গুৱাহাটী, 25 মাৰ্চ: শুকুৰবাৰে মহানগৰী চচলস্থিত ধৰ্ণাস্থলীত কোচ ৰাজবংশী সকলক জনজাতিৰ মৰ্যাদা প্ৰদান, বিটিৰ অঞ্চলত বসবাস কৰা কোচ ৰাজবংশী সকলৰ ভূমিৰ অধিকাৰ প্ৰদান, ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰা, উন্নয়ন বোর্ড গঠন কৰা আদিকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে (AKRASU protest in Guwahati) ৷
এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ আক্ৰাছুৰ বিটিচি সমিটিৰ সভাপতি সমীৰণ সিংহ আৰু সম্পাদক মণিৰাম ৰায়ে কয়, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ অধ্যাদেশ নং 9 ৰ জৰিয়তে 1996 চনৰ 27 জানুৱাৰী তাৰিখে কোচ ৰাজবংশী সকলক ভৈয়াম জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিছিল ৷
যদিও সেই জনজাতিৰ মৰ্যাদা কোচ ৰাজবংশী লোকসকলে বেছিদিন উপভোগ কৰিব নোৱাৰিলে । যাৰ পৰিপেক্ষিতত আজিৰ তাৰিখলৈ আক্ৰাছু জনজাতিকৰণৰ মৰ্য্যদা প্ৰাপ্তিৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিবলগীয়া হৈছে । BJP দলৰ চৰকাৰখনে জনজাতিকৰণ বিলখন বিধানসভাৰ মজিয়াত পাছ কৰিছিল যদিও কাৰ্য্যত সফল ৰূপায়িত নহ’ল (Demand for scheduled tribe status to Koch Rajbongshi)।
কেন্দ্ৰীয় চৰকাৰে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত কোচ ৰাজবংশীসকলৰ জনজাতিৰ মৰ্যাদা সম্পৰ্কে প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰক প্ৰেৰণ কৰিবলৈ দিছিল যদিয়ো সেই প্ৰতিবেদন আজিৰ তাৰিখলৈ প্ৰেৰণ নকৰাত আক্ষেপ প্ৰকাশ কৰে সন্থাৰ নেতৃবৃন্দই ।
কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সদিচ্ছাহীনতাৰ বাবে কোচ ৰাজবংশী সকলে জনজাতিৰ মৰ্যাদাৰ পৰা বঞ্চিত হোৱা বুলি ক্ষোভ ব্যক্ত কৰি প্ৰতিবাদ কাৰী সকলে অনাগত দিনত জনজাতি কৰণৰ দাবীত আন্দোলন অতি তীব্ৰতৰ কৰিব বুলি চৰকাৰক সকীয়াই দিয়ে ।
লগতে পঢ়ক : Rajya Sabha Election 2022: বিৰোধীৰ ৪৩ৰ অংকত আউল লগাৰ আশংকা