ETV Bharat / city

ভাল খবৰঃ ৩০ ডিচেম্বৰৰ পৰা ৩৩তম গুৱাহাটী গ্ৰন্থমেলা

author img

By

Published : Nov 12, 2020, 9:35 PM IST

অসম প্ৰকাশন পৰিষদৰ ৩৩তম গুৱাহাটী গ্রন্থমেলা অহা ৩০ ডিচেম্বৰৰ পৰা ২০২১ ৰ ১০ জানুৱাৰীলৈ বাৰদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত আয়োজন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। ক'ভিড-১৯ অতিমাৰীৰ ভয়াবহতাৰ প্রতি লক্ষ্য ৰাখি সকলো সাৱধানতা অবলম্বন কৰি গ্রন্থমেলাৰ সমূহ কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন কৰাৰ পৰিকল্পনা গ্রহণ কৰা বুলি অসম প্ৰকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই এক সংবাদ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে ।

guwahati-33th-book-fair
ভাল খবৰঃ ৩০ ডিচেম্বৰৰ পৰা ৩৩তম গুৱাহাটী গ্ৰন্থমেলা

গুৱাহাটী, ১২ নৱেম্বৰঃ অসম প্ৰকাশন পৰিষদৰ ৩৩তম গুৱাহাটী গ্রন্থমেলা অহা ৩০ ডিচেম্বৰৰ পৰা ২০২১ ৰ ১০ জানুৱাৰীলৈ বাৰদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত আয়োজন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে । ক'ভিড-১৯ অতিমাৰীৰ ভয়াবহতাৰ প্রতি লক্ষ্য ৰাখি সকলো সাৱধানতা অবলম্বন কৰি গ্রন্থমেলাৰ সমূহ কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন কৰাৰ পৰিকল্পনা গ্রহণ কৰা বুলি অসম প্ৰকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই এক সংবাদ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে। এই ক্ষেত্ৰত প্রয়োজনীয় চৰকাৰী অনুমতিৰ বাবে ইতিমধ্যে সকলো যোগাযোগ আৰম্ভ কৰা হৈছে আৰু সচিব কলিতাই আশা প্ৰকাশ কৰিছে যে অহা ৩০ নৱেম্বৰ, ২০২০ৰ পাছত ক'ভিড-১৯ অতিমাৰীৰ কাৰণে আৰোপ কৰা বাধা-নিষেধ বহুখিনি শিথিল হ'ব আৰু গ্রন্থমেলা আয়োজন কৰাৰ বাবে আপেক্ষিকভাৱে অনুকুল পৰিৱেশ আহিব। ইতিমধ্যে পৰিষদে গ্রন্থমেলা আয়োজনৰ সকলো প্রস্তুতি আৰম্ভ কৰিছে আৰু ১৫ ডিচেম্বৰৰ পৰা চানমাৰি খেলপথাৰত মণ্ডপ নির্মাণৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ।

এই গ্রন্থমেলাত অংশগ্রহণ কৰিব খোজা প্রকাশক তথা গ্রন্থ বিপণীসমূহে ১ ডিচেম্বৰৰ পৰা যোগদানৰ আবেদন পত্র সংগ্রহ কৰিব পাৰিব। আবেদনকাৰীসকলে অসম প্রকাশ পৰিষদৰ কাৰ্যালয়ৰ পৰা নতুবা পৰিষদৰ ৱেবছাইট www.publicationboardlassian.comৰ পৰাও এই আবেদনপত্র ডাউনলোড কৰিব পাৰিব। ইছুক প্রকাশক তথা গ্রন্থ বিপণীসমূহে অহা ১০ ডিচেম্বৰৰ ভিতৰত পৰিষদৰ কাৰ্যালয়ত আবেদনপত্র জমা দিব লাগিব। ডাকযোগে প্রেৰণ কৰা আবেদন পত্র গ্রহণৰ অন্তিম তাৰিখ ১২ ডিচেম্বৰ । ক’ভিড-১৯ অতিমাৰী আৰু লকডাউনৰ ফলত গ্রন্থ ব্যৱসায়ীসকলৰ ব্যবসায়িক দিশত হোৱা ক্ষয়-ক্ষতিৰ প্রতি লক্ষ্য ৰাখি ৩৩তম গুৱাহাটী গ্রন্থমেলাত অংশগ্ৰহণ কৰিব খোজা প্রকাশক তথা গ্রন্থ বিপণী আৱণ্টনৰ নিৰিখৰ ক্ষেত্ৰত কিছু ৰেহাই প্রদান কৰাৰ চিন্তাও পৰিষদে কৰিছে । এই ক্ষেত্ৰত পৰিষদে অসমৰ সমূহ গ্রন্থ প্রকাশক আৰু গ্ৰন্থ বিক্রেতাৰ সহযোগিতা কামনা কৰাৰ লগতে সমূহ গ্রন্থপ্রেমীৰ পৰা এই দুর্যোগৰ সময়ত আয়োজন বা গ্রন্থমেলাক আকর্ষণীয় কৰি তোলাৰ ক্ষেত্ৰত আন্তৰিক সহযোগিতা তথা পৰামৰ্শ কামনা কৰিছে প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ।
লগতে পঢ়ক: আলফা (স্বাধীন)ৰ সক্ৰিয় সদস্য দৃষ্টি ৰাজখোৱা সমন্বিতে চাৰিজন সদস্যৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.