ETV Bharat / city

বিধানসভাত বিৰোধী দলৰ অধিকাৰক খৰ্ব কৰা হৈছে: দেৱব্ৰত শইকীয়া

বিৰোধী দলৰ অধিকাৰক বিধানসভা অধিৱেশনৰ কালছোৱাত বিভিন্ন প্ৰকাৰে খৰ্ব কৰা হৈছে বুলি দাবী কৰিছে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই ( Leader of Opposition in Assam Assembly Debabrata Saikia) ৷ সবিশেষ জানো আহক ৷

debabrata-saikia-reacts-on-oppositions-right-in-assembly
বিধানসভাত বিৰোধী দলৰ অধিকাৰক খৰ্ব কৰা হৈছে: দেৱব্ৰত শইকীয়া
author img

By

Published : Apr 2, 2022, 6:31 PM IST

গুৱাহাটী, 2 এপ্ৰিল : বিধানসভা অধিৱেশনৰ কালছোৱাত বিভিন্ন প্ৰকাৰে বিৰোধী দলৰ অধিকাৰক খৰ্ব কৰা হৈছে বুলি বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই অভিযোগ কৰে (Debabrata Saikia on Opposition's right in Assembly) । শনিবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই এই অভিযোগ কৰি কয় যে 14 মার্চত বিধানসভাত ৰাজ্যপাল জগদীশ মুখীয়ে প্ৰায় 36 পৃষ্ঠাৰ ভাষণ ৰাখে যদিও এই ভাষণত এই চৰকাৰৰ দিনত হোৱা দুর্নীতি আৰু বিফলতাসমূহ প্ৰকাশ নাপালে ।

অধিৱেশনৰ কালছোৱাত ৰাজ্যখনৰ বিভিন্ন অভাব-অভিযোগ, সমস্যা আদি বিৰোধী পক্ষই বলিষ্ঠভাবে উত্থাপন কৰিছিল । এই অধিৱেশনত শাসক পক্ষই পূৰ্বৰ দৰেই ৰাজ্যৰ অভাৱ-অভিযোগক আওকাণ কৰিছে । ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত বর্তমান 1,07,149 টা পদ খালী হৈ আছে ।এই বাজেটত সাধাৰণ জনতাক সকাহ দিব পৰাকৈ কোনো আঁচনিয়ে স্থান নাপালে । শিক্ষা, স্বাস্থ্য, কৃষি আদি গুৰুত্বপূর্ণ বিভাগত পূৰ্বৰ তুলনাত পুঁজি হ্ৰাস কৰা হ'ল । প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয়লৈ 28, 190 টা পদ খালী হৈ আছে বুলি জনায় বিৰোধী দলৰ দলপতিগৰাকীয়ে ।

লগতে বহু বিদ্যালয় এজনীয়া শিক্ষকেৰে চলি আছে, বহু বিদ্যালয়ত আন্তঃগাঁথনিৰ এতিয়াও অভাৱ আছে । এই সমস্যাসমূহ সমাধানৰ বাবে কোনো বিশেষ প্ৰতিশ্ৰুতি প্ৰদান নকৰিলে । বিধান সভাৰ অধিৱেশনত কেইবাটাও গুৰুত্বপূর্ণ বিষয়ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিলো বুলি জনায় বিৰোধী দলৰ দলপতিগৰাকীয়ে ।

বিধানসভাত বিৰোধী দলৰ অধিকাৰক খৰ্ব কৰা হৈছে: দেৱব্ৰত শইকীয়া

তাৰ ভিতৰত প্ৰথমতে গুৱাহাটী মহানগৰীত পানী যোগান আঁচনিত হোৱা বিভিন্ন দুর্নীতি, কৃষি বিভাগৰ 700 কোটি টকাৰ কেলেংকাৰী আদি ।এই ক্ষেত্ৰত অসম চৰকাৰে ৰাজনৈতিক কাৰণত এই কথা মানি ল’ব নিবিচাৰি চালে-বেৰে কোবোৱা কথাৰে বিধান সভাত আভুৱা ভাৰিছে বুলি চৰকাৰক সমালোচনা কৰে দেৱব্ৰত শইকীয়াই । ৰাজ্যত প্ৰতি 5 হাজাৰ পশুধনৰ বিপৰীতে মাত্ৰ এজনকে পশু চিকিৎসকৰ আৱশ্যকতা আছে ।

সেই অনুপাতে অসমত মুঠ 2494 জন পশু চিকিৎসক থাকিব লাগে । কিন্তু তাৰ বিপৰীতে অসমত মাত্ৰ 538 জনহে পশু চিকিৎসক আছে বুলি মন্তব্য কৰে বিৰোধী দলৰ দলপতিগৰাকীয়ে । কিন্তু চৰকাৰখনে অধিৱেশনৰ কালচোৱাত এই বিষয়ত কোনাো ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ইচ্ছা প্রকাশ নকৰিলে। একেদৰে দুগ্ধ উৎপাদনৰ ক্ষেত্ৰটো ক্ৰমান্বয়ে 2020-21 চনৰ তুলনাত চাহিদা অনুসৰি দুগ্ধ উৎপাদনত ব্যর্থ হৈছে বুলি উল্লেখ কৰে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই ।

লগতে পঢ়ক : পুনৰ কবিতা লৈ আহিছে ভূপেন বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.