গুৱাহাটী, 3 আগষ্ট : ৰাজ্যজুৰি এতিয়া বানৰ তাণ্ডৱ ৷ মহানগৰীৰ সমীপৰ ডিমৰীয়াতো বানত সৰ্বস্বান্ত বহু লোক ৷ এই সকল লোকক কিছু সকাহ দিয়াৰ উদ্দেশ্যে ডিমৰীয়া আছু, লেখিকা সমাৰোহ সমিতিয়ে যুটীয়াভাৱে আগবঢ়ালে সাহাৰ্য ৷
সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় 200 টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী আৰু কাপোৰ বিতৰণ কৰা হয় ৷ উল্লেখ্য যে, এই সমূহ পৰিয়ালৰ ঘৰ-দুৱাৰ বানত ডুব যোৱাৰ ফলত পথৰ ওপৰতে অস্থায়ীভাৱে ঘৰ সাজি বসবাস কৰি আছে ৷