গুৱাহাটী, 4 আগষ্ট : বানপানীৰ চূড়ান্ত প্ৰতিবেদন মতে, চলিত বছৰৰ দুটাকৈ বানপানীত ৰাজ্যৰ 35 খন জিলাত 3 লাখতকৈ অধিক ঘৰ ক্ষতিগ্ৰস্ত হৈছে (Flood damages in Assam) । এই ক্ষতিৰ পৰিমাণ 122 কোটি 74 লাখ টকা নিৰ্ধাৰণ কৰা হৈছে (Compensation for flood affected people) । বৃহস্পতিবাৰে জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগ তথা ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহনে সংবাদমেলত এই তথ্য সদৰী কৰে ।
তেওঁ কয় যে, ৰাজ্যৰ জিলা উপায়ুক্ত সকলৰ আৰু বিভাগীয় মন্ত্ৰী সকলৰ বানপানীত ক্ষতিগ্ৰস্তৰ চূড়ান্ত প্ৰতিবেদনৰ ভিত্তিত এই তথ্য সদৰি কৰা হৈছে (Report on flood damages)। এই ক্ষতিগ্ৰস্ত ঘৰবোৰৰ ভিতৰত 5532 টা পকী ঘৰ সম্পূৰ্ণ বানপানীত জাহ গৈছে । আনহাতে 3 হাজাৰ 313 টা পকী, 1 লাখ 53 হাজাৰ 774 টা কেঁচা ঘৰ, 35 হাজাৰ 625 টা পকী ঘৰ আৰু 8 হাজাৰ 753 টা পশু গৃহ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে ।
তেওঁ জনায় যে, অহা 15 আগষ্টৰ আগেয়ে এই ক্ষতিৰ পৰিমাণ নিৰ্ধাৰণ কৰা 122 কোটি 74 লাখ টকা চৰকাৰে ক্ষতিগ্ৰস্ত সকলক মুকলি কৰি দিব ।
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগ তথা ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহনে কয় যে, ৰাজ্যৰ জিলা উপায়ুক্ত সকলৰ আৰু বিভাগীয় মন্ত্ৰী সকলৰ বানপানীত ক্ষতিগ্ৰস্তৰ চূড়ান্ত প্ৰতিবেদন মতে ৰাজ্যত যোৱা দুটা বানপানীত 153 টা ৰাজহ চক্ৰৰ 1000 খন গাঁও বানপানীত ক্ষতিগ্ৰস্ত হৈছে । বানপানীত 2 লাখ 43 হাজাৰ 799 হেক্টৰ শস্য ভূমি ক্ষতিগ্ৰস্ত হৈছে (crop land damage in flood)।
আকৌ প্ৰাথমিক তথ্য অনুসৰি বানপানীত 5673 টা ৰাস্তা, 234 খন দলং আৰু 224 টা ঠাইত মথাউৰি ক্ষতিগ্ৰস্ত হৈছে । অহা 15 আগষ্টৰ পিছত এই সন্দৰ্ভত চৰজমিন নিৰীক্ষণ কৰি প্ৰতিবেদন প্ৰস্তুত কৰি ক্ষতিপূৰণৰ ধন নিৰ্ধাৰণ কৰা হ’ব । ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগ তথা ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহনে জনায় যে, বানপানীৰ বাবে কেন্দ্ৰীয় চৰকাৰে চলিত বছৰত এতিয়ালৈকে দুটা কিস্তিত 324 কোটি টকাকৈ দিছে ।
লগতে পঢ়ক : Assam State Disaster Management Plan 2022 Draft: ৰাইজৰ পৰামৰ্শৰ বাবে মুকলি খচৰা