ETV Bharat / city

Land grabbing allegation: মুখ্যমন্ত্ৰীক কি প্ৰত্যাহ্বান জনালে ভূপেন বৰাই ?

author img

By

Published : Dec 9, 2021, 5:53 PM IST

Updated : Dec 9, 2021, 6:07 PM IST

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে চৰকাৰী ভূমি বেদখল কৰাৰ অভিযোগত এতিয়া উত্তাল হৈছে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ(Assam CM family in controversy for alleged involvement in land grabbing) ৷ এই সন্দৰ্ভত প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া (Bhupen Bora Reacts on land grabbing controversy of CM family) । জানো আহক মুখ্যমন্ত্ৰীক কি প্ৰত্যাহ্বান জনালে ভূপেন বৰাই ৷

following-land-grabbing-controversy-of-cm-family-apcc-president-bhupen-bora-challenges-cm-himanta
Land grabbing allegation: মুখ্যমন্ত্ৰীক কি প্ৰত্যাহ্বান জনালে ভূপেন বৰাই ?

গুৱাহাটী, ৯ ডিচেম্বৰ : ''মুখ্যমন্ত্ৰীৰ পৰিয়ালে নীতি বহিৰ্ভূতভাৱে চৰকাৰী ভূমি বেদখল কৰা ঘটনা অসমৰ ৰাজনৈতিক ইতিহাসৰ এক নজিৰ বিহীন ঘটনা আৰু এই ঘটনাই সমগ্ৰ অসমবাসীৰ বাবে শিৰণত কৰা এটা পৰিৱেশৰ সৃষ্টি কৰিছে(Assam CM family in controversy for alleged involvement in land grabbing) ।'' মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে অবৈধভাৱে চৰকাৰী ভূমি দখল কৰাৰ অভিযোগ আনি দুটাকৈ সংবাদ গোষ্ঠীয়ে প্ৰকাশ কৰা বাতৰিৰ প্ৰতিক্ৰিয়াত এইদৰে কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই(Bhupen Bora on land grabbing controversy of CM family) ।

তেওঁ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই কয় যে, চৰকাৰী ভূমি বেদখল কৰাৰ ক্ষেত্ৰত যদি তেখেতৰ পৰিয়ালৰ লোক জড়িত নহয় তেন্তে, এই অভিযোগ অনা নিৰ্দিষ্ট সংবাদ মাধ্যমৰ বিৰুদ্ধে মানহানিৰ গোচৰ দিয়ক( APCC president Bhupen Bora challenges CM Himanta) ৷ যদি সঁচাকৈয়ে চৰকাৰী মাটি দখল কৰিছে, তেন্তে অসমৰ ৰাইজৰ ওচৰত আঁঠু লৈ ক্ষমা খোজক বুলিও মুখ্যমন্ত্ৰীক তীব্ৰ প্ৰত্যাহ্বান জনালে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

তেওঁ কয় যে, ২০০৭ চনত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নেতৃত্বত জন্ম হোৱা 'আৰ বি এছ ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেড(RBS Realtors Private Limited) ' নামৰ সংস্থাটোয়ে গুৱাহাটীৰ বিমানবন্দৰৰ ওচৰৰ বঙৰাত ১৮ একৰ মাটিৰ ৬.৯২ একৰ চিলিং চাৰপ্লাছ লেণ্ড মাত্ৰ চাৰি পাঁচ মাহৰ ভিতৰত কিনি লৈছিল । 'চিলিং চাৰপ্লাছ লেণ্ড(Ceiling surplus land)' হৈছে ভূমিহীন ব্যক্তিৰ বাবে আৰু এই মাটি যদি কোনো ভূমিহীন লোকে বিক্ৰী কৰিবলগীয়া হয় তেন্তে তেওঁ অতি কমেও দহ বছৰ সেই মাটিত থাকিব লাগিব ।

কিন্তু, মুখ্যমন্ত্ৰীৰ পৰিয়ালে এই সকলো নিয়ম উলংঘা কৰি এই মাটি ক্ৰয় কৰিছিল বুলিও অভিযোগ উত্থাপন কৰে বৰাই । উল্লেখযোগ্য যে, এই মাটিখিনি ২০০৯ চনৰ ভিতৰত ক্ৰয় কৰা হৈছিল আৰু সেইখিনি সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকী ৰাজ্যৰ এগৰাকী মন্ত্ৰী হৈ আছিল। 'আৰ বি এছ ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেড'ৰ দ্বিতীয় গৰাকী মালিক হৈছে ৰঞ্জিত ভট্টাচাৰ্য । মন কৰিব লগীয়া যে ভট্টাচাৰ্য, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ আৰু বিজেপিৰ ৰাজ্যিক কিষান মৰ্চাৰ সভাপতি । এতিয়া এই সমগ্ৰ ঘটনাৰ ওপৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ স্থিতি স্পষ্ট কৰিবলৈ মুকলি প্ৰত্যাহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক : Land grabbing allegation: মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীৰ বিৰুদ্ধে তদন্তৰ দাবী ৰাইজৰ দলৰ

Last Updated : Dec 9, 2021, 6:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.