ETV Bharat / city

আইজনী-জীৱন যুঁজৰ অন্য এক নাম - অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত গ্ৰন্থমেলা

বুধবাৰৰ পৰা গুৱাহাটীৰ চানমাৰিস্থিত অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হৈছে 'অসম গ্ৰন্থমেলা' (Book fair in Chanmari) । অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত আয়োজন কৰা হৈছে এই গ্ৰন্থমেলাৰ ৷ এইবাৰ গ্ৰন্থমেলাত পাঞ্চজন্য বুকছে প্ৰকাশ কৰি উলিওৱা 'আইজনী-জীৱন যুঁজৰ অন্য এক নাম'ৰ গ্ৰন্থখনে অসম গ্ৰন্থমেলাত পঢ়ুৱৈৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

Guwahati book fair start from today
আইজনী-জীৱন যুঁজৰ অন্য এক নাম
author img

By

Published : Dec 29, 2021, 10:55 PM IST

গুৱাহাটী, 29 ডিচেম্বৰ : অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাই যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলা(Assam Book Fair in Guwahati)ৰ বাকৰিৰ গ্ৰন্থ বিপনীবোৰত নতুন নতুন গ্ৰন্থ পঢ়ুৱৈ সমাজৰ বাবে মুকলি কৰা হৈছে । গ্ৰন্থমেলাত এইবাৰ পাঞ্চজন্য বুকছে প্ৰকাশ কৰি উলিওৱা 'আইজনী-জীৱন যুঁজৰ অন্য এক নাম'ৰ গ্ৰন্থখনে অসম গ্ৰন্থমেলাত পঢ়ুৱৈৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । লেখিকা চৈয়দা জাফিৰা হায়াতে লিখা গ্ৰন্থখন গ্ৰন্থমেলাৰ বিপণীসমূহত বিশেষকৈ পাঞ্চজন্য বুকছৰ বিপণীত উপলব্ধ আছে ।

আইজনী-জীৱন যুঁজৰ অন্য এক নাম লেখিকা চৈয়দা জাফিৰা হায়াতৰ ছপাৰূপত প্ৰকাশ পোৱা প্ৰথমখন গ্ৰন্থ ৷ তেখেতে গ্ৰন্থখনৰ সন্দৰ্ভত কয় যে, এইখন এখন সামাজিক উপন্যাস, য'ত এগৰাকী স্বাধীনতাৰ ঠিক পূৰ্বৰ নাৰীৰ জীৱনজোৰা সংগ্ৰাম আৰু সুখ-দুখক কেন্দ্ৰ কৰি কাহিনীয়ে গতি কৰিছে | সেই যুগৰ প্ৰায় প্ৰত্যেকগৰাকী নাৰীৰ দৰেই আইজনীয়ে নিজৰ প্ৰাণৰ মানুহজনক আন এগৰাকী নাৰীৰ সৈতে ভগাই ল'বলগীয়া হোৱা স্বত্বেও তেওঁ বুকুত শিল বান্ধি লৈ স্থিতপ্ৰজ্ঞা হৈ নিজৰ কৰ্তব্য পালন কৰি গৈ থাকিল ৷ তেতিয়াৰ যুগত সাধাৰণ কথা বুলি সকলোৱে হেলাৰঙে গ্ৰহণ কৰা সত্যটোক জানো তাহানি যুগৰ নাৰী হ'ল বুলিয়েই সহজে মানি লৈছিল আইজনীৰ হৃদয়ে !

লেখিকা চৈয়দা জাফিৰা হায়াত

নিজৰ শিপা উভালি আনৰ পদুলিত উশাহ ল'বলৈ শিকা নাৰীৰূপী তুলসীজোপাক বুজিবলৈ কাৰোবাৰ আহৰি হয়নে ! আনৰ নহ'লেই যেনিবা, নিজৰ মানুহজনৰ ! ! আইজনীৰ সংগ্ৰামৰ এয়া পিচে আৰম্ভণিহে ৷ 'আইজনী' কাহিনীটোৱে পাৰ হৈ যোৱা শতিকাৰ পৰা বৰ্তমানলৈকে আমাৰ অসমৰ সামাজিক, ৰাজনৈতিক পৰিৱৰ্তনসমূহৰ কথা কৈছে, গাঁৱলীয়া সমাজখন মন্থৰ গতিৰে হ'লেও পশ্চিমীয়া বতাহজাক লগাৰ কথা কৈছে, কৈছে আৰু বহুতো কথা ৷ চমুকৈ ক'বলৈ গ'লে গ্ৰন্থখনত আশী বছৰ পূৰ্বৰ অসমৰ চমু ইতিহাস কোনো বিখ্যাত লোকৰ বিপৰীতে এচাম তেনেই সহজ সৰল গঞা লোকৰ সাধাৰণ জীৱনধাৰাৰ মাধ্যমেৰে পাঠকৰ আগত তুলি ধৰিবলৈ প্ৰয়াস কৰা হৈছে ৷ অসম আৰু অৰুণাচলৰ পটভূমিত ৰচনা কৰা উপন্যাসখনক পাঠক সমাজে আদৰি ল’ব বুলি আশা ব্যক্ত কৰে লেখিকা চৈয়দা জাফিৰা হায়াতে ৷

লগতে পঢ়ক : অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আৰম্ভ হ’ল অসম গ্ৰন্থমেলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.