ETV Bharat / city

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তক সাক্ষাৎ গৌৰৱ গগৈৰ - ভাস্কৰ জ্যোতি মহন্তক সাক্ষাৎ কৰে গৌৰৱ গগৈয়ে

অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তক সাক্ষাৎ কৰে সাংসদ গৌৰৱ গগৈয়ে ৷ প্ৰতিবাদৰ সময়ত ধ্বংসাত্মক কাৰ্যত কংগ্ৰেছ কৰ্মী লিপ্ত হোৱাটো অপবাদ বুলি জনাই গগৈয়ে ৷

ভাস্কৰ জ্যোতি মহন্তক সাক্ষাৎ গৌৰৱ গগৈৰ
গৌৰৱ গগৈ
author img

By

Published : Dec 18, 2019, 9:29 PM IST

গুৱাহাটী,18 ডিচেম্বৰ : ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অৱগত কৰাৰ উদ্দেশ্যে সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ এটা দলে বুধবাৰে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তক সাক্ষাৎ কৰে। এই সাক্ষাতৰ পাচতে সংবাদ মাধ্যমৰ আগত গৌৰৱ গগৈয়ে মন্তব্য কৰে যে,প্ৰতিবাদৰ সময়ত ধ্বংসাত্মক কাৰ্যত কংগ্ৰেছ কৰ্মী লিপ্ত হোৱাটো অপবাদ। কংগ্ৰেছক বদনাম কৰাৰ বাবেই বিজেপিয়ে এনেদৰে কংগ্ৰেছৰ নাম সাঙুৰিব চেষ্টা কৰিছে বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে ৷

প্ৰতিবাদত গুলীবিদ্ধ হোৱা বৰা-কলিতা সকলৰ নাম হিমন্ত বিশ্ব শৰ্মাই নলয় বুলি কটাক্ষ কৰে গৌৰৱ গগৈয়ে ৷ গগৈয়ে আশংকা ব্যক্ত কৰি কয় যে,প্ৰতিবাদৰ নামত হোৱা ধবংসাত্মক কাৰ্য-কলাপত বিজেপিৰ সহযোগী সংগঠনহে জড়িত আছে। অসমীয়া জাতি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে স্বত‌:স্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছে বুলি মন্তব্য কৰাৰ লগতে গুলিবিদ্ধ বহু লোকৰ নাম আৰক্ষী সঞ্চালক প্ৰধানজনক পঢ়ি শুনাই গৌৰৱ গগৈয়ে । ধ্বংসাত্মক কাৰ্য-কলাপত যদি কংগ্ৰেছৰ কোনো লোক জড়িত আছে তেন্তে তেনে লোকক ৰাজ্য চৰকাৰে গ্ৰেপ্তাৰ কৰিব লাগে বুলিও কয় গগৈয়ে।
কংগ্ৰেছৰ এটা দলে আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে বুধবাৰে মানৱ অধিকাৰ আয়োগ আৰু মুখ্য সচিবকো সাক্ষাৎ কৰে। লগতে সমগ্ৰ ঘটনাৰ ওপৰত সাংসদগৰাকীয়ে এক ন্যায়িক তদন্ত দাবী কৰে ৷
আৰু পঢ়ক : বাতিল কৰা হৈছে ৰে'ল সেৱা

Intro:কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে আৰক্ষী সঞ্চালক প্ৰধান, মানৱ অধিকাৰ আয়োগ আৰু মুখ্য সচিবক সাক্ষাৎ কৰি ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অৱগত কৰে

Body:সংসদ গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ এটা দলে বুধবাৰে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তক সাক্ষাৎ কৰে। গৌৰৱ গগৈয়ে ভাস্কৰ জ্যোতি মহন্তক সাক্ষাৎ কৰি উঠি সংবাদ মাধ্যমৰ আগত কয় যে প্ৰতিবাদৰ সময়ত ধবংস কাৰ্যত কংগ্ৰেছ কৰ্মী লিপ্ত হোৱা সম্পূৰ্ণভাবে অপবাদ। কংগ্ৰেছক বদনাম কৰাৰ বাবে কংগ্ৰেছৰ নাম লৈছে বিজেপিৰ নেতাই। প্ৰতিবাদত গুলীবিদ্ধ হোৱা বৰা -কলিতা সকলৰ নাম হিমন্ত বিশ্ব শৰ্মাই নকয়। লগতে গৌৰৱ গগৈয়ে আশংকা ব্যক্ত কৰি কয় যে প্ৰতিবাদৰ নামত হোৱা ধবংসাত্মক কাৰ্য-কলাপত ভাৰতীয় জনতা পাৰ্টিয়ে সহযোগী সংগঠনত জড়িত আছিল। চৰকাৰে কংগ্ৰেছৰ লগত এক বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি লৈছে। অসমীয়া জাতি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে স্বত‌:স্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছে। গুলীবিদ্ধ বহু লোকৰ নাম আৰক্ষী সঞ্চালক প্ৰধানক পঢ়ি শুনোৱাৰ কথাও কলে
সাংসদ গৌৰৱ গগৈয়ে। ধবংসাত্মক কাৰ্য-কলাপত যদি কংগ্ৰেছৰ কোনো জড়িত আছে তেন্তে তেনে লোকক গ্ৰেপ্তাৰ কৰক ৰাজ্য চৰকাৰে। লগতে সমগ্ৰ ঘটনাৰ ওপৰত সাংসদ গৰাকীয়ে এক ন্যায়িক তদন্ত বিচাৰে।

উল্লেখযোগ্য যে মঙ্গলবাৰে ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰত সংবাদ মেলৰ আয়োজন কৰি এক বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি মন্তব্য কৰিছিল। যোৱা ১১ ডিচেম্বৰত দিছপুৰস্থিত জনতা ভৱনত অজস্ৰ প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ কৰিব ওলাই আহিছিল। আৰু তাৰ মাজৰ পৰা যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীৰ নাম উল্লেখ কৰে। লগতে প্ৰতিবাদকাৰীৰ মাজত ইজনে সিজনক হাত মিলোৱাকলৈও মন্তব্য কৰে। ইয়াৰোপৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বিস্ফোৰক মন্তব্য আগবঢ়াই কয় যে প্ৰতিবাদৰ সময়ছোৱাত ধ্বংসাত্মক কাৰ্যকলাপ সমূহ এগৰাকী বুদ্ধিজীৱীৰ উচতনিতে হৈছিল।

Conclusion:কংগ্ৰেছৰ এটা দলে আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে বুধবাৰে মানৱ অধিকাৰ আয়োগ আৰু মুখ্য সচিবক সাক্ষাৎ কৰে।

Asrar Ansari
গুৱাহাটী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.