নিউজ ডেস্ক, 1 আগষ্ট : আজি আগষ্ট মাহৰ প্ৰথমটো দিন আৰু প্ৰথমটো দেওবাৰ, এই প্ৰথম দেওবাৰৰ আছে এটা সুকীয়া বৈশিষ্ট ৷ সমগ্ৰ বিশ্বতে আগষ্ট মাহৰ প্ৰথমটো দেওবাৰক বন্ধুত্বৰ দিৱস(International friendship day) হিচাপে পালন কৰা হয় ৷ পিছে এইবেলি বন্ধুত্বৰ এই বিশেষ দিনোটোত নাথাকিব পূৰ্বৰ সেই মাদকতা ৷ ফ্ৰেণ্ডশ্বিপ ডে’ৰ বিশেষ ফ্ৰেণ্ডশ্বিপ বেণ্ড(Friendship band)ৰ বজাৰ এতিয়া চেনিটাইজাৰ(senitizer) আৰু মাস্কে(face mask) দখল কৰিছে ৷
1935 চনত আমেৰিকান চৰকাৰে(America Govt) এজন লোকক হত্যা কৰিছিল । দিনটো আছিল আগষ্ট মাহৰ প্ৰথমটো শনিবাৰ । লোকজনৰ এজন বন্ধুৱে পিছদিনা হত্যাৰ প্ৰতিবাদ কৰি আত্মহত্যা কৰিছিল । তেতিয়াৰ পৰাই সমগ্ৰ বিশ্বতে বন্ধুবৰ্গৰ অৱদানক সন্মান জনাই আগষ্ট মাহৰ প্ৰথম দেওবাৰে বন্ধুত্ব দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
সাধাৰণতে আমি ‘ৰাখী’ (Rakhi)ৰ জনপ্ৰিয়তাক বন্ধুত্বৰ লক্ষণ বা ভাতৃত্ববোধৰ বন্ধন হিচাপে গণ্য কৰো । সেই অনুযায়ী বন্ধুত্ব দিৱসতো বন্ধুত্বৰ বাবে থকা সুকীয়া ৰাখীসদৃশ বেণ্ডটো অধিক মূল্যৱান । লগতে বন্ধুত্ব দিৱসত বন্ধুৰ মাজত হালধীয়া গোলাপ ফুল আৰু কাৰ্ডৰো আদান-প্ৰদান হয় ৷ কিয়নো হালধীয়া ৰঙে বন্ধুত্বৰ প্ৰতীকক প্ৰতিফলিত কৰে ৷
সমগ্ৰ দেশতে মূলত হিন্দী ছবিয়ে প্ৰদৰ্শন কৰা ধাৰা অনুযায়ী বিগত কেইবা দশক ধৰি বন্ধুত্বৰ দিৱসে লাভ কৰি আহিছে এটা সুকীয়া চিনাকি ৷ 1998 চনত কৰণ জোহৰে(Karan Johar) নিৰ্মাণ কৰা বিখ্যাৎ ছবি কুছ্ কুছ্ হ্যোতা হ্যে(Kuch Kuch Hota hein)ত ফ্ৰেণ্ডশ্বিপ ডে’ আৰু ফ্ৰেণ্ডশ্বিপ বেণ্ড(Friendship band)ক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছিল ৷ ইয়াৰ পৰৱৰ্তী সময়ত স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰী, ডেকা-গাভৰুৰ মাজত এই বিশেষ দিনটোৰ জনপ্ৰিয়তা যেন আৰু অধিক বৃদ্ধি পাইছিল ৷
বিগত বৰ্ষত পৃথিৱীৰ অসুখে সমগ্ৰ মানৱ জাতিক আৱৰি ধৰাৰ সময়তো সম্পূৰ্ণৰূপে ম্লান পোৱা নাছিল ফ্ৰেণ্ডশ্বিপ ডে’ৰ মাদকতাই ৷
পিছে, এইবেলি পৰিৱেশ সুকীয়া প্ৰিয় বন্ধুক এডাল ফ্ৰেণ্ডশ্বিপ বেণ্ড হাতত বান্ধি দিয়াৰ বাবে এসময়ত দোকানত ভিৰ কৰা নৱ প্ৰজন্মৰ গ্ৰাহক কিম্বা পদপথত বিশেষ দিনটোৰ বাবে সজোৱা দোকান এইবেলি পৰিলক্ষিত হোৱা নাই ৷ অৱশ্যে, স্মাৰ্টফোন(smartphone) কিম্বা সামাজিক মাধ্যমৰ আগমনৰ লগে লগেই এই ধাৰাৰ পৰিৱৰ্তন হৈছিল যদিও, কৰ’ণা মহামাৰী(Pandemic Corona)য়ে যেন বিশেষ দিনটোৰ ধাৰণাই সলনি কৰি দিলে ৷ অৱশ্যে, এতিয়াও সকলো আশাবাদী যে বন্ধু আৰু বন্ধুত্ব থকালৈকে প্ৰতিটো দিনেই হৈ ৰ’ব বন্ধুত্বৰ দিৱস ৷
লগতে পঢ়ক : বন্ধুত্ব উদযাপনৰ বিশেষ দিনটো মনত আছেনে?