ETV Bharat / city

উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সাজু প্ৰায় ১৭ লাখ বিনামূলীয়া পাঠ্যপুথি

উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সাজু প্ৰায় ১৭ লাখ বিনামূলীয়া পাঠ্যপুথি (Free textbook distribution for higher secondary students ) ৷ প্ৰথম পৰ্যায়ত ৯ খন জিলাত চৰকাৰৰ শিক্ষা বিভাগে বিলালে পাঠ্যপুথি ৷

author img

By

Published : May 29, 2022, 9:43 PM IST

Free textbook distribution programme launched for higher secondary students
আৰম্ভ হ’ল বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচী

গুৱাহাটী, 29মে’: আগন্তুক জুন মাহৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক ছাত্ৰ-ছাত্ৰীৰ পাঠদান কাৰ্যসূচী । ইতিমধ্যে চৰকাৰৰ শিক্ষা বিভাগে মহাবিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ বাবে সাজু হৈছে । দেওবাৰে মহানগৰীৰ নাৰেংগীৰ বোন্দাস্থিত ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ (Assam State Textbook Production And Publication Corporation) কেন্দ্ৰীয় ভঁৰালৰ পৰা শুভাৰম্ভ কৰা হয় পাঠ্যপুথি বিতৰণৰ প্ৰথমটো কাৰ্যসূচী (Free textbook distribution program launched ) ।

এই উপলক্ষে অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ অধ্যক্ষ দেবানন্দ হাজৰিকাই ফ্লেগ অফ কৰি পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়া মতে, প্ৰথম পৰ্যায়ত এই কাৰ্যসূচী অনুসৰি লখিমপুৰ, ধেমাজি, ধুবুৰী, গোৱালপাৰা, মৰিগাঁও, শিৱসাগৰ আদিকে ধৰি মুঠ 9 খন জিলাত প্ৰায় 5 লাখ বিনামূলীয়া পাঠ্যপুথি প্ৰেৰণ কৰা হয় (Free textbook distribution for higher secondary students ) ।

জুন মাহৰ প্ৰথম সপ্তাহৰ পৰা হ’বলগীয়া ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ প্ৰতি লক্ষ্য ৰাখি অতি সোনকালে আন আন জিলা সমূহতো বিনামূলীয়া পাঠ্যপুথি প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে নিগমৰ অধ্যক্ষ গৰাকীয়ে । ইয়াৰ বাবে প্ৰয়োজন হ’বলগীয়া প্ৰায় 16 লাখ 54 হাজাৰ 327 খন পাঠ্যপুথি ইতিমধ্যে বাকী থকা জিলা সমূহত প্ৰেৰণৰ বাবে সাজু কৰি ৰখা হৈছে বুলি জানিবলৈ দিয়ে পাঠ্যপুথি প্ৰণয়ন নিগম লিমিটেডে ।

আজিৰ এইপাঠ্যপুথি বিতৰণৰ শুভাৰম্ভ কাৰ্যসূচীত ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ পৰিচালন সঞ্চালক এন এন চৌধুৰী, মহাপ্ৰবন্ধক এ কে খাউণ্ড আৰু বাণিজ্যিক প্ৰবন্ধক আৰ চি শৰ্মাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক : অসমত এতিয়া দুজন 'চীফ' আছে : ভূপেন বৰা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.