ETV Bharat / city

অখিল গগৈৰ মুক্তিৰ দাবী ভিন্নজনৰ - অখিল গগৈৰ মুক্তিৰ দাবী

অখিল গগৈ, বিতু সোণোৱাল আৰু ধৈৰ্য কোঁৱৰৰ মুক্তিৰ দাবী উঠিছে ৰাজ্যৰ সৰ্বত্ৰে । অখিল গগৈক বহু কেইটা গোচৰ জাপি দি বন্দী কৰি ৰখা কাৰ্যত তোলপাৰ লাগি আছে ৰাজ্য ।

অখিল গগৈৰ মুক্তিৰ দাবী বিভিন্নজনৰ
অখিল গগৈৰ মুক্তিৰ দাবী বিভিন্নজনৰ
author img

By

Published : Jul 11, 2020, 12:16 AM IST

গুৱাহাটী, 10 জুলাই : অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিবাদৰ জোৱাৰ উঠিছে । বহুতেই অতিশীঘ্ৰে কাৰামুক্ত কৰাৰ বাবে দাবী তুলিছে অখিল গগৈক । কাৰাগাৰত থকা দুজনকৈ সতীৰ্থ বিতু সোণোৱাল আৰু ধৈৰ্য কোঁৱৰৰ দেহত কোভিড পজিটিভ পোৱাৰ পাচত অখিল গগৈৰ দেহতো ভাইৰাছে আক্ৰমণ কৰাৰ আশংকা কৰিছে প্ৰাক্তন কৃষক নেতা তথা বৰ্তমানৰ কংগ্ৰেছৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে ৷

আনহাতে অখিলক বিনাচৰ্তে মুক্তিৰ দাবী তুলিলে সদৌ অসম যুৱ ছাত্ৰ পৰিষদৰ মহানগৰ সমিতিয়েও ৷ অন্যায়ভাৱে অখিলসহ সকলো CAA বিৰোধী নেতাক বন্দী কৰি থৈছে বুলি অভিযোগ তুলিছে সংগঠনটোৱে ৷ আনহাতে কৃষক মুক্তিৰ বিষয়ববীয়া সকলেও কাৰাৰুদ্ধ অখিলক মুক্তিৰ ব্যাপক দাবী উত্থাপন কৰিছে ।

অখিল গগৈৰ মুক্তিৰ দাবী ভিন্নজনৰ

উল্লেখ্য যে CAA বিৰোধী আন্দোলনৰ সময়ৰ পৰাই বিভন্ন গোচৰ জাপি দি কাৰাবন্দী কৰি ৰাখিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক । তেওঁৰ লগতে সংগঠনটোৰ আন দুজন নেতা ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালকো কাৰাবন্দী কৰি ৰখা হৈছে ।

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰাত থকা সময়তেই ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল কৰ'ণাত আক্ৰান্ত হয় আৰু অখিল গগৈৰ দেহতো কৰ'ণাৰ লক্ষণে দেখা দিয়ে । অৱশ্যে অখিল গগৈৰ ফলাফল নিগেটিভ আহে। অসুস্থ হৈ পৰা তিনিও নেতাৰে মুক্তিৰ বাবে বিভিন্ন দল সংগঠন, ব্যক্তিয়ে দাবী উত্থাপন কৰিছে ।

লগতে পঢ়কঃ ড্ৰাগছৰ বিৰুদ্ধে নগাঁৱত আছুৰ মানৱ শৃংখল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.