ETV Bharat / city

Dr. Hiren Gohain Speaks on various Issues: সদনত জবৰদস্তিৰে আইনত পৰিণত কৰা হয় বিল

author img

By

Published : Nov 27, 2021, 10:21 PM IST

ৰাজ্যৰ সাম্প্ৰতিক প্ৰেক্ষাপটৰ কেইবাটাও বিষয়ক লৈ নিজৰাপাৰাস্থিত বাসগৃহত বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেণ গোহাঁই(Dr. Hiren Gohain Speaks on various Issues of the State)ৰ সংবাদমেল ৷ কা আন্দোলন(Dr. Hiren Gohain reacts on caa issue)ক একাংশই নাচে-গানে ধ্বংস কৰি বিজেপি গৰালত সোমালেগৈ বুলি কটাক্ষ ড৹ গোহাঁইৰ ৷ বৰাকত দুৰ্বৃত্তই অসমীয়া ভাষাৰ চৰকাৰী বিজ্ঞাপনত ক’লা চিয়াঁহী লগোৱা প্ৰসংগতো সৰৱ হৈ পৰে বিশিষ্ট বুদ্ধিজীৱীগৰাকী ৷

Dr. Hiren Gohain Speaks on various Issues
সদনত জবৰদস্তিৰে আইনত পৰিণত কৰা হয় বিল

গুৱাহাটী, ২৭ নৱেম্বৰ : কেন্দ্ৰৰ পৰা উত্তৰ-পূৱৰ ৰাজ্যলৈ এটা নিৰ্দেশ আহিছে ৰাজ্য সমূহে সমন্বয় ভাৱেৰে চলিব লাগে । বিভিন্ন ধৰ্ম-জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয় আৰু সহানুভূতি ভাৱ লাগে ৷ এই ৰাজনৈতিক উক্তিৰ তাৎপৰ্য কি ইমানদিনে বুজি উঠিছো ৷ এই মন্তব্য বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেণ গোহাঁই(Dr. Hiren Gohain Speaks on various Issues of the State)ৰ । ৰাজ্যৰ সাম্প্ৰতিক প্ৰেক্ষাপটৰ কেইবাটাও বিষয় লৈ শনিবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে ড৹ গোহাঁইয়ে ৷

ড৹ গোঁহাইয়ে শাসকীয় দলটোক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, সদনত আলোচনা নোহোৱাকৈ কোনো এখন বিল জবৰদস্তিৰে আইনত পৰিণত কৰা হয় । বিৰোধীক কথা ক’বলৈ সুযোগ দিয়া নহয় । কা’ আইন(Dr. Hiren Gohain reacts on caa issue)ৰ পৰা আদি কৰি বহুকেইখন বিল সদনত গৃহিত কৰা হৈছে । তেওঁ লগতে কয় য়ে, সদনত ভৰি থৈ সংবিধান মূৰত লৈ পবিত্ৰ ধর্মশাস্ত্ৰ বুলি কোৱা প্ৰধানমন্ত্ৰীয়ে কা' আইন, ইউ এ পি এ সংশোধন(The Unlawful Activities (Prevention) Amendment Bill, 2019) কৰি সংবিধানৰ মৌলিক অধিকাৰ সম্পূৰ্ণকৈ নস্যাৎ কৰি বিলুপ্ত কৰিবলৈ বিচাৰিছে । গতিকে সমন্বয় আৰু সহানুভূতিৰ তাৎপৰ্য সাৱধানেৰে লক্ষ্য কৰা উচিত বুলি বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে উল্লেখ কৰে ।

তেওঁ লগতে কয় যে, বৰ্তমান অসম অশান্ত কৰিছে অসমীয়া ভাষা আৰু বৰাকৰ প্ৰসংগই । হিন্দু-মুছলিম প্ৰসংগই প্ৰধান স্থান পাইছে । ড৹ গোহাঁইয়ে উল্লেখ কৰা অনুসৰি, সংঘাতে সংঘৰ্ষৰ ৰূপ লয় আৰু ইয়াৰ ফলত কাৰো উপকাৰ নহয় । অৱশ্যে ক্ষতি সাধাৰণ মানুহৰ হয় । তেওঁ জাতিগত আৰু ভাষাগত যিবোৰ কথা ওলাইছে সেইবোৰক আচলতে কিমান গুৰুত্ব দিব লগা কথা তাক চিন্তা কৰি চোৱা উচিত বুলি মন্তব্য কৰে । বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে বৰ্তমান দুটা সমস্যাক লৈ উদ্বিগ্ন হৈ পৰাৰো কথা ব্যক্ত কৰে । এই সমস্যা দুটা হৈছে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ প্ৰশ্ন কাকত বাতিল(Removing Assamese language in APSC exam) কৰা । ইমান দিনে চলি থকা এখন প্ৰশ্ন কাকত হঠাৎ নোহোৱা কৰিছে ৷

লগতে পঢ়ক : withdraw Assamese language from APSC : APSC ৰ পৰা অসমীয়া ভাষা বাতিল কৰাত দল-সংগঠনৰ ক্ষোভ

ভাৰতৰ বহুকেইখন ৰাজ্যত কিয় সেই ৰাজ্যভাষা ভিত্তিক প্ৰশ্ন কাকত আছে বুলি চৰকাৰক প্ৰশ্ন কৰি বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে কয় যে, ইয়াৰ পৰা হয়তো স্থানীয় জাতি বা জনগোষ্ঠীটোৰ উপকাৰ হয় আৰু এইটো সকলো ৰাজ্যৰ ক্ষেত্ৰত যদি হয় অসমৰ ক্ষেত্ৰত আপত্তি কিহৰ । ড৹ গোহাঁয়ে উল্লেখ কৰা অনুসৰি ৰাজ্যভাষা হিচাপে চৰকাৰী কাম কাজ চলাবলৈ বা সকলোৰে অসমীয়া ভাষাৰ যথাযথ জ্ঞান থকা দৰকাৰ । এগৰাকী প্ৰশাসনিক বিষয়ালৈ দীঘলীয়া অসমীয়াৰ প্ৰতিবেদন আহিব । তেওঁ সেইখন যদি পঢ়িব নাজানে কেৱল মুখেৰে কথাহে ক’ব পাৰে, তেতিয়া তেওঁ চৰকাৰী কাম-কাজ কি চলাব । সাধাৰণ মানুহে স্মাৰক পত্ৰ অসমীয়াতে লিখিব । এই বিষয়ত দায়ী জনসাধাৰণৰ নহয়, চৰকাৰ বুলি মন্তব্য কৰে গোহাঁইয়ে ।

আনহাতে বৰাক প্ৰসংগত ড৹ গোহাঁয়ে কয় যে, বৰাকত দুৰ্বৃত্তই অসমীয়া ভাষাৰ চৰকাৰী বিজ্ঞাপনত ক’লা চিয়াঁহী(Hoarding in Assamese language smeared with black ink) লগাইছে । এই ঘটনা জনতাক উত্তেজিত কৰাৰ চক্ৰান্ত । আমাতকৈ পৰিপক্ক সুনিপুণ ৰাজনীতিবিদৰ কৌশল । কিন্তু এটা কথা মনত ৰখা ভাল যে, বড়োলেণ্ডত যিদৰে বড়ো সহযোগী ভাষা, ঠিক তেনেদৰে বৰাকত বাংলা সহযোগী ভাষা ৷ তাৰ গুৰুত্ব থাকিবই । বাংলা ভাষাত নাথাকিলে সাধাৰণ মানুহৰ অসুবিধা হ’বও পাৰে, কিছুমানৰ আৱেগত লাগিবও পাৰে বুলি ড৹ গোহাঁইয়ে মন্তব্য কৰে ৷ তেওঁ লগতে গণতান্ত্ৰিক ৰাজ্যত এইটো হ’বলৈ দিয়া অনুচিত বুলি মন্তব্য কৰি বৰাকত সহযোগী ভাষা বাংলাৰ দাবীত আন্দোলন কৰি বহুলোক শ্বহীদ হৈছে বুলিও উল্লেখ কৰে । বিশিষ্ট বুদ্ধিজীৱীগৰাকীৰ অনুসৰি গণতন্ত্ৰক সহনশীলতাৰে গ্ৰহণ কৰা উচিত । বৰাকৰ লোকে বাংলা ভাষা জাননী দাবী কৰাটো অন্যায় হোৱা নাই । তাত অসমীয়া ভাষা থাকিলে ৰাজ্যখনৰ পক্ষে শুভনীয় হয় বুলি তেওঁ কয় ।

ড৹ গোহাঁইৰ অনুসৰি প্ৰদীপ দত্ত ৰয় বৰাকৰ গুৰুত্বপূৰ্ণ মানুহ নহয় । তেওঁ চৰকাৰৰ মানুহ । অসমীয়া ভাষাৰ বিৰুদ্ধে কোনোবাই থিয় দিলে তাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া দিয়াটো বেয়া নহয় । ৰাজনৈতিক ব্যক্তি ষড়যন্ত্ৰত পথভ্ৰষ্ট হোৱাটো উচিত নহয় । তেওঁ লগতে কয় যে, অসমত থাকি ইংৰাজী মাধ্যমত পঢ়িলে বুলিয়ে অসমীয়া ভাষা নাজানিব সেইয়া কেনে কথা । জাতি প্ৰতি এইটোৱে ঘোৰ অন্যায় । আছু, সাহিত্য সভাইয়ো প্ৰতিবাদ নকৰে । ইংৰাজী মাধ্যমত অসমীয়া ভাষা প্ৰচলনত গুৰুত্ব দিয়াত প্ৰয়োজন আছিল চৰকাৰৰ ৷ কিন্তু ইংৰাজী মাধ্যমৰ ছাত্ৰ-ছাত্ৰী বাবে অসমীয়া ভাষা উঠাই দিছে ৷

লগতে পঢ়ক : Pradeep Dutta Roy arrested : মুখ্যমন্ত্ৰীৰ সকিয়নীৰ পিছতে কাছাৰ আৰক্ষীয়ে দেখুৱালে তৎপৰতা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.