ETV Bharat / city

গ্ৰামাঞ্চলত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ - Covid SoP

কঠোৰ নীতি-নিৰ্দেশনা তথা কাৰ্ফিউ বলৱৎ থকাৰ পাছতো শোণিতপুৰ, কাছাৰ, নগাঁও, তিনিচুকীয়া, ডিব্ৰুগড়ৰ লগতে গোলাঘাট, মৰিগাঁও আদি জিলাত কৰ’ণাৰ সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । শেহতীয়াকৈ আক্ৰান্তৰ ক্ষেত্ৰত শীৰ্ষত আছে শোণিতপুৰ জিলা ।

danger situation of corona in rural areaof assam
গ্ৰামাঞ্চলত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ
author img

By

Published : Jun 19, 2021, 8:10 PM IST

গুৱাহাটী, ১৯ জুন : ৰাজ্যৰ ক'ভিড পৰিস্থিতি এতিয়াও শংকামুক্ত হোৱা নাই । গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাৰ ক'ভিড পৰিস্থিতি কিছু উন্নত হৈছে যদিও বহুকেইখন জিলাৰ পৰিস্থিতি এতিয়াও বিপদজনক হৈ আছে । কঠোৰ নীতি-নিৰ্দেশনা তথা কাৰ্ফিউ বলৱৎ থকাৰ পাছতো শোণিতপুৰ, কাছাৰ, নগাঁও, তিনিচুকীয়া, ডিব্ৰুগড়ৰ লগতে গোলাঘাট, মৰিগাঁও আদি জিলাত সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

বিশেষকৈ শোণিতপুৰ জিলাৰ পৰিস্থিতি অধিক জটিল হৈ পৰিছে । বিগত দহ দিনত ক'ভিড আক্ৰান্তৰ সংখ্যাৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰীকো অতিক্ৰম কৰিছে শোণিতপুৰ জিলাই । বিগত দহ দিনত কামৰূপ মহানগৰ জিলাৰ মুঠ ক'ভিড আক্ৰান্তৰ সংখ্যা ২,৫৩৩ গৰাকী হোৱাৰ বিপৰীতে শোণিতপুৰ জিলাৰ হৈছে ২,৫৫৩ গৰাকী । বিগত ২৪ ঘণ্টাত গুৱাহাটীত ২০৪ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে শোণিতপুৰ জিলাত আক্ৰান্ত হৈছে ২৬২ গৰাকী ।

সেইদৰে গোলাঘাটত ২৪০ গৰাকী, ডিব্ৰুগড়ত ২৩৪ গৰাকী, তিনিচুকীয়াত ২১০ গৰাকী, যোৰহাটত ২০৯ গৰাকী লোক আক্ৰান্ত হৈছে । উল্লেখ্য যে, চৰকাৰে বিশেষভাৱে দৃষ্টি ৰখা পাঁচখন জিলা ক্ৰমে তিনিচুকীয়া, ডিব্ৰুগড়, কাছাৰ, শোণিতপুৰ আৰু নগাঁও জিলাৰ উপৰি আন কেইবাখনো জিলাত সংক্ৰমণৰ সংখ্যা চিন্তনীয় ৰূপত বৃদ্ধি পাইছে । গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ চহৰাঞ্চলত সংক্ৰমণৰ হাৰ ক্ৰমাৎ হ্ৰাস পাইছে যদিও গ্ৰামাঞ্চলত সংক্ৰমণৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে । যাক লৈ এতিয়া স্বাস্থ্য বিভাগ উদ্বিগ্ন হৈ পৰিছে ।

সংক্ৰমণ ৰোধ কৰাৰ বাবেই এতিয়াও চৰকাৰে আন্তঃজিলা যাতায়াত বন্ধ ৰাখিছে । উল্লেখ্য যে, আৰম্ভণিতে গুৱাহাটী মহানগৰী ক'ভিড সংক্ৰমণৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছিল যদিও এতিয়া পৰিস্থিতি যথেষ্ট উন্নত হৈছে । সংক্ৰমণৰ হাৰ ১৫ শতাংশৰ পৰা ১.৫ লৈ হ্ৰাস পাইছে মহানগৰীত ।

চিকিৎসালয় তথা ক'ভিড কেয়াৰ চেণ্টাৰসমূহত ৰোগীৰ সংখ্যা কমি আহিছে । আন্তঃজিলা যাতায়াত বন্ধ থকাৰ পিছতো গ্ৰামাঞ্চলত সংক্ৰমণৰ হাৰ হ্ৰাস নোপোৱাত উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ । ইফালে এই ক'ভিড পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ বিভিন্ন জিলাত বানৰ ভয়াৱহতা বৃদ্ধি পাব ধৰিছে । ফলত পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকাই দেখা দিছে ৰাজ্যত ।

লগতে পঢ়ক : মোদীৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ: দিল্লীলৈ উৰিল সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.