ETV Bharat / city

বিশিষ্ট অভিযন্তা প্ৰভাত চন্দ্ৰ মেধিৰ আকস্মিক বিয়োগ

বিশিষ্ট অভিযন্তা তথা সমাজকৰ্মী প্ৰভাত চন্দ্ৰ মেধিৰ আকস্মিক বিয়োগ ৷ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ এগৰাকী সুদক্ষ অভিযন্তা হিচাবে এক দীঘলীয়া কৰ্ম জীৱন অতিবাহিত কৰা মেধিয়ে পৰিষদৰ অতিৰিক্ত মুখ্য অভিযন্তা হিচাবে অৱসৰ লৈছিল ।‌

author img

By

Published : Sep 28, 2021, 10:32 PM IST

engineer prabhat ch medhi demised
engineer prabhat ch medhi demised

গুৱাহাটী, ২৮ ছেপ্টেম্বৰ : ৰাজ্যৰ এগৰাকী বিশিষ্ট অভিযন্তা তথা সমাজকৰ্মী প্ৰভাত চন্দ্ৰ মেধিৰ মঙলবাৰে আকস্মিক বিয়োগ ঘটে ।‌ মহানগৰীৰ লাচিত নগৰত থকা বাসগৃহত হঠাতে অসুস্থ হৈ পৰা মেধিক স্থানীয় নেমকেয়াৰ হস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও দিনৰ ১১.৫০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ এগৰাকী সুদক্ষ অভিযন্তা হিচাবে এক দীঘলীয়া কৰ্ম জীৱন অতিবাহিত কৰা মেধিয়ে পৰিষদৰ অতিৰিক্ত মুখ্য অভিযন্তা হিচাবে অৱসৰ লৈছিল ।‌ পৰৱৰ্তী সময়ত নসত্ৰৰ কৃষ্ণগুৰু আশ্ৰমৰ এগৰাকী নিষ্ঠাবান ভকত হিচাবে সেৱা আগবঢ়াই অহা প্ৰয়াত মেধি তেওঁৰ সহজ- সৰল জীৱনেৰে সকলোৰে ‌প্ৰিয়ভাজন আছিল ।

তেওঁৰ মৃত্যুৱে লাচিত নগৰৰ অঞ্চলকে ধৰি গুণগ্ৰাহীৰ মাজত শোকৰ ছাঁ পেলাইছে । ৭৫ বছৰ বয়সত ইহলীলা সম্বৰণ কৰা প্ৰয়াত মেধিয়ে মৃত্যুৰ সময়ত তেওঁৰ পৰিবাৰ, পুত্ৰ-কন্যা, জোঁৱাই, বোৱাৰী আৰু তিনিটি নাতি-নাতিনী এৰি থৈ গৈছে ।‌

লগতে পঢ়ক : 19 অক্টোবৰৰ পৰা পুনৰ খুলিব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.