গুৱাহাটী,১ নৱেম্বৰ : মহানগৰীৰ নুনমাটি আৰক্ষী থানাৰ অন্তৰ্গত চূণচালিত তীব্ৰ চাঞ্চল্য ৷ চূণচালিৰ ব্ৰহ্মপুত্ৰ নৈৰ চৰ-চাপৰিত সোমবাৰে দিনৰ ভাগত উদ্ধাৰ হৈছে এটি অৰ্ধগলিত অচিনাক্ত লোকৰ মৃতদেহ । আৰক্ষীয়ে চিনাক্ত কৰা অনুসৰি, উদ্ধাৰ হোৱা মৃতদেহটো হৈছে এজন পুৰুষ ৷
মন কৰিবলগীয়া কথা এই যে, চূণচালিৰ নৈপৰীয়া লোকসকলে নৈৰ পানী শুকুৱাৰ পিছত ব্ৰহ্মপুত্ৰ নৈয়ে সৃষ্টি কৰা চৰ অঞ্চলত চাফ-চিকুণ কৰি শাক-পাচলিৰ খেতি কৰে । প্ৰতি বছৰৰ দৰে এই বছৰো স্থানীয় একাংশ লোকে বিগত কিছুদিনৰ পৰা চৰৰ মাটি মোকোলাই খেতি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । তেনে সময়তে সোমবাৰে ব্ৰহ্মপুত্ৰৰ চৰত একাংশ লোকে জংঘল চাফ-চিকুণ কৰি থকাৰ সময়তে প্ৰত্যক্ষ কৰে মৃতদেহটো ।
তাৰ পাচতেই অঞ্চলটোত সৃষ্টিত হয় তীব্ৰ আতংকৰ ৷ পৰৱৰ্তী সময়ত অঞ্চলবাসীয়ে খবৰ দিয়া হয় নুনমাটি আৰক্ষীক ৷ ঘটনাস্থলীত নুনমাটি আৰক্ষী থানাৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে অৰ্ধগলিত মৃতদেহটো ।
আৰক্ষীৰ সন্দেহ, উদ্ধাৰ হোৱা মৃতদেহটো নৈৰ পানীৰ সোঁতত ভাঁহি আহিছিল ৷ বহু দিনৰ পৰা এনেধৰণেৰেই পৰি আছিল মৃতদেহটো । উদ্ধাৰ হোৱা মৃতদেহটোৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷
লগতে পঢ়ক : লক্ষ্য ৩৩ লাখ : প্ৰদেশ কংগ্ৰেছৰ সদস্যভৰ্তি অভিযান আৰম্ভ