ETV Bharat / city

অক্সিজেনৰ অভাৱ : জে এন ইউৰ অধ্যাপক ড৹ অলকেশ বৰুৱাৰ মৃত্যু

author img

By

Published : Apr 26, 2021, 9:20 PM IST

অৱশেষত কাল ক'ভিডৰ ওচৰত হাৰ মানি দিল্লীৰ এখন ক'ভিড হাস্পতালত দেওবাৰে নিশা প্ৰায় আঢ়ৈ বজাত শেষ নিশ্বাস ত্যাগ কৰে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ডাঃ অলকেশ বৰুৱাই। সম্প্ৰতি ড৹ বৰুৱাৰ পত্নী আৰু পুত্ৰও ক'ভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ।

Dr. alakesh baruah Death Today At Delhi Covid Hospital
কাল ক'ভিডঃ জে এন ইউৰ অধ্যাপক ড৹ অলকেশ বৰুৱাৰ মৃত্যু

গুৱাহাটী, ২৬ এপ্ৰিল: দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক, অসমৰ সু-সন্তান, বিশিষ্ট শিক্ষাবিদ ডঃ অলকেশ বৰুৱাই অৱশেষত হাৰ মানিলে কাল ক'ভিডৰ ওচৰত । অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা বৰ্তমান অসম জাতীয় পৰিষদৰ নেতা পুলকেশ বৰুৱাৰ ভ্ৰাতৃ ড৹ অলকেশ বৰুৱা ক'ভিডত আক্ৰান্ত হোৱাৰ বাবে দিল্লীৰ এখন ক'ভিড হাস্পতালত চিকিৎসাধীন হৈ আছিল যদিও যোৱা নিশা প্ৰায় আঢ়ৈ বজাত অক্সিজেনৰ অভাৱ ঘটাত শেষ নিশ্বাস ত্যাগ কৰে । সম্প্ৰতি ড৹ বৰুৱাৰ পত্নী আৰু পুত্ৰও ক'ভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ।

নলবাৰীৰ গৰ্ডন স্কুলৰ পৰা স্কুলীয়া শিক্ষা সাং কৰি ড৹ অলকেশ বৰুৱাই কটন মহাবিদ্যালয়ৰ পৰা ১৯৭১ চনত অৰ্থনীতি বিভাগত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল । তাৰ পৰৱৰ্তী পৰ্যায়ত এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰিছিল স্নাতকোত্তৰ ডিগ্ৰী । ১৯৭৯ চনত দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্বিদ্যালয়ৰ পৰা পি এইছ ডি ডিগ্ৰী লাভ কৰা ড৹ বৰুৱাই মিছিগান বিশ্ববিদ্যালয় আৰু ৱাৰৱিক বিশ্ববিদ্যালয়ৰ পৰা প'ষ্ট ডক্ট'ৰেল ফেল'ৰ সন্মান লাভ কৰিছিল । ১৯৭৯ চনৰ পৰাই তেওঁ জৱাহৰলাল নেহৰু বিশ্বিদ্যালয়ত অৰ্থনীতি বিভাগৰ অধ্যাপক পদত অধিষ্ঠিত হৈ আছিল ।

লগতে পঢ়ক- ক’ভিড আক্ৰান্ত পত্নীক হত্যা ৰে’ল কৰ্মচাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.