ETV Bharat / city

লণ্ডনৰ আদালতত মুকুল হাজৰিকাৰ প্ৰত্যাৱৰ্তনৰ প্ৰক্ৰিয়া আৰম্ভ

author img

By

Published : May 17, 2022, 2:27 PM IST

Updated : May 17, 2022, 7:51 PM IST

সোমবাৰে লণ্ডনৰ Westminister Magistrates' Court ত ভাৰত চৰকাৰৰ হৈ যুক্তি প্ৰদৰ্শন কৰি অধিবক্তাই কয় যে, যোৱা সময়চোৱাত ডাঃ মুকুল হাজৰিকাই নতুন প্ৰজন্মক আলফা(স্বা)ত যোগদানৰ বাবে উৎসাহিত কৰি অহাৰ লগতে ম্যানমাৰৰ আলফা শিবিৰত উপস্থিত থাকি ভাষণো দিছিল ৷ সোমবাৰে ডাঃ হাজৰিকা লণ্ডনৰ এখন আদালতত সোঁ-শৰীৰে হাজিৰ হোৱাৰ উপৰিও তেওঁৰ অধিবক্তা বেন কুপাৰে আদালতত যুক্তি প্ৰদৰ্শন কৰে যে, এইগৰাকী বিশিষ্ট চিকিৎসক কোনোধৰণে ভাৰত চৰকাৰে দাবী কৰাৰ দৰে অসমৰ কোনো বিচ্ছিন্নতাবাদী সংগঠনৰ সৈতে জড়িত নহয় ৷

mukul hazarika
মুকুল হাজৰিকাৰ প্ৰত্যাৱৰ্তনৰ প্ৰক্ৰিয়া

নিউজ ডেস্ক, ১৭ মে': অভিজিৎ অসম আৰু ডাঃ মুকুল হাজৰিকা । এয়া একেজন মানুহৰে দুটা নাম নেকি ? ডাঃ মুকুল হাজৰিকাই আলফা (স্বা)ৰ এসময়ৰ সভাপতি অভিজিৎ অসম নেকি ? ভাৰত চৰকাৰৰ মতে ডাঃ মুকুল হাজৰিকাই হৈছে আলফা (স্বা) ৰ এসময়ৰ সভাপতি অভিজিৎ অসম (President of ULFA) । কিন্তু পৰেশ বৰুৱাই বহু পূৰ্বেই স্পষ্ট‌ কৰি দিছে যে, অভিজিৎ অসম আছিল এক কাল্পনিক চৰিত্ৰ । অৰ্থাৎ ডাঃ মুকুল হাজৰিকা নামৰ লোকজন অভিজিৎ অসম (Abhijit Asom) নহয় ।

deportation-process-of-mukul-hazarika-starts-in-london-court
মুকুল হাজৰিকা

লণ্ডন নিৱাসী তথা ইতিমধ্যে লণ্ডনৰ নাগৰিকত্ব গ্ৰহণ কৰা ডাঃ মুকুল হাজৰিকায়েই অভিজিৎ অসম বুলি ইতিমধ্যে স্পষ্ট কৰিছে ভাৰত চৰকাৰে । সেই অনুসৰি তেওঁক ভাৰতলৈ ঘূৰাই অনাৰ ন্যায়িক প্ৰক্ৰিয়াও ইতিমধ্যে ভাৰত চৰকাৰে আৰম্ভ কৰিছে । সেই প্ৰক্ৰিয়াৰ অংশস্বৰূপে সোমবাৰে উত্তৰ-পূৱ ইংলেণ্ডত বসবাস কৰি অহা ৭৫ বছৰীয়া ডাঃ মুকুল হাজৰিকা লণ্ডনৰ এখন আদালতত হাজিৰ হয় ।

উল্লেখযোগ্য যে, উত্তৰ-পূৱ ইংলেণ্ডৰ কাউণ্টি ডাৰহাম প্ৰদেশৰ এগৰাকী বিশিষ্ট চিকিৎসক হিচাপে পৰিচিত ডাঃ মুকুল হাজৰিকা (Dr. Mukul Hazarika) ৷

