গুৱাহাটী, 13 মাৰ্চ : শুকুৰবাৰে মহানগৰীৰ জালুকবাৰী, আদাবাৰীত গুৱাহাটী পৌৰ নিগমে উচ্ছেদ অভিযান চলায় ৷ কালেক্টৰ পল্লৱী কছাৰীৰ নেতৃত্বত গুৱাহাটী পৌৰ নিগমে এই অভিযান চলায় ৷ আইন অমান্যকাৰী দোকান-পোহাৰ, হোটেল, ফাৰ্মাচী আদিৰ বিৰুদ্ধে চলোৱা হয় এই অভিযান ৷ অভিযানৰ সময়ত নথি-পত্ৰ বিহীনভাৱে চলি থকা দোকান-পোহাৰক জৰিমনা বিহে অভিযানকাৰী দলটোৱে ৷
ইয়াৰোপৰি, পদপথৰ ব্যৱসায়ীসকলকো উচ্ছেদ কৰে অভিযানকাৰী দলটোৱে ৷ পৌৰ নিগমৰ সৈতে যৌথভাৱে অভিযান চলাই খাদ্য সুৰক্ষা বিভাগ, পশু চিকিৎসা বিভাগৰ লগতে মহানগৰ আৰক্ষীয়েও ৷
আৰু পঢ়ক : আমিনগাঁও আঞ্চলিক শাখা সাহিত্য সভাৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস