ETV Bharat / city

বিজেপি-অগপৰ আসন বুজাবুজি ৯৫ শতাংশ সম্পূৰ্ণ : হিমন্ত বিশ্ব - Discussion on seat sharing 95 % completed between AGP and BJP : Himanta

মিত্ৰদল বিজেপি আৰু অগপৰ মাজত আসন বুজাবুজিক লৈ চলি থকা চৰ্চাৰ মাজতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যে, অগপৰ আসন বৃদ্ধি পাব ৷

হিমন্ত বিশ্ব শৰ্মা
হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Mar 2, 2021, 10:29 PM IST

গুৱাহাটী, 2 মাৰ্চ : অগপই পূৰ্বতকৈ অধিক আসন পোৱাৰ সম্ভাৱনা আছে ৷ এই ইংগিত দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মঙলবাৰে অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ দিছপুৰৰ চৰকাৰী আৱাসত হোৱা দীঘলীয়া ৰুদ্ধদ্বাৰ বৈঠকৰ পাছত হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে ৷ মিত্ৰদল দুটাৰ মাজত আসন বুজাবুজি প্ৰায় 95 শতাংশ সম্পূৰ্ণ হোৱা বুলি সদৰি কৰি মন্ত্ৰী শৰ্মাই ৷

লগতে তেওঁ কয় যে, বাকী 5 শতাংশ আলোচনা দিল্লীত সম্পূৰ্ণ হ'ব ৷ লক্ষনীয় বিষয় যে, অগপই 40 খন আসন বিচাৰিছে যদিও বিজেপিয়ে অগপৰ দখলত থকা কেইবাখনো আসনত নিজৰ প্ৰাৰ্থী দিয়াৰ কথা চৰ্চিত হৈছে ৷ তেনেস্থলত অগপই প্ৰকৃততে কেইটা সমষ্টি পাব সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ বিগত কেইবাদিন ধৰি আসন বুজাবুজিক লৈ এখনৰ পাছত আনখনকৈ বৈঠক অনুষ্ঠিত হৈছে মিত্ৰদল দুটাৰ মাজত ৷ খবৰ অনুসৰি অগপই নিজৰ দখলত থকা কেইবাটাও সমষ্টি হেৰুৱাব লগা হ'ব পাৰে ৷ অৱশ্যে দুই-এদিনতে সকলো স্পষ্ট হ'ব ৷

লগতে পঢ়ক : অতিথিশালা ত্যাগ কৰিব লাগিব মুখ্যমন্ত্ৰী সোণোৱালে !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.