ETV Bharat / city

সাত মাইলৰ দহমহলীয়া বিল্ডিঙত চিকিৎসা চলিব কৰ'ণা পজিটিভ কাৰাবন্দীৰ

author img

By

Published : Jul 17, 2020, 10:48 PM IST

ৰাজ্যত শেহতীয়াকৈ দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে ক'ভিড পজিটিভৰ ঘটনা । প্ৰায় কেইটা হাস্পাতাল ক'ভিড ৰোগীৰে পূৰ হৈ থকাৰ বাবে স্বাস্থ্য বিভাগে বিকল্প ব্যৱস্থা হাতত ল'বলৈ আৰম্ভ কৰিছে ।

Covid Treatment of jail inmates in ten storied building in 7 Mile

গুৱাহাটী, 17 জুলাই : মহানগৰীৰ সাতমাইলৰ এটা দহমহলীয়া অট্টালিকা ক'ভিড কেয়াৰ হাস্পতাল কৰাৰ চিন্তা চৰ্চা কৰিছে স্বাস্থ্য বিভাগে । গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ বহু কেইটো কাৰাবন্দীৰ দেহত কৰ'ণা ভাইৰাছ ধৰা পৰাৰ পাচতেই এই কথা বিবেচনা কৰিছে স্বাস্থ্য বিভাগে ৷

সাত মাইলৰ দহমহলীয়া বিল্ডিঙত চিকিৎসা চলিব কৰ'ণা পজিটিভ কাৰাবন্দীৰ

ইতিমধ্যে কাৰাবন্দী সকলক সেই অট্টালিকাত ভৰ্তি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । প্ৰথম পৰ্যায়ত প্ৰায় 200 গৰাকী কৰ'ণা পজিটিভ কাৰাবন্দীক ৰখাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে ।

শুকুৰবাৰে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ এটা দলে অট্টালিকাটো পৰিদৰ্শন কৰে। সকলো ঠিকে ঠাকে থাকিলে অহা দুই-তিনিদিনৰ ভিতৰতে এই দহমহলীয়া অট্টালিকাটো ৰূপান্তৰ কৰা হ’ব ক'ভিড কেয়াৰ হাস্পতাললৈ । উল্লেখ্য যে,বৰ্তমানে কোৱাৰেইণ্টাইন