ETV Bharat / city

ভূমিস্খলন প্ৰবন স্থানৰ পৰা মহানগৰবাসীক স্থানান্তৰ কৰাৰ নিৰ্দেশ ৰাজ্য় চৰকাৰৰ

author img

By

Published : Jun 27, 2020, 7:51 PM IST

ৰাজ্য়ত হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ভয়াৱহতাকৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ জিলা উপায়ুক্তক গুৰুত্বপূৰ্ণ নিৰ্দেশ অসম চৰকাৰৰ । গুৱাহাটীৰ ভূমিস্খলনপ্ৰবন অঞ্চলত বসবাস কৰা লোক সকলক শীঘ্ৰেই স্থানান্তৰ নিৰ্দেশ । শনিবাৰে এই কথা সদৰি‌ কৰিছে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ।

Government orders evacuation of landslide area in Guwahati

গুৱাহাটী, 27 জুনঃ ৰাজ্য়ত হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ভয়াৱহতাকৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ ভূমিস্খলনপ্ৰবন অঞ্চলত বসবাস কৰি থকা লোক সকলক শীঘ্ৰেই সেই ঠাই সমূহৰ পৰা স্থানান্তৰ কৰাৰ জিলা উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তক নিৰ্দেশ প্ৰদান ৰাজ্য় চৰকাৰৰ । শনিবাৰে এই কথা প্ৰকাশ‌ কৰিছে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই । লগতে শুকুৰবাৰে গুৱাহাটীৰ ভূমিস্খলনত আহত হোৱা যুৱতীগৰাকীক 70 হাজাৰ টকাৰ সাহাৰ্য আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে বুলিও জানিবলৈ দিয়ে সচিবগৰাকীয়ে ।

আনহাতে সাম্প্ৰতিক বানত ৰাজ্যৰ 15 খন জিলা প্ৰভাৱিত হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে, এই বানত এতিয়ালৈ মুঠ চল্লিশটা মহকুমা ক্ষতিগ্ৰস্ত হৈছে ৷ ইতিমধ্যে NDRF, SDRF ক বানাক্ৰান্তক উদ্ধাৰৰ বাবে নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰে । জলসম্পদ বিভাগৰ দ্বাৰা এইবাৰ কাম কৰাত কিছু পলম হোৱা বুলিও কয় কৃষ্ণই ।

ইপিনে ডিব্ৰুগড়ৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবেও শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু এইটো এটা জিলাখনৰ পুৰণা সমস্যা বুলি কয় ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ।

ৰাজ্যত পুনৰ লক্ ডাউন সন্দৰ্ভত মুখ্য সচিবগৰাকীয়ে কয় যে, গুৱাহাটীত দেওবাৰৰ সন্ধিয়া 7 বজাৰ পৰা লক্ ডাউন আৰম্ভ হ'ব । ইয়াৰ বাবে ৰাইজৰ সহযোগিতাও কামনা কৰে সচিবগৰাকীয়ে । লগতে লক্ ডাউনৰ সুযোগলৈ যাতে কোনো ব্যৱসায়ীয়ে মূল্য বৃদ্ধি কৰিব নোৱাৰে তাৰ বাবে জিলা উপায়ুক্তক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা দিয়া হৈছে বুলি স্পষ্ট কৰি দিয়ে ।

অনিদিষ্ট কালৰ বাবে সান্ধ্য আইন সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈ গুৱাহাটীৰ লগতে সমগ্ৰ অসমতে প্ৰযোজ্য হ'ব বুলি কয় । শ্ৰমিকসকলৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে সচিবগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.