সোমবাৰে ডাঃ হাজৰিকা লণ্ডনৰ এখন আদালতত সোঁ-শৰীৰে হাজিৰ হোৱাৰ উপৰিও তেওঁৰ অধিবক্তা বেন কুপাৰে আদালতত যুক্তি প্ৰদৰ্শন কৰে যে, এইগৰাকী বিশিষ্ট চিকিৎসক কোনোধৰণে ভাৰত চৰকাৰে দাবী কৰাৰ দৰে অসমৰ কোনো বিচ্ছিন্নতাবাদী সংগঠনৰ সৈতে জড়িত নহয় ৷ তেওঁ আলফা(স্বা) ৰ হৈ ম্যানমাৰৰ শিবিৰত উপস্থিত থকা বিষয়টোও প্ৰামাণিক নহয় ৷

অৱশ্যে সুদীৰ্ঘ সময় ধৰি ডাঃ হাজৰিকা বিভিন্ন ধৰণৰ মানৱ অধিকাৰ সম্পৰ্কীয় বিষয়ত জড়িত হৈ আছে বুলিও অধিবক্তা বেন কুপাৰে আদালতক জানিবলৈ দিয়ে ৷ আনহাতে, সোমবাৰে লণ্ডনৰ Westminister Magistrates' Court ত ভাৰত চৰকাৰৰ হৈ যুক্তি প্ৰদৰ্শন কৰি অধিবক্তাই কয় যে, যোৱা সময়চোৱাত ডাঃ মুকুল হাজৰিকাই নতুন প্ৰজন্মক আলফা(স্বা)ত যোগদানৰ বাবে উৎসাহিত কৰি অহাৰ লগতে ম্যানমাৰৰ আলফা শিবিৰত উপস্থিত থাকি ভাষণো দিছিল ৷

এই সমস্ত বিষয়টো সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি.পি. সিঙে ইটিভি ভাৰতক জানিবলৈ দি কয়, '' এই গোচৰটো নিয়া(NIA)ই নিজাববীয়াকৈ অনুসন্ধান চলাই আছে ৷ পূৰ্বতে নিয়াৰ এটা দল অসমলৈ আহি ড৹ হাজৰিকাৰ নগাঁওস্থিত বাসগৃহতো অভিযান চলাইছিল ৷ এইক্ষেত্ৰত নিয়াই যিধৰণে সহায়-সহযোগিতা বিচাৰিছে অসম আৰক্ষীৰ ফালৰ পৰা সেয়া আগবঢ়োৱা হৈছে ৷ ইয়াৰ বাহিৰে অসম আৰক্ষী এই বিষয়টোৰ সৈতে জড়িত নহয় ৷"

স্মৰ্তব্য যে, ইতিপূৰ্বে এই বিতৰ্কত সোমাই পৰাৰ সময়ত ডাঃ মুকুল হাজৰিকাক লণ্ডন আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছিল ৷ অৱশ্যে পৰৱৰ্তী সময়ত কেতবোৰ চৰ্ত সাপেক্ষে তেওঁক জামিনত মুক্তি দিয়া হৈছিল ৷ ইংলেণ্ড এৰি আন ৰাষ্ট্ৰলৈ ভ্ৰমণত বাধা, নিশাৰ ভাগত চলা-ফূৰা কৰা ইত্যাদি কেতবোৰ চৰ্তৰ মাজত বিগত সময়চোৱাত উত্তৰ-পূৱ লণ্ডনৰ কাউণ্টি ডাৰহাম প্ৰদেশত বসবাস কৰি আহিছে ড৹ হাজৰিকাই ৷

এতিয়া প্ৰশ্ন হয়, লণ্ডনৰ আদালতত চলি থকা এই দীঘলীয়া ন্যায়িক প্ৰক্ৰিয়াই ডাঃ মুকুল হাজৰিকা আৰু অভিজিৎ অসম একেজন মানুহ বুলি প্ৰমাণ কৰিবলৈ সক্ষম হ’বনে ? যদিহে এয়া প্ৰমাণিত হয়, তেতিয়াহে ভাৰতলৈ প্ৰত্যাৱৰ্তন নিশ্চিত হ’ব ডাঃ মুকুল হাজৰিকাৰ ৷ কিয়নো তেওঁ বৰ্তমান হৈছে ইংলেণ্ডৰ নাগৰিক ৷ লগতে পঢ়ক: সাৰ্বভৌমত্বৰ বিষয়টো বাদ দিলেহে আলফাৰে আলোচনা সম্ভৱ: ৰাণা প্ৰতাপ কলিতা

Last Updated : May 17, 2022, 7:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.