ETV Bharat / city

Fisheries Corporation recruitment scam: অবৈধ নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীক বৰ্খাস্তৰ নিৰ্দেশ - MLA Ramakant Deori

উচ্চস্তৰীয় কমিটীৰ প্ৰতিবেদনত স্পষ্ট হ'ল মীন উন্নয়ন নিগমৰ ২১৭ টা পদত অবৈধ নিযুক্তিৰ তথ্য(Fisheries Development Corporation recruitment scam)। নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীক বৰ্খাস্ত কৰিবলৈ নিগমৰ পৰিচালন সঞ্চালকক নিৰ্দেশ বিভাগীয় আয়ুক্ত সচিবৰ। অবৈধভাৱে নিযুক্তি প্ৰাপ্ত ২১৭ গৰাকী কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ লগতে এক চূড়ান্ত কৈফিয়ৎ তলবৰ নিৰ্দেশ (Employee dismissed and final apology summoned)। সম্পূৰ্ণ নীতিবৰ্হিভূত ভাৱে দিয়া হৈছিল নিযুক্তি।

b
Fisheries Corporation recruitment scam: অবৈধ নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীক বৰ্খাস্তৰ নিৰ্দেশ
author img

By

Published : Jul 20, 2022, 6:20 PM IST

গুৱাহাটী,২০ জুলাই: ৰাজ্যত এটাৰ পাছত আনটো নিযুক্তি কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে । ভাৰতীয় আৰক্ষী সেৱা (আই পি এছ) বিষয়া আনন্দ প্ৰকাশ তিৱাৰী পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক হৈ থকাৰ সময়তে নিগমত নিযুক্তিৰ কেলংকাৰী হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছতে আন এক নিযুক্তি কেলেংকাৰীৰ অভিযোগ সত্য প্ৰমাণিত হৈছে (Ex Managing Director of Transport Corporation Anand Prakash Tiwari)। এইবাৰ ৰাজ্যৰ অসম মীন উন্নয়ন নিগম লিমিটেডত সংঘটিত হোৱা নিযুক্তি কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়াৰ প্ৰতিবেদনত স্পষ্ট হৈছে সমগ্ৰ নিযুক্তি কেলংকাৰী( Fisheries Development Corporation recruitment scam )।

উল্লেখ যে মীন নিগমত মুঠ ২১৭ টা পদত অবৈধ নিযুক্তিৰ তথ্য পোহৰলৈ অহাৰ পিছতে এই নিযুক্তিৰ তদন্ত কৰিবলৈ এক উচ্চ স্তৰীয় তদন্ত কমিটী গঠন কৰা হৈছিল। এই কমিটীৰ শেহতীয়া প্ৰতিবেদনত স্পষ্ট হৈছে অবৈধ নিযুক্তিৰ বিষয়টো। ইয়াৰ পিছতে এই ২১৭ গৰাকী অবৈধভাৱে নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীক বৰ্খাস্ত কৰিবলৈ নিগমৰ পৰিচালন সঞ্চালকক নিৰ্দেশ দিছে বিভাগীয় আয়ুক্ত সচিবে । জাৰি কৰা নিৰ্দেশনাৰ জৰিয়তে নিগমৰ পৰিচালন সঞ্চালকক আয়ুক্ত সচিবে অবৈধভাৱে নিযুক্তি প্ৰাপ্ত ২১৭ গৰাকীকৈ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ কথা উল্লেখ কৰাৰ লগতে এক চূড়ান্ত কৈফিয়ৎ তলবৰো নিৰ্দেশ দিছে । ফলত বক্ৰ পথেৰে অবৈধভাৱে নিযুক্তিপ্ৰাপ্ত এই কৰ্মচাৰী সকলে চাকৰি হেৰুওৱাটো এক প্ৰকাৰ নিশ্চিত হৈছে ।

scam
Fisheries Corporation recruitment scam: অবৈধ নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীক বৰ্খাস্তৰ নিৰ্দেশ

উল্লেখ্য় যে মীন নিগমত ২০২০-২০২১ বৰ্ষত সংঘটিত নিযুক্তি কেলেংকাৰীৰ তদন্তৰ বাবে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ছৈয়দিন আব্বাছীৰ নেতৃত্বত এখন তিনিজনীয়া উচ্চস্তৰীয় তদন্ত কমিটী গঠন কৰা হৈছিল(High level inquiry committee for recruitment scam )। এই তদন্ত কমিটীৰ প্ৰতিবেদনতে পোহৰলৈ আহে নিযুক্তিৰ সমগ্ৰ অবৈধ প্ৰক্ৰিয়া। উক্ত পদসমূহত নিযুক্তিৰ বাবে নিগমে কোনো বাতৰি কাকত, ৱেবছাইট, নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে বিজ্ঞাপন প্রকাশ কৰা নাছিল। এই পদসমূহ পূৰণৰ বাবে প্ৰকাশ কৰা হোৱা নাছিল কোনো জাননী। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই পদ পূৰণৰ বাবে নিযুক্তি প্ৰাপ্তসকলৰ মাজত অনুষ্ঠিত হোৱা নাছিল কোনো ধৰণৰ সাক্ষাৎকাৰ ।

উল্লেখ্য যে নিযুক্তিপ্ৰাপ্ত এই কৰ্মচাৰীসকল আছিল নিগমৰ ঠিকাভিত্তিক কৰ্মচাৰী । নিয়ম অনুসৰি কোনো ঠিকাভিত্তিক কৰ্মচাৰী বা দৈনিক মজুৰি ভিত্তিত কৰ্মৰত কৰ্মচাৰীক পোনপটীয়াকৈ চৰকাৰী নিয়মীয়া পদত নিযুক্তি দিব নোৱাৰে । কিন্তু চৰকাৰৰ নীতি-নিৰ্দেশনা উলংঘা কৰি মীন নিগমৰ পূৰ্বৰ অধ্যক্ষৰ সৈতে গোপন বুজাবুজিৰে পূৰ্বৰ পৰিচালন সঞ্চালকে ১৭৩ জনকৈ কৰ্মচাৰীৰ পদ নিয়মীয়া কৰে । আশ্চর্যজনকভাৱে এনে নিয়মীয়া বা অনুমোদিত পদৰ বাবে কোনো, বিজ্ঞাপন প্রকাশ বা সাক্ষাৎকাৰ অনুষ্ঠিত নহ’ল । এনে জালিয়াতি উন্মোচন হোৱাৰ পিছতে উচ্চস্তৰীয় কমিটীয়ে ১৭০ জন নিয়মীয়া আৰু ৪৭ জন ঠিকাভিত্তিক কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ক্ষেত্রত অনুমোদন জনায় ।

এই কমিটীয়ে অৱশ্যে ছহিদ কুশল কোঁৱৰৰ পৰিয়ালৰ সদস্য ৰাহুল কোঁৱৰ আৰু অনুকম্পামূলকভাৱে নিযুক্তি পোৱা দুগৰাকী কৰ্মচাৰীৰ বিষয়টো পৃথকভাৱে বিবেচনা কৰিবলৈ প্ৰতিবেদনত উল্লেখ কৰিছে । উল্লেখ্য় যে বিধায়ক ৰমাকান্ত দেউৰী অধ্যক্ষ হিচাপে আৰু এন চি বসুমতাৰী, অনুৰাধা অধিকাৰী শৰ্মা পৰিচালন সঞ্চালক হিচাপে থকাৰ সময়তে মীন নিগমত সংঘটিত হৈছিল উক্ত নিযুক্তিৰ কেলেংকাৰী (MLA Ramakant Deori)।

লগতে পঢ়ক:Fake PhD degree: 70 গৰাকী কলেজ শিক্ষকৰ ভৱিষ্যৎ সন্দিহানত

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.