ETV Bharat / city

লিমকা বুক অব্ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত হোৱাৰ দিশে এটা বিশেষ চাকি

দীপাৱলীৰ নিশা ধৰাক পোহৰৰে আলোকিত কৰিবলৈ পৰম্পৰা অক্ষুন্ন ৰাখি মৃৎ শিল্পীয়ে নিৰ্মাণ কৰি গৈছে মাটিৰ চাকি ৷ লিমকা বুক অব্ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত হোৱাৰ দিশে এটা বিশেষ চাকি ৷ 26 অক্টোবৰত দীঘলীপুখুৰী পাৰত প্ৰজ্বলন কৰা হ'ব এই গছি বিশেষ চাকি ৷

দীঘলীপুখুৰী পাৰত প্ৰজ্বলন কৰা হ'ব এইগছি বিশেষ চাকি
author img

By

Published : Oct 24, 2019, 8:05 PM IST

গুৱাহাটী,24 অক্টোবৰঃ পোহৰৰ উৎসৱ দীপান্বিতালৈ মাজত মাথো 1 টা দিন বাকী ৷ ৰাজ্যৰ চৌদিশে এতিয়া চলিছে দীপাৱলী উদযাপনৰ প্ৰস্তুতি ৷ ইয়াৰ সমান্তৰালকৈ লিমকা বুক অব্ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত হোৱাৰ দিশে এটা বিশেষ চাকি । 26 অক্টোবৰত দীঘলীপুখুৰী পাৰত এইগছি চাকি প্ৰজ্বলন কৰা হ'ব । ক'ত, কেনেকৈ আৰু কোনে নিৰ্মাণ কৰিছে মাটিৰ চাকিটো চাওক এই প্রতিবেদনঃ

ৰাজ্যৰ চৌদিশে এতিয়া চলিছে দীপাৱলী উদযাপনৰ প্ৰস্তুতি

দীপাৱলীঃ ৰাজ্যজুৰি মৃৎ শিল্পী ব্যস্ত মাটিৰ চাকি নিৰ্মাণত

Intro: পোহৰৰ উৎসৱ দেৱালী সমাগত। দেৱালীৰ বাবে ব্যস্ত মৃণ্ময় শিল্পী সকল। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন্ন ৰঙৰ ভিন্ন আকাৰৰ মাটিৰ চাকি নিৰ্মাণ হোৱাৰ লগতে মূৰ্তিও নিৰ্মান হৈ আছে। এইবাৰ লিমকা গিনীজ বুক অব ৰেকৰ্ডত নাম অন্তৰ্ভূক্তি হোৱাৰ দিশে এখন বিশেষ চাকি । 26 অক্টোবৰত দীঘলীপুখুৰী পাৰত এইগচি চাকি প্ৰজ্বলন কৰা হব । কত কেনেকৈ কোনে নিৰ্মাণ কৰিছে মাটিৰ চাকি খন চাওক এই প্রতিবেদন।

Body:পাণ্ডুৰ মৃণ্ময় শিল্পী সুৰজিৎ পাল। সুৰজিৎ পালে প্ৰায় 10 ৰ পৰা 14 জন মানুহৰ সহযোগত নিৰ্মান কৰি আছে বিশ্বৰ ভিতৰতে বৃহৎ মিঠাতেলৰ চাকিগছি। ৮ ফুট ব্যাসৰ এই মাটি চাকি মাটি ,বাঁহ আৰু প্লাষ্টাৰ অব পেৰিছেৰে নিৰ্মিত। প্ৰায় 1000 লিটাৰ মিঠাতেল ধৰি ৰাখিব পৰা ক্ষমতা আছে এইখন মাটিৰ চাকিৰ। আঢ়ৈ ফুট উচ্চতা , ৮ ফুট দীঘল আৰু ৮ ফুট বহল চাকিগছিৰ কাম পূৰ্ণোদ্যমে চলাই আছে এইজন মৃণ্ময় শিল্পী সুৰজিৎ পালে।
Bite:- সুৰজিৎ পাল।
নিৰ্মান কৰি থকা এই মাটিৰ চাকি গচি লিমকা বুক অব ৰেকৰ্ডত নাম অন্তিৰ্ভূক্তিৰ দিশে কাৰণ হাৰিয়ানাত পূৰ্বে বৃহৎ চাকি নিৰ্মাণ হৈছে যদিও অসমৰ লগতে ভাৰতবৰ্ষটো ইয়াৰ পূৰ্বে এনেধৰৰণৰ সৰ্ববৃহৎ মাটিৰ চাকি নিৰ্মাণ কৰা হোৱা নাই। এই মাটিৰ চাকিৰ নিৰ্মাণত খৰচৰ পৰিমাণ প্রায় 30 হাজাৰ টকা বুলি জানিবলৈ দিলে সুৰজিৎ পালে ।
bite:- সুৰজিৎ পাল ।

Conclusion: এই চাকি গচিৰ মূল উদ্দেশ্য একক ব্যৱহাৰ্য প্লাষ্টিক বন্ধ কৰা । 'এক ডিয়া প্ৰকৃতি কে নাম' সূচক শ্লোগানেৰে চাকি গছি প্ৰজ্বলন কৰা হব এইবাৰৰ দেৱালীত দীঘলীপুখুৰী পাৰত। লিমকা বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত হওক বা নহওক পৰিবেশ সুৰক্ষাৰ বাবে লোৱা এই প্ৰদক্ষেপ প্ৰসংশা যোগ্য।
visual , bite, ptc are send through live u
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.