গুৱাহাটী 16 মে’: গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই শেহতীয়াভাৱে গুৱাহাটীত জাৱৰ সংগ্ৰহৰ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । অৱশ্যে বৰ্তমানলৈ এই সিদ্ধান্ত গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই(Guwahati Municipal Corporation) কাৰ্যকৰী কৰা নাই ।
গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই বেচৰকাৰী সংস্থাৰ দ্বাৰা ঘৰে ঘৰে সংগ্ৰহ কৰা আৰু বাণিজ্যিক প্ৰতিষ্ঠানৰ পৰা সংগ্ৰহ কৰা জাৱৰৰ বাবদ নিৰ্ধাৰণ কৰা মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে । প্ৰতিঘৰ মানুহৰ পৰা সংগ্ৰহ কৰা জাৱৰৰ বাবদ গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই বেচৰকাৰী সংস্থাৰ দ্বাৰা ৩০ টকা মাচুল আদায় কৰিছিল ।
![Garbage collection charges to go up soon in Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-increasegarbagecollectionfees-gmc-7210645_16052022140558_1605f_1652690158_509.jpg)
এতিয়া এই মাচুলৰ পৰিমাণ ৫০ টকা পৰ্যন্ত বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে । আকৌ বাণিজ্যিক প্ৰতিষ্ঠানৰ পৰা সংগ্ৰহ কৰা জাৱৰৰ বাবদ মাচুল ২০ টকাৰ পৰা ১০০ টকা পৰ্যন্ত বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে । যোৱা দুবছৰত ইন্ধনৰ দাম বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জাৱৰ সংগ্ৰহ কৰা বেচৰকাৰী সংস্থাবোৰৰ হেঁচাত পৌৰ নিগম কৰ্তৃপক্ষই এই মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
![Garbage collection charges to go up soon in Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-increasegarbagecollectionfees-gmc-7210645_16052022140558_1605f_1652690158_649.jpg)
এই সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই(Guwahati Municipal Corporation mayor Mrigen Sarania) কয় যে ২০১৪ চনতে গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই বেচৰকাৰী সংস্থাৰ দ্বাৰা ঘৰে ঘৰে সংগ্ৰহ কৰা আৰু বাণিজ্যিক প্ৰতিষ্ঠানৰ পৰা জাৱৰ সংগ্ৰহ কৰাৰ মাচুল বৃদ্ধি নিৰ্ধাৰণ কৰিছিল । সেই মাচুল যোৱা ৭-৮ বছৰে বৃদ্ধি কৰা হোৱা নাই ।
এতিয়া জাৱৰৰ নিষ্কাষণৰ কাম পূৰ্বতকৈ ভালকৈ কৰাৰ বাবে জাৱৰ সংগ্ৰহৰ মাচুল সামান্যহে বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে । তেওঁ জনায় এইবাৰৰ পৰা মহানগৰীৰ আত্মসহায়ক গোটসমূহক জাৱৰৰ সংগ্ৰহৰ দায়িত্ব দিয়া হ'ব । এই সন্দৰ্ভত গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই ইতিমধ্যে নিবিদা আহ্বান কৰাৰ কাম সম্পন্ন কৰিছে বুলি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই জনায় ।
লগতে পঢ়ক : ধনৰ অভাৱত শক্তিহীন গুৱাহাটী পৌৰ নিগম