গুৱাহাটী, 18 মে’: মহানগৰীৰ কৃত্ৰিম বান (Artificial flood in Guwahati) ৰোধ কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও এইক্ষেত্ৰত বিফল হোৱা পৰিলক্ষিত হৈছে । 26 কোটি টকাৰে মহানগৰীৰ নৈ, নলা নৰ্দমা নিষ্কষণ কৰা হৈছে যদিও এজাক বৰষুণতে কৃত্ৰিম বানৰ সন্মুখীন হ’ব লগা হৈছে মহানগৰবাসী । যাৰ ফল বছৰ বছৰ ধৰি জীয়াতু ভুগি আহিছে মহানগৰবাসী ৷
জি এম চিৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে জি এম চিয়ে মহানগৰীৰ ভিতৰত থকা ভৰলু, বশিষ্ঠ, মৰা ভৰলু, লখিমী জান , বাহিনী নৈ পৰিষ্কাৰৰ কৰাৰ লগতে 476 নলা নৰ্দমা নিষ্কাষণ কৰাৰ লক্ষ্যৰে 26 কোটি টকা ধাৰ্য কৰিছিল । 476 টা নলাৰ ভিতৰত 74 টা বান প্ৰৱণ একেলাৰ নলা যাৰ দৈৰ্ঘ 80,935 মিটাৰ ।
লগতে বিগত বৰ্ষৰ ডিচেম্বৰৰ পৰা এই নিষ্কাষণৰ কাম আৰম্ভ হোৱাৰ লগতে নৈ সমূহৰো নিষ্কাষণৰ লগতে খনন কৰা হৈছে বুলি জানিব পৰা গৈছে । ইতিমধ্যে ভৰলু নৈখন 3 ফুট খনন কৰা হৈছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰি কয় যে, নিষ্কাষণ কৰাৰ 15 দিনৰ ভিতৰতে ভৰলু নৈত পুনৰ প্লাষ্টিক, আৱৰ্জনাৰ লগতে পাহাৰৰ মাটি বৈ আহি ভৰি পৰে ।
ডিচেম্বৰৰ পৰা দুবাৰকৈ ভৰলুখন পৰিষ্কাৰ কৰা হৈছে যদিও পুনৰ আৱৰ্জনাৰে ভৰি পৰিছে । বিশেষকৈ ওচৰ চুবুৰীয়া লোকসকলে আৱৰ্জনাবোৰ ভৰলুত পেলাই দিয়ে ৷ যাৰ ফলত কদৰ্যময় হৈ পৰে ভৰলু নৈ । জনসাধাৰণ সজাগ নোহোৱালৈ এনেদৰে চৰকাৰী ধনৰ অপচয় হৈ থাকিব বুলি মন্তব্য কৰে সূত্ৰটোৱে ।
আনহাতে ভৰলু, বাহিনী, জুৰিপাৰত গাৰ্ড ৱাল নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে বুলি জানিব পৰা গৈছে । এই বছৰৰ অক্টোবৰ পৰা নিৰ্মাণৰ কাম আৰম্ভ হ’ব । ইতিমধ্যে ভূমি পৰীক্ষণ হৈ গৈছে । যাৰ বাবে আনুমানিক 40 কোটিতকৈ অধিক ব্যয় হ’ব । ইপিনে আমবাৰীৰ অগপ কাৰ্যালয়ৰ গাতে লাগি থকা পথটোক কৃত্ৰিম বানমুক্ত কৰাৰ বাবে পথটো ওখকৈ 3 কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি সূত্ৰটোৱে জনায় ৷
লগতে পঢ়ক : কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক