ETV Bharat / city

চাহ বাগানৰ চিকিৎসালয়লৈ বিনামূলীয়া ঔষধ যোগান আঁচনি - উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মঙলবাৰে শংকৰদেৱ কলাক্ষেত্ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত চাহ বাগানৰ চিকিৎসালয়সমূহৰ বাবে বিনামূলীয়া ঔষধ যোগান আঁচনি ঘোষণা কৰা হয়। এই আঁচনিখনৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,মন্ত্ৰী ৰামেশ্বৰ তেলী,ৰাজ্যসভাৰ সদস্য কামাখ্যা প্ৰসাদ তাছা, মন্ত্ৰী পীযুষ হাজৰিকাকে দৰি আৰু বহু কেইজন বিশিষ্ট ব্যক্তি ৷

শংকৰদেৱ কলাক্ষেত্ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ
author img

By

Published : Sep 25, 2019, 1:24 PM IST

গুৱাহাটী, 25 ছেপ্টেম্বৰ : মঙলবাৰে শংকৰদেৱ কলাক্ষেত্ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত চাহ বাগানৰ চিকিৎসালয়সমূহৰ বাবে বিনামূলীয়া ঔষধ যোগান আঁচনি ঘোষণা কৰা হয়। এই আঁচনিখনৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,মন্ত্ৰী ৰামেশ্বৰ তেলী,ৰাজ্যসভাৰ সদস্য কামাখ্যা প্ৰসাদ তাছা, ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি ৷

চাহ বাগানৰ চিকিৎসালয়লৈ বিনামূলীয়া ঔষধ যোগান আঁচনি

এই আঁচনিৰ উদ্বোধনৰ সময়ত প্ৰদান কৰা ভাষণত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে, শ্ৰমিকৰ আবাসগৃহ নিৰ্মাণ কৰিবৰ বাবে 600 কোটি টকাৰ অনুমোদন জনোৱা হৈছিল আৰু ইয়াৰে 300 কোটি টকা বৰ্তমানলৈকে ব্যয় কৰা হৈছে ৷ তাৰোপৰি, গৰ্ভৱতী মহিলাক 12,000 টকাকৈ প্ৰদান কৰা হৈছে ৷ এই সাহায্য বৰ্তমান 230 গৰাকী মহিলাই লাভ কৰিছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী শৰ্মাই ৷ টীয়ক চাহ বাগানত সংঘটিত হোৱা চিকিৎসক দেৱেন দত্তৰ হত্যাকাণ্ডৰ বাবে নিজকে দায়ী বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ 5000 জনকৈ শ্ৰমিকৰ মাজত কেৱল এজন চিকিৎসক নিয়োগ কৰিলে এনেধৰণৰ বিপদৰ সন্মুখীন হ'বলগীয়া হয় বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

চাহ বাগিচাৰ বাবে লোৱা এনে আঁচনিৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে । লগতে চাহ বাগানৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পঢ়াৰ ধাউতি বৃদ্ধি কৰিবৰ বাবে অভিভাৱকসকলক বিশেষ যত্ন ল'বলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী সোণোৱালে ৷ এইক্ষেত্ৰত চাহ বাগিচাৰ মালিক,মেনেজাৰকো দায়িত্ব ল'বলৈ আহ্বান জনোৱা হয় ৷

Intro:মংগলবাৰে শংকৰদেৱ কলাক্ষেত্ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত চাহ বাগানৰ চিকিৎসালয়সমূহত বিনামূলীয়া ঔষধৰ যোগান আঁচনি ঘোষণা কৰা হয় । এই আঁচনিখনৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত, স্বাস্থ্য আদি বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্য সভাৰ সদস্য কামাখ্যা প্ৰসাদ তাছা,পিজুছ হাজৰিকা আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি।

চাহ বাগিচাৰ বাবে এনেধৰণৰ আঁচনি লোৱাৰ বাবে ধন্যবাদ জনাই ৰামেশ্বৰ তেলী।

Body:এই আঁচনিৰ উদ্বোধনৰ নিজৰ ভাষণত স্বাস্থ্য, বিত্ত আদি বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে শ্ৰমিকৰ লাইন বনাবৰ বাবে ৬০০ কোটি টকাৰ অনুমোদন কৰিছিলোঁ। প্ৰথম বাৰৰ বাবে ইমান বেছি পুঁজি অনুমোদন কৰা হৈছে চাহ বাগিচাৰ বাবে। ইয়াৰে ইতিমধ্যে ৩০০ কোটি টকা ব্যয় কৰা হৈছে ।

ইয়াৰোপৰি চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ সু স্বাস্থ্যৰ বাবে প্ৰতিগৰাকী গৰ্ভৱতী মহিলাৰ হাতত ১২,০০০ টকাকৈ তুলি দিয়া হৈছে। ইতিমধ্যে ২৩০ গৰাকীৰ নাম পঞ্জীয়ন হৈছে।

টীয়ক চাহ বাগিছাৰ চিকিৎসালয়ত চিকিৎসক দেৱেন দত্তৰ ঘটনাৰ সন্দৰ্ভত কয় যে অপৰাধ মূলক ঘটনা,সামাজিক অৱক্ষয় আদিৰ বাবে আমি দায়ী । ইয়াৰ বাবে বিকাশ আৰু বিকাশৰ প্রয়োজন। অপৰাধ মূলক প্ৰত্যুত্তৰ আইনৰ জৰিয়তেও হব আৰু মমতাৰ জৰিয়তেও হব। ৫০০০ শ্ৰমিকৰ ভিতৰত মাজত ১জন চিকিৎসক দিলে দুয়োজনলৈ বিপদ হব ।

Conclusion:ইফালে চাহ বাগিচাৰ বাবে লোৱা এই আঁচনিৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হিমন্ত বিশ্ব শৰ্মাৰ লগতে পিয়ুছ হাজৰিকাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে । লগতে চাহ বাগিচাৰ পুত্ৰ-কন্যাক পঢ়াৰ বাবে ধাউতি বৃদ্ধি কৰিবৰ বাবে অভিভাৱকসকলক বিশেষ যত্ন লবলৈ আহ্বান জনায় । এইক্ষেত্ৰত চাহ বাগিচাৰ মালিক, মেনেজাৰাকো দায়িত্ব লবলৈ আহ্বান জনায় ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.