গুৱাহাটী,9 জুন : গছৰ গুটিৰে স্বাৱলম্বিতাৰ পথ দেখুৱালে গুৱাহাটী মহানগৰীৰ গান্ধীবস্তিৰ মিতালী বৈশ্যই । গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লোৱা মিতালীৰ মন নিজাববীয়াকৈ ব্যৱসায় কৰাৰ । যাৰ বাবে মিতালীয়ে বৰলহত ইণ্ডিয়ান ইনষ্টিটিউট অব ইণ্টাৰপ্ৰেনাৰশ্বিপৰ অধীনত 20 দিনৰ এক কৰ্মশালাত অংশ গ্ৰহণ কৰে । কৰ্মশালাত তেওঁ কৃত্ৰিম জুৱেলাৰী প্ৰস্তুত কৰণৰ এক প্ৰশিক্ষণ লয় আৰু প্ৰশিক্ষণৰ পাছত নিজ হাতেৰে তেঁতেলী গছৰ গুটিৰ পৰা আৰম্ভ কৰি কৃষ্ণচূড়াৰ গুটি, বকুলৰ গুটিৰে প্ৰস্তুত কৰিবলৈ লয় বিভিন্ন জুৱেলাৰী,বেগ আদি সামগ্ৰীসমূহ । 2000 টকাৰে এই জৈৱিক জুৱেলাৰীৰ ব্যৱসায় আৰম্ভ কৰা মিতালিয়ে সামগ্ৰীসমূহ নিৰ্মাণত ব্যৱহাৰ কৰা গুটিবোৰ গছৰ তলে-তলে গৈ সংগ্ৰহ কৰিছিল । মিতালীয়ে আনকি বহি:ৰাজ্যৰ বিভিন্ন ঠাইৰ বাণিজ্য মেলাতো কৰিছে অংশগ্ৰহণ । মিতালীৰ স্বাৱলম্বীতাৰ এই পথে মহিলাসকলৰ লগতে নিৱনুৱাসকলকো দিছে এক আদৰ্শ ।
গছৰ গুটিৰে স্বাৱলম্বিতাৰ নতুন পথ এগৰাকী মহিলাৰ - বৰলহত ইণ্ডিয়ান ইনষ্টিটিউট অব ইণ্টাৰপ্ৰেনাৰশ্বিপ
গুৱাহাটী মহানগৰীৰ গান্ধীবস্তিৰ মিতালী বৈশ্যই গছৰ গুটিৰে স্বাৱলম্বিতাৰ দেখুৱালে নতুন পথ,তেঁতেলী গছৰ গুটি, কৃষ্ণচূড়াৰ গুটি, বকুলৰ গুটিৰে মিতালীয়ে প্ৰস্তুত কৰে জুৱেলাৰী,বেগ ৷
গুৱাহাটী,9 জুন : গছৰ গুটিৰে স্বাৱলম্বিতাৰ পথ দেখুৱালে গুৱাহাটী মহানগৰীৰ গান্ধীবস্তিৰ মিতালী বৈশ্যই । গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লোৱা মিতালীৰ মন নিজাববীয়াকৈ ব্যৱসায় কৰাৰ । যাৰ বাবে মিতালীয়ে বৰলহত ইণ্ডিয়ান ইনষ্টিটিউট অব ইণ্টাৰপ্ৰেনাৰশ্বিপৰ অধীনত 20 দিনৰ এক কৰ্মশালাত অংশ গ্ৰহণ কৰে । কৰ্মশালাত তেওঁ কৃত্ৰিম জুৱেলাৰী প্ৰস্তুত কৰণৰ এক প্ৰশিক্ষণ লয় আৰু প্ৰশিক্ষণৰ পাছত নিজ হাতেৰে তেঁতেলী গছৰ গুটিৰ পৰা আৰম্ভ কৰি কৃষ্ণচূড়াৰ গুটি, বকুলৰ গুটিৰে প্ৰস্তুত কৰিবলৈ লয় বিভিন্ন জুৱেলাৰী,বেগ আদি সামগ্ৰীসমূহ । 2000 টকাৰে এই জৈৱিক জুৱেলাৰীৰ ব্যৱসায় আৰম্ভ কৰা মিতালিয়ে সামগ্ৰীসমূহ নিৰ্মাণত ব্যৱহাৰ কৰা গুটিবোৰ গছৰ তলে-তলে গৈ সংগ্ৰহ কৰিছিল । মিতালীয়ে আনকি বহি:ৰাজ্যৰ বিভিন্ন ঠাইৰ বাণিজ্য মেলাতো কৰিছে অংশগ্ৰহণ । মিতালীৰ স্বাৱলম্বীতাৰ এই পথে মহিলাসকলৰ লগতে নিৱনুৱাসকলকো দিছে এক আদৰ্শ ।
Body:সপোনৰ পিছত দৌৰি আৰম্ভ কৰে শিক্ষয়ত্ৰী পৰা তেওঁ কৰ্ম দক্ষতাৰে এক ব্যৱসায়ৰ গঢ় দিয়াৰ লগতে গঠন কৰে স্বাৱলম্বী মহিলাৰ ভেঁটি।
Bite:-মিতালি বৈশ্য।
Vo2:-2011 বৰলহত ইণ্ডিয়ান ইনষ্টিটিউট অব ইণ্টাৰপ্ৰেনাৰশ্বিপৰ অধীনত 20 দিনৰ এক কৰ্মশালাত অংশ গ্ৰহণ কৰিয়েই যেন সলনি হল তেখেতৰ জীৱন। কৰ্মশালাত প্ৰশিক্ষণ লোৱাৰ পিছত আৰু ৰোৱা নাই তেখেত জীৱনক লৈ। 2000 টকাৰ পৰা ব্যৱসায় আৰম্ভ কৰা মিতালি বৈশ্যই এতিয়া অসমৰ লগতে বহি ৰাজ্যৰ বহু স্থানলৈ বাণিজ্য মেলাৰ জৰিয়তে গৈ ব্যৱসায় কৰে।
Bite2:-মিতালি বৈশ্য।
কৰ্মশালাত তেওঁ প্ৰশিক্ষণ লৈছিল কৃত্ৰিম জুৱেলাৰী প্ৰস্তুত কৰণৰ প্ৰশিক্ষণ আৰু সেই প্ৰশিক্ষনেৰেই তেঁও বনাবলৈ লয় ঘৰতে বিভিন্ন জুৱেলাৰী। হাতৰ ব্রেশ্লেত পৰা আৰম্ভ কৰি ভিন্ন প্ৰকাৰৰ ডিঙিৰ মণি বনাবলৈ লয় মিতালি বৈশ্যই। কিন্তু তাৰ পিছতো নতুন কিবা এটা কৰাৰ সপোন যেন তেখেতৰ মনত।
BIte3:-মিতালি বৈশ্য।
VO4:-কৃত্ৰিম জুৱেলাৰী নহয় এইবাৰ তেখেতৰ চেষ্টা জৈৱিক জুৱেলাৰী বনোৱাৰ। তেঁতেলীৰ গুটি, কৃষ্ণ চুড়াৰ গুটি, বকুলৰ গুটি লগতে বিভিন্ন সামগ্ৰীৰ গুটিৰ পৰা তেখেতে তৈয়াৰ কৰিছে জুৱেলাৰী আৰু জুৱেলাৰীৰ বাবে লাগতিয়াল গুটি সমূহ তেখেতে নিজেই সংগ্ৰহ কৰে গছৰ পৰা আৰু সেই গুটি সমূহ ৰদত দিয়াৰ পৰা আৰম্ভ কৰি সকলো কাৰ্য্য তনিজেই কৰে।তেখেতৰ এই কৰ্মত তেখেতক সহায় কৰে ত পৰিয়ালৰ সদস্যই যাৰ ফলত মিতালি বৈশ্যই সুকলমেই চলাই গৈছে স্বাৱলম্বিতাৰ এই যুদ্ধ। ল তেখেতে জানিবলৈ দিয়া অনুসৰি আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত জৈৱিক জুৱেলাৰী গুৰুত্ব অধিক।
Bite4:-মিতালি বৈশ্য।
Conclusion:জৈৱিক জুৱেলাৰী এক অভিনৱ জোঁৱাৰ সৃষ্টি তেখেতৰ এতিয়া সপোন । জৈৱিক জুৱেলাৰীও যে স্বাৱলম্বিতাৰ পথ হব পাৰে সেই আদৰ্শ আগত ৰাখিয়েই আগবাঢ়ি গৈছে মিতালি বৈশ্য। মিতালি বৈশ্য দৰে মহিলা সকলোৰে আদৰ্শ হওক তেখেতৰ এই যাত্ৰাত যদি আপুনি সহযোগিতা আগবঢ়োৱাৰ প্রয়াস কৰিব বিচাৰে তেন্তে পেলনীয়া যিকোনো গছৰ গুটি অৰ্থাৎ তেঁতেলীৰ পৰা কৃষ্ণ চূড়া লৈ তেখেতক যোগান ধৰিব পাৰে কাৰণ তেখেতক প্ৰয়োজন বহু গছৰ গুটিৰ।