ETV Bharat / city

GMCH suicide case : ৰহস্যৰ আৱৰ্তত জিএমচিএইচৰ টেকনিচিয়ানৰ আত্মহত্যাৰ ঘটনা - হৃদ বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হৃদ-বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰত টেকনিচিয়ান হিচাপে কৰ্মৰত পাপু দাসে বিষাক্ত ইনজেকশ্যন লৈ আত্মহনন কৰাৰ পাছতে কেতবোৰ বিষয় চৰ্চালৈ আহিছিল(GMCH technician commits suicide) । কেন্দ্ৰটোৰ সঞ্চালক বসন্ত কুমাৰ বৈশ্যই এই সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । জ্যেষ্ঠ বিষয়াৰে পাপু দাসৰ মতানৈক্যৰ কথা অস্বীকাৰ সঞ্চালকৰ ।

GMCH technician commits suicide
ৰহস্যৰ আৱৰ্তত জিএমচিএইচৰ টেকনিচিয়ানৰ আত্মহত্যাৰ ঘটনা
author img

By

Published : Oct 14, 2022, 5:45 PM IST

গুৱাহাটী, ১৪ অক্টোবৰ: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হোৱা আত্মহত্যা ঘটনাৰ ৰহস্য এতিয়াও উদ্ধাৰ হোৱা নাই(GMCH technician commits suicide) । উল্লেখ্য যে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ(Gauhati Medical College and Hospital) হৃদ-বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰত বৃহস্পতিবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এজন টেকনিচিয়ানে বিষাক্ত ইনজেকশ্যন লৈ আত্মহত্যা কৰিছিল(Employee commits suicide at GMCH) । হাস্পতালখনৰ হৃদ-বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰত টেকনিচিয়ান হিচাপে কৰ্মৰত পাপু দাসে বিষাক্ত ইনজেকশ্যন লৈ আত্মহনন কৰাৰ পাছতে কেতবোৰ বিষয় চৰ্চালৈ আহিছিল(GMCH Employee commits suicide due to toxic injection) ।

হৃদ-বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰৰ সঞ্চালক বসন্ত কুমাৰ বৈশ্য

কিছুদিন পূৰ্বে কামত যোগদান কৰা প‍াপু দাসৰ জ্যেষ্ঠ বিষয়াৰ সৈতে মনোমালিন্য হৈছিল । ইয়াৰ পাছতে তেওঁ বিষাক্ত ইনজেকশ্যন গ্ৰহণ কৰি আত্মহত্যা কৰে বুলি অভিযোগ উত্থাপন হৈছে । এনে চৰ্চাৰ মাজতে সমগ্ৰ ঘটনা সন্দৰ্ভত কেন্দ্ৰটোৰ সঞ্চালক বসন্ত কুমাৰ বৈশ্যই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । সঞ্চালক বসন্ত কুমাৰ বৈশ্যই জ্যেষ্ঠ বিষয়াৰে পাপু দাসৰ মতানৈক্যৰ কথা অস্বীকাৰ কৰিছে । তেওঁ কয় যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকেও কোনো অভিযোগ উত্থাপন কৰা নাই ।

GMCH technician commits suicide
ৰহস্যৰ আৱৰ্তত জিএমচিএইচৰ টেকনিচিয়ানৰ আত্মহত্যাৰ ঘটনা

সঞ্চালক বৈশ্যই সদৰী কৰা অনুসৰি, এই পৰ্যন্ত হৃদ-বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰাও কোনো এজাহাৰ দাখিল কৰা হোৱা নাই । ১৯ আগষ্টত কৰ্মত যোগদান কৰা পাপু দাসে কিয় আত্মহত্যা কৰিলে সেই ঘটনা এতিয়াও স্পষ্ট হোৱা নাই । অৱশ্যে সঞ্চালক বসন্ত কুমাৰ বৈশ্যই এই ঘটনাৰ বিভাগীয় তদন্তৰ আশ্বাস প্ৰদান কৰিছে । তদন্ত সঠিক দিশত আগবাঢ়িলেহে প্ৰকৃত কাৰণ জানিব পৰা যাব । নলবাৰীৰ কমাৰকুছিৰ পাপু দাসে কি কাৰণত বিষাক্ত ইনজেকশ্যন লৈ আত্মহত্যা কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্ততে আছে ।

লগতে পঢ়ক: GMCH suicide case : বিষাক্ত বেজী লৈ GMCH ত আত্মহত্যা কৰ্মচাৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.