ETV Bharat / city

জনসংযোগ সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক কনকেশ্বৰ বৰগোহাঞিৰ বিদায় সভা - জনসংযোগ সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক

শনিবাৰে তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক কনকেশ্বৰ বৰগোহাঞিৰ লগতে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা বিভাগীয় কর্মচাৰী অশোক শইকীয়া, গোলাপ চন্দ্ৰ ফাংচু, কামিনীকান্ত ডেকা, বিদ্যাসাগৰ বৰুৱা, নলিনী কুমাৰ শৰ্মা আৰু বিৰাজ হাজৰিকাক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয় । আটাইকেইগৰাকী বিষয়া-কৰ্মচাৰীক একোখনি ফুলাম গামোছা, এখনি শৰাই, মানপত্ৰ আৰু বিভাগীয় পত্ৰিকাৰে আনুষ্ঠানিকভাৱে বিদায় সম্বর্ধনা জ্ঞাপন কৰা হয় ।

DIPR farewell ceremony
তথ্য আৰু জনসংযােগৰ যুটীয়া সঞ্চালক আৰু কৰ্মচাৰীৰ বিদায় সভা
author img

By

Published : Nov 28, 2020, 10:52 PM IST

গুৱাহাটী, 28 নৱেম্বৰ : শনিবাৰে তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক কনকেশ্বৰ বৰগোহাঞিৰ লগতে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা বিভাগীয় কর্মচাৰী অশোক শইকীয়া, গোলাপ চন্দ্ৰ ফাংচু, কামিনীকান্ত ডেকা, বিদ্যাসাগৰ বৰুৱা, নলিনী কুমাৰ শৰ্মা আৰু বিৰাজ হাজৰিকাক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয় । আটাইকেইগৰাকী বিষয়া-কৰ্মচাৰীক একোখনি ফুলাম গামোছা, এখনি শৰাই, মানপত্ৰ আৰু বিভাগীয় পত্ৰিকাৰে আনুষ্ঠানিকভাৱে বিদায় সম্বর্ধনা জ্ঞাপন কৰা হয় ।

DIPR farewell ceremony
তথ্য আৰু জনসংযােগৰ সঞ্চালকালয়ৰযুটীয়া সঞ্চালক আৰু কৰ্মচাৰীৰ বিদায় সভা

সঞ্চালক অনুপম চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত বিভাগীয় শিল্পীসকলে পৰিবেশন কৰা এটি গীতেৰে আৰম্ভ কৰা হয় । সভাখনত সঞ্চালক অনুপম চৌধুৰী, অতিৰিক্ত সঞ্চালক প্ৰদীপ কুমাৰ ব্ৰহ্ম, ৰাইজৰ বাতৰিৰ সম্পাদক ভূপেন্দ্ৰ নাথ ভট্টাচার্য, জনসম্পৰ্কৰক্ষী বিষয়া জাহিদ আহমেদ তাপাদাৰ আৰু বিভাগীয় কর্মচাৰী ৰাচিদ জামাল, জোনালী দেৱী, জুৰী গোস্বামী আদিয়ে যুটীয়া সঞ্চালক বৰগোহাঞি আৰু অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰী কেইগৰাকীৰ সৈতে একেলগে কাম কৰাৰ অভিজ্ঞতা, অনুভৱ আদি ব্যক্ত কৰি ভাষণ প্ৰদান কৰে ৷

DIPR farewell ceremony
তথ্য আৰু জনসংযােগৰ সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক আৰু কৰ্মচাৰীৰ বিদায় সভা

আনহাতে, সভাখনত বিদায় সম্ভাষণ গ্ৰহণ কৰা সকলৰ মাজৰ পৰা কনকেশ্বৰ বৰগোহাঞি, গোলাপ চন্দ্ৰ ফাংচু আৰু বিদ্যাসাগৰ বৰুৱাইও ভাষণ প্ৰদান কৰি নিজৰ অনুভৱ ব্যক্ত কৰে । উল্লেখ্য যে, সভাত যুটীয়া সঞ্চালক দীপক বসুমতাৰী আৰু সঞ্চালকালয়ৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ৷

লগতে পঢ়কঃ কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত কাৰ্যনিৰ্বাহক সভা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.