ETV Bharat / city

উত্তৰ-পূৱৰ প্ৰতিটো বিমানবন্দৰৰ মাজত চলিব বিমান

author img

By

Published : Nov 3, 2021, 4:40 PM IST

ভাৰত চৰকাৰৰ আঞ্চলিক যোগাযোগ আঁচনি চমুকৈ 'আৰ চি এছ'ৰ উৰণৰ অধীনত উত্তৰ-পূৱৰ প্ৰতিটো বিমানবন্দৰৰ মাজত পাৰস্পৰিক বিমান সম্পৰ্ক অৰ্থাৎ প্ৰতিটো বিমানবন্দৰৰ মাজত ঘৰুৱা যাত্ৰীবাহী বিমান চলাচল কৰাৰ আঁচনি গ্ৰহণ কৰা হৈছে ৷

flights-will-run-between-every-airport-in-the-north-east
উত্তৰ-পূৱৰ প্ৰতিটো বিমানবন্দৰৰ মাজত চলিব বিমান

গুৱাহাটী , 3 নৱেম্বৰ : নতুন ৰূপ পাব উত্তৰ-পূৱৰ বিমান সেৱাই ৷ ভাৰতীয় বিমান প্ৰাধিকৰণৰ উত্তৰ-পূব মণ্ডলৰ বৰঝাৰস্থিত আঞ্চলিক মুখ্য কাৰ্যালয়ৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক ৰবি কান্তে জনোৱা মতে, ভাৰত চৰকাৰৰ আঞ্চলিক যোগাযোগ আঁচনি চমুকৈ 'আৰ চি এছ'ৰ উৰণৰ অধীনত উত্তৰ-পূৱৰ প্ৰতিটো বিমানবন্দৰৰ মাজত পাৰস্পৰিক বিমান সম্পৰ্ক অৰ্থাৎ প্ৰতিটো বিমানবন্দৰৰ মাজত ঘৰুৱা যাত্ৰীবাহী বিমান চলাচল কৰাৰ আঁচনি গ্ৰহণ কৰা হৈছে ।

এই আঁচনিৰ আধীনত মেঘালয়ৰ শ্বিলঙৰ পৰা মিজোৰামৰ ৰাজধানী আইজলৰ লেংপুই বিমানবন্দৰ , শ্বিলঙৰ পৰা ইম্ফল আৰু আগৰতলা , শ্বিলং আৰু ডিব্ৰুগড়ৰ মাজত বিমান চলাচল কৰোৱা হ'ব ।

বৰ্তমান গুৱাহাটীৰ পৰা অৰুণাচল প্ৰদেশৰ পাছিঘাট আৰু তেজুলৈ নিয়মীয়াকৈ বিমান চলাচল কৰি আছে । তেনেদৰে অৰুণাচল প্ৰদেশৰ হোলোংগীত নতুন বিমানবন্দৰ নিৰ্মাণৰ কাম চলি আছে ৷ ইতিমধ্যে এই বিমানবন্দৰটোৰ নিৰ্মাণ কার্য প্ৰায় 42 শতাংশ সম্পূৰ্ণ হৈছে আৰু অহা 2022 বর্ষৰ নৱেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

আনহাতে আগৰতলা মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰত নিৰ্মাণ কৰি থকা নতুন টাৰ্মিনেল বিল্ডিংটো অহা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । এই নতুন টাৰ্মিনেল বিল্ডিংটোত প্ৰতি ঘণ্টাত 1,200 জন যাত্ৰী অহা যোৱা কৰাৰ লগতে 6 টা পাৰ্কিং ৱে', 4 খন এৰোব্ৰীজ, 2 টা লিংক টেক্সিৱে আৰু 20 টা চেকিং পইণ্ট থাকিব ।

ইয়াৰোপৰি বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ চৌহদত নিৰ্মাণ কৰি থকা নতুন টাৰ্মিনেল বিল্ডিঙৰ নিৰ্মাণকার্য প্ৰায় 40 শতাংশ সম্পন্ন হোৱা বুলি সদৰি কৰে কাৰ্যবাহী সঞ্চালকগৰাকীয়ে ৷

উল্লেখ্য যে, বিগত বৰ্ষত ক'ভিড পৰিস্থিতিৰ বাবে বিমান পৰিবহণ সংস্থা সমূহৰ লগতে ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ৰ অধীনৰ ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণো লোকচানৰ সম্মুখীন হ'ব লগা হৈছিল । বিশ্বৰ আন দেশৰ দৰে ভাৰততো ক'ভিডৰ বাবে বিমান পৰিবহণ খণ্ডটো বহুদিন ধৰি বন্ধ আছে ৷ বৰ্তমান ক'ভিড পৰিস্থিতি কিছু স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ পাছত বৰ্তমান দেশৰ আন ৰাজ্যৰ দৰে অসমসহ উত্তৰ-পূৱৰ ৰাজ্য সমূহতো ঘৰুৱা বিমান যাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে ৷

লগতে পঢ়ক : কোকৰাঝাৰত SSB জোৱানৰ আৱাসিক ভৱন এলেকা উদ্বোধন মন্ত্ৰী নিত্যানন্দ ৰায়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.