গুৱাহাটী, ১২ ছেপ্টেম্বৰ : ৰাজভঁড়াল টনকিয়াল বুলি ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে দাবী কৰি আহিলেও, মাহৰ ১০ তাৰিখে বিভিন্ন পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ ধন হিতাধিকাৰীৰ বেংক একাউণ্টত সোমালেও ৰাজ্য চৰকাৰৰ বিত্তীয় অৱস্থাযে আজিৰ তাৰিখত বৰ এটা সন্তোষজনক নহয় তাৰ ইংগিত পোৱা গৈছে । কিয়নো মাত্ৰ ডেৰমাহৰ পূৰ্বে নাবাৰ্ডৰ পৰা প্ৰায় ২,৫০০ কোটি টকা ধাৰ ল’বলৈ ৰাজ্য চৰকাৰখনে চুক্তি স্বাক্ষৰিত কৰাৰ পিছত এইবাৰ মুকলি বজাৰৰ পৰা প্ৰায় ছশ কোটি টকা ঋণ ল’বলৈ ড৹ শৰ্মা চৰকাৰ সাজু হৈছে ।
![assam legislative assembly](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-govt-ready-for-borrow-loan-7206058_12092021123941_1209f_1631430581_119.jpg)
বিত্ত বিভাগৰ এক সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ শৰ্মা আৰু বিত্তমন্ত্ৰী অজন্তা নেওগৰ মাজত ইয়াকে লৈ কেইবালানি আলোচনা অনুষ্ঠিত হৈছে ৷ সেইমৰ্মে অৱশেষত মুকলি বজাৰৰ পৰাই ছশ কোটি টকা ধাৰ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । সেই অনুসৰি ষ্টেট ডেভেলপমেণ্ট লোণৰ শিতানত ১৪ ছেপ্টেম্বৰত মুকলি বজাৰৰ পৰা ছশ কোটি টকা অসম চৰকাৰে ঋণ লোৱাৰ বাবে প্ৰস্তুতি চলাইছে ।
যদিওবা ৰাজ্যৰ উন্নয়নৰ নামত এই ঋণ ল’ব খোজা হৈছে কিন্তু "যাৱৎ জীৱেত সুখং জীৱেত, ঋণং কৃত্বা ঘৃতং পিবেত" ৰ দৰে এই ধাৰ কৰা ধনেৰে হিতাধিকাৰীক উপকৃত কৰাৰ ক্ষেত্ৰতো কোনো বাধা নাথাকিব । ১৪ ছেপ্টেম্বৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা অনুষ্ঠিত হ’বলগীয়া বিশেষ নিলামৰ জৰিয়তে অসম চৰকাৰে ছশ কোটি টকাৰ সময় নিৰ্ধাৰিত ঋণ পত্ৰ বিক্ৰী কৰিবলৈ সাজু হৈছে বুলি বিত্ত বিভাগৰ সূত্ৰটোৰ পৰা জানিব পৰা গৈছে ।
![Finance Minister Ajanta Neog](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13041191_ajanta.jpg)
এই ব্যৱস্থা অনুসৰি ৰাজ্য চৰকাৰে ছমাহৰ মূৰে মূৰে ঋণ লোৱা প্ৰতিষ্ঠানসমূহক সুদ পৰিশোধ কৰি থাকিব লাগিব ৷ তদুপৰি পৰৱৰ্তী দহ বছৰৰ ভিতৰত ঋণ লোৱা মূলধন ওভতাই দিব লাগিব । চৰকাৰে এই ঋণ ল’ব পাৰিব ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পঞ্জীয়নভুক্ত বিভিন্ন বেংক, বীমা কোম্পানী আৰু বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ।
লগতে পঢ়ক : প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী