গুৱাহাটী, ২৯ আগষ্টঃ বিজেপিক ভেটিবলৈ কেৱল এ আই ইউ ডি এফৰে মিত্ৰতা কৰিলেই নহ'ব । কংগ্ৰেছে "কা" বিৰোধী সকলো পক্ষক লগত লৈহে আগবাঢ়িব লাগিব । এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ । শণিবাৰে এক ভিডিঅ' বাৰ্তাত এই প্ৰসংগত মন্তব্য আগবঢ়াই বিৰোধী দলপতিগৰাকীয়ে কয় - "আমাৰ দলৰ ক'ৰ কমিটীৰ বৈঠকখনত এ আই ইউ ডি এফৰ লগত মিত্ৰতাৰ কথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই অৱগত কৰাইছিল । কিন্তু আমি সকলোৱে এই সন্দৰ্ভত জনাইছিলোঁ যে, একমাত্ৰ এ আই ইউ ডি এফৰ লগত মিত্ৰতা কৰিলে নহ'ব ।
বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতি, অপশাসনৰ বিৰুদ্ধে যিসমূহ দল সংগঠনে বিগত সময়চোৱাত মাত মাতি আছে এই সকলো পক্ষকে একত্ৰিত কৰি এক মহাজোঁট বন্ধন কৰাৰহে পোষকতা কৰিছিলোঁ । কংগ্ৰেছ দলটোক একেবাৰে নিশকতীয়া বুলি ভৱাটো ভুল । ১৩০ বছৰীয়া এটা ৰাষ্ট্ৰীয় দল হিচাপে তথা অসমত যোৱা ১৫ বছৰ কাল চৰকাৰত থকা হিচাপে কংগ্ৰেছ দলৰ নিজস্ব এক ইতিহাস তথা শক্তি আছে । বৰ্তমানৰ বিজেপি চৰকাৰখনে অসমৰ ৰাইজক যোৱা চাৰে চাৰি বছৰত নানান ক্ষেত্ৰত ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য কৰিছে । সেয়া 'কা' ৰ বাবে হওক, EIA2020 য়ে হওক, পেট্ৰ'ল-ডিজেল তথা ৰন্ধন গেছৰ মূল্য বৃদ্ধিয়ে হওক বা লাগতিয়াল খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে হওক আদি বিভিন্ন বিষয়ৰ ওপৰত বিৰোধিতা কৰিবলৈ সাধাৰণ ৰাইজৰ পৰা দল সংগঠনে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিব লগীয়া হৈছে । সেয়েহে এই সকলোবোৰ বিৰোধী পক্ষক একত্ৰিত কৰি ঐক্যভাৱে বিজেপি দলৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াই তেওঁলোকক ক্ষমতাচ্যুত কৰিবলৈ সক্ষম হ'ম । সেয়েহে মিত্ৰতাৰ সন্দৰ্ভত আমি খুব সাৱধানেৰে আগবাঢ়িব লাগিব । উজনি অসমত যোৱাবাৰ বিজেপি দলে ভাল ফল দেখুওৱাৰ আঁৰত আছিল চাহ-জনগোষ্ঠীয় লোক সকলক দিয়া কেতবোৰ প্ৰতিশ্ৰুতি ।
তাৰ ভিতৰত আছিল চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি ৩৫১ টকা কৰা, ৬ জনগোষ্ঠীক চৰকাৰ গঠন হোৱাৰ পিছতে জনজাতিকৰণ কৰা, ১৬ মে' ৰ পিছত বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব ইত্যাদি মিছা প্ৰতিশ্ৰুতিৰে পতিয়ন নিয়াইছিল । যাৰ বাবে ৰাইজেও ভাবিছিল যে, কংগ্ৰেছ দলে এইখিনি কাম নকৰিলে, কিন্তু আজি সকলোৱে বুজি উঠিছে যে, এই সকলোবোৰ মাত্ৰ "নিৰ্বাচনী জুমলা" আছিল। তেওঁলোকে দেখুওৱা মিছা সপোনবোৰৰ পৰিৱৰ্তে অসমীয়া জাতিৰ বিৰুদ্ধে গৈহে তেওঁলোকৰ দলৰ আকাংক্ষা পুৰণ কৰাত লাগিছে তাৰ এক উদাহৰণ হ'ল CAA আৰু যাৰ বাবে আজি বহু কেইটা দল সংগঠনে ৰাজনৈতিক দল গঠন কৰাৰ কথা কৈ আছে । আমাৰ দলৰ প্ৰাথমিকতা হ'ব লাগে, এই সকলো বিজেপি বিৰোধী দল সংগঠনক একগোট কৰা আৰু ঐক্যবদ্ধ ভাৱে যুজঁ দি বিজেপিক ক্ষমতাচ্যুত কৰা । "
লগতে পঢ়ক- আছুৰ সৈতে একেখন নাৱতে উঠি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ যো-জা কৃষক মুক্তিৰ