ETV Bharat / city

বিশিষ্ট সাহিত্য সমালোচক পংকজ ঠাকুৰৰ দেহাৱসান - The Sentinel

বিশিষ্ট সাহিত্যিক, সাহিত্য সমালোচক, অনুবাদক তথা সাহিত্যসেৱী পংকজ ঠাকুৰ আৰু নাই (Eminent writer Pankaj Thakur passes away) । পংকজ ঠাকুৰৰ মৃত্যুত অসমৰ সাহিত্য জগতখনত শোকৰ ছাঁ পৰিছে ।

eminent-writer-panakaj-thakur-passes-away
বিশিষ্ট সাহিত্য সমালোচক পংকজ ঠাকুৰৰ দেহাৱসান
author img

By

Published : Feb 17, 2022, 5:08 PM IST

গুৱাহাটী, 17 ফেব্ৰুৱাৰী : বিশিষ্ট সাহিত্যিক, সাহিত্য সমালোচক, অনুবাদক তথা সাহিত্যসেৱী পংকজ ঠাকুৰ আৰু নাই (Eminent writer Pankaj Thakur passes away ) । দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা সাহিত্যিকগৰাকীয়ে বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 74 বছৰ । পংকজ ঠাকুৰৰ মৃত্যুত অসমৰ সাহিত্য জগতখনত শোকৰ ছাঁ পৰিছে ।

1948 চনত দেৰগাঁৱত জন্ম গ্ৰহণ কৰা পংকজ ঠাকুৰে 1975 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে । নাগালেণ্ডত প্ৰথম শিক্ষকতাৰে কৰ্ম জীৱনৰ পাতনি মেলা পংকজ ঠাকুৰে টাটা ইঞ্জিনিয়াৰিঙকে আদি কৰি একাধিক বহুজাতিক প্রতিষ্ঠানত সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰিছিল বুলি জানিব পৰা গৈছে । লগতে দীর্ঘদিন ধৰি নিৰলসভাৱে সাহিত্য সেৱাত ব্ৰতী হৈ থকা পংকজ ঠাকুৰে বিশ্বাস পাটিল ৰচিত মাৰাঠী উপন্যাসৰ অসমীয়া অনুবাদ ‘বিদিশ বাঘজাই’ৰ বাবে সাহিত্য অকাডেমী অনুবাদ বঁটা লাভ কৰিছিল ।

ইয়াৰোপৰি তেওঁ গুৱাহাটীৰ "The Sentinel" কাকত গোষ্ঠীৰ সৈতেও জড়িত আছিল আৰু এই গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত বহুকেইখন আলোচনী সম্পাদনা কৰিছিল । তদুপৰি সাহিত্য অকাডেমীয়ে বিভিন্ন ঠাইত আয়োজন কৰা সাহিত্য অনুষ্ঠানসমূহত নিয়মীয়াভাৱে আমন্ত্ৰিত অংশগ্ৰহণকাৰী ৰূপে তেওঁ অংশ গ্ৰহণ কৰিছিল ।

পংকজ ঠাকুৰৰ মৃত্যুত অসমীয়া সাহিত্য জগতে এগৰাকী নিষ্ঠাবান সাহিত্যসেৱী হেৰুৱালে আৰু অসম সাহিত্য সভা (Assam Sahitya Sabha) ই এগৰাকী প্ৰকৃতাৰ্থত শুভ চিন্তকৰ সান্নিধ্যৰ পৰা বঞ্ছিত হ’ল বুলি উল্লেখ কৰে অসম সাহিত্য সভাই । এক শোকবাৰ্তাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাই কয় যে, অসমৰ এগৰাকী বিশিষ্ট সাহিত্য সমালোচক, অনুবাদক তথা সাহিত্যসেৱী পংকজ ঠাকুৰৰ মৃত্যুত অসম সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰিছে । পংকজ ঠাকুৰৰ মৃত্যুত অসমীয়া সাহিত্য জগতে এগৰাকী নিষ্ঠাবান সাহিত্যসেৱী হেৰুৱালে ।

লগতে পঢ়ক : SITAৰ উপাধ্যক্ষ দীপক কুমাৰ বৰঠাকুৰৰ শেষ নিশ্বাস ত্যাগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.