীয়ে চকু পৰীক্ষণ কৰে। ইয়াৰে ২০গৰাকীকৈ জতিল ৰোগীক বিনামূলীয়াকৈ চকুৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰা হয়। বুধবাৰে মহানগৰীৰ হোটেল লেণ্ডমাৰ্কত এক সংবাদমেল সম্বোধন কৰি এই কথা জনাই মেঘালয় চিমেন্টৰ ক্ৰয় আৰু বিপণন বিভাগৰ অধ্যক্ষ ডঃ অনিল কাপুৰে। ইফালে এই সংবাদমেলত উপস্থিত থাকে শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ চিকিৎসা সঞ্চালক ডাঃ হৰ্ষ ভট্টাচাৰ্যী। অনাগত দিনটো দৰিদ্ৰ ৰাইজৰ সুবিধাৰ্থে এনে বিনামূলীয়া অস্ত্ৰোপচাৰ কৰা হ'ব বুলিও মন্তব্য কৰে নেত্ৰালয়ৰ চিকিৎসা সঞ্চালকগৰাকীয়ে।

Conclusion:আনহাতে বানাক্ৰান্তৰ সহায়ৰ বাবেও পদক্ষেপ হাতত লৈছে টপচেম চিমেন্টে। অহা ২৮ তাৰিখে মৰিগাঁও জিলাত বন্যাৰ্তৰ মাজত বিতৰণ কৰিব বিভিন্ন সামগ্ৰী। জিলাখনৰ ৩৫০ টা পৰিয়ালক প্ৰয়োজনীয় সকলো সামগ্ৰী যোগান ধৰিব বুলি জানিবলৈ দিয়ে ডঃ অনিল কাপুৰে।

HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.