গুৱাহাটী, 23 জানুৱাৰী : বেলতলা চাৰ্ভেৰ চন্দন নগৰৰ বৰুৱা দম্পতীৰ হত্যাকাণ্ডৰ ঘটনাটোৱে (Beltala Murder Case) লৈছে নতুন মোৰ । শনিবাৰে বৃদ্ধ দম্পতী ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাৰ হত্যাকাণ্ডৰ প্ৰায় চাৰিপৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰিছে দিছপুৰ আৰক্ষীয়ে (Dispur police filed charge sheet on Beltala Murder Case) ৷ এই অভিযোগনামাত এই লোমহৰ্ষক হত্যাকাণ্ডৰ কেবাটাও দিশ উল্লেখ কৰিছে আৰক্ষীয়ে ৷
প্ৰাপ্ত তথ্য অনুসৰি, আকাশ চৌধুৰীয়ে তেওঁৰ পত্নী পুতু দাসৰ সৈতে ননীগোপাল বৰুৱাৰ সম্পৰ্ক থকাৰ বাবেই দুই বৰুৱা দম্পতীক হত্যা কৰিছিল ৷ তদুপৰি ননীগোপাল বৰুৱাই পুতু দাসক হাজোত এডোখৰ মাটি দিছিল । সেই মাটিডোখৰ আকাশ চৌধুৰীয়ে নিজৰ নামত কৰি ল'ব বিচৰাৰ লগতে ননীগোপাল বৰুৱাক এখন গাড়ীও বিচাৰিছিল আকাশ চৌধুৰীয়ে ।
পিছে ননীগোপাল বৰুৱাই গাড়ী এখন নিদিয়াৰ বাবেই আকাশ চৌধুৰীয়ে এই হত্যাকাণ্ডটো সংঘটিত কৰিছিল ৷ এই হত্যাকাণ্ডটো পূৰ্ব পৰিকল্পিত আছিল বুলিও শনিবাৰে দাখিল কৰা অভিযোগনামাত উল্লেখ কৰিছে আৰক্ষীয়ে । ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে বিগত বৰ্ষৰ 27 ডিচেম্বৰত এই হত্যাকাণ্ডটোৰ অভিযোগনামা দাখিল কৰিছিল ।
লগতে চাওক: Beltala murder case : ফাদিল হ’ল ৰহস্য
উল্লেখ্য যে, বিগত বৰ্ষৰ অক্টোবৰ মাহত বেলতলা চাৰ্ভেৰ চন্দন নগৰত সংঘটিত হোৱা বৰুৱা দম্পতীৰ হত্যাকাণ্ডই ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ 25 অক্টোবৰৰ পুৱা বেলতলাত তলাবন্ধ কোঠাত তেজেৰে লুতুৰি-পুতুৰি হৈ থকা অৱস্থাত বৰুৱা দম্পতীৰ মৃতদেহ ।
প্ৰথম অৱস্থাত অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰা বুলি সন্দেহ হৈছিল যদিও তদন্তৰ অন্তত কেয়াৰ টেকাৰ আকাশ চৌধুৰীয়ে শিলেৰে থেতালি দুয়োকে হত্যা কৰিছিল বুলি আৰক্ষী নিশ্চিত হয় ৷ ইয়াৰ লগে লগে ঘটনাটোৰ মূল অভিযুক্ত আকাশ চৌধুৰীক আৰক্ষীয়ে আটক কৰিছিল ৷
জানিব পৰা মতে, কৰ্মসূত্ৰে দুই কন্যা সন্তান ক্ৰমে বেংগালুৰু আৰু লণ্ডনৰ বাসিন্দা হোৱাৰ হেতু বৰুৱা দম্পতীয়ে দীৰ্ঘদিনে চাৰ্ভেস্থিত ঘৰত অকলশৰীয়াকৈ জীৱন নিৰ্বাহ কৰি আহিছিল ৷ এই সুযোগ গ্ৰহণ কৰিয়ে আকাশ চৌধুৰী আৰু পত্নী পুতু দাসে এই হত্যাকাণ্ডটো সংঘটিত কৰিছিল ৷
লগতে পঢ়ক : নতুন মোৰ লৈছে বেলতলা হত্যাকাণ্ডই : কেয়াৰটেকাৰক গ্ৰেপ্তাৰ