ETV Bharat / city

'ফিউচাৰ গুৱাহাটী'- কলাৰ মাধ্যমেৰে পৰিৱেশ সংৰক্ষণৰ আহ্বান - দেশী - বিদেশী বেণ্ডৰ সংগীত প্ৰদৰ্শন

মহানগৰীত যুৱক - যুৱতীৰ এটা দলে 'ফিউচাৰ গুৱাহাটী' নামৰ অনুষ্ঠানৰ জৰিয়তে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা তথা জলবায়ুৰ সংকটৰ বিষয়ে সকলোকে সজাগ কৰি তোলাৰ প্ৰচেষ্টা চলাইছে ৷ মহানগৰীৰ শ্ৰদ্ধাঞ্জলী কাননত আয়োজন কৰা এই অনুষ্ঠানত সংগীত আৰু নাটকৰ আয়োজন কৰে দলটোৱে ৷

কলাৰ মাধ্যমেৰে পৰিৱেশ সংৰক্ষণৰ আহ্বান
author img

By

Published : Sep 28, 2019, 8:40 AM IST

গুৱাহাটী, 28 ছেপ্টেম্বৰ : বিশ্বৰ চৌদিশে গোলকীয় উষ্ণতা বৃদ্ধি হোৱাৰ ফলত পৃথিৱীৰ অস্তিত্বৰ ক্ষেত্ৰত ভাবুকি সৃষ্টি হৈছে ৷ এনে সময়তে মহানগৰী গুৱাহাটীত এক যুৱক - যুৱতীৰ দলে 'ফিউচাৰ গুৱাহাটী' নামৰ অনুষ্ঠানৰ জৰিয়তে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা তথা জলবায়ুৰ সংকটৰ বিষয়ে সকলোকে সজাগ কৰি তোলাৰ প্ৰচেষ্টা চলাইছে ৷ মহানগৰীৰ শ্ৰদ্ধাঞ্জলী কাননত আয়োজন কৰা এই অনুষ্ঠানত সংগীত আৰু নাটকৰ আয়োজন কৰে দলটোৱে ৷

ইয়াৰোপৰি, প্ৰদূষণ আৰু ইয়াৰ কাৰক সম্পৰ্কে হোৱা আলোচনাত শীৰ্ষস্থান দখল কৰা কাৰক হিচাপে বিবেচিত হোৱা পলিথিন আৰু প্লাষ্টিক বৰ্জনৰ বাবে এখন নাটক প্ৰদৰ্শন কৰে দলটোৱে । গছ - গছনি নাথাকিলে পৃথিৱীখন কোনফালে গতি কৰিব তাকো নাটকৰ জৰিয়তে সুন্দৰকৈ দৰ্শকৰ আগত উপস্থাপন কৰা হয় ৷ 30 অক্টোবৰৰ বোমা বিস্ফোৰণত নিহত, পুলৱামা কাণ্ডত শ্বহীদ জোৱানসকলৰ স্মৃতিত আৰু অসমৰ সাম্প্ৰতিক পৰিস্থিতৰ বিষয়ে কেইবাটাও স্ব - ৰচিত ৰেপ সংগীত দৰ্শকৰ আগত প্ৰদৰ্শন কৰে অৰুণাভ নামৰ এজন যুৱকে ।

ব্ৰেণ্ড দ্যা বটল, ৰকেটকে ধৰি কেইবাটাও দেশী - বিদেশী বেণ্ডে এই অনুষ্ঠানত সংগীত প্ৰদৰ্শন কৰে ।

Intro:বিশ্বৰ চৌদিশে আজি গোলকীয় উষ্ণতা বৃদ্ধিৰ হুলস্থুল। কল-কাৰখানাৰ পৰা নিৰ্গত বিষাক্ত ধোৱাইঁ তথা গাড়ী-মটৰৰ পৰা নিৰ্গত বিষাক্ত গেছে পৃথিৱীৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।ইয়াৰোপৰি প্ৰকৃতিৰ সেউজীয়া গছ-গছনীবোৰ জধে মধে ধ্বংস কৰাত লাগিছে সমগ্ৰ মানৱ জাতিয়ে।

Body:এনে সময়তে এটা যুৱক-যুৱতীৰ দলে "ফিউচ্চাৰ গুৱাহাটী"য়ে পৰিৱেশ সজাগতাৰ তথা ভৱিষ্যত আৰু জলবায়ুৰ সংকটৰ বাবে সংগীত আৰু নাটকৰ জৰিয়তে সজাগ কৰিব খুজিছে সমগ্ৰ মানৱ জাতিক। ইয়াৰে এক অনুষ্ঠান অনুষ্ঠিত হয় শুকুৰবাৰে মহানগৰীৰ শ্ৰদ্ধাঞ্জলি কাননত।

ইয়াৰোপৰি প্ৰদুষণ আৰু প্ৰদুষণৰ কাৰক সম্পৰ্কে হোৱা যিকোনো আলোচনা-বিলোচনাতে সবাতোকৈ শীৰ্ষস্থান দখল কৰা কাৰক হিচাপে বিবেচিত হোৱা পলিথিন আৰু প্লাষ্টিকৰ বৰ্জন এখন নাটকৰ জৰিয়তে প্ৰদৰ্শন কৰে।

ইফালে গছ-গছনি নাথাকিলে পৃথিৱীখন কেনে এক অৱস্থালৈ গতি কৰে তাকো নাটকৰ জৰিয়তে সুন্দৰকৈ দৰ্শকৰ আগত দাঙি ধৰে।

৩০ অক্টোবৰৰ বোমা বিস্ফোৰণত নিহত হোৱা, পুলৱামা কাণ্ড ত শ্বহীদ হোৱা জোৱান সকলৰ স্মৃতিত লগতে অসমৰ সাম্প্ৰতিক অৱস্থাৰ বিষয়ে কেইবাটাও স্ব ৰচিত ৰেপ সংগীতৰ জৰিয়তে দৰ্শকৰ আগত দাঙি ধৰে অৰুণাভ নামৰ এজন যুৱকে।

বাইট : জেনিফাৰ আখতাৰ

Conclusion:ব্ৰেণ্ড দ্য বটল ৰকেটকে ধৰি কেইবাটাও দেশী-বিদেশী ব্ৰেণ্ডে এই অনুষ্ঠানটিত সংগীত প্ৰদৰ্শন কৰে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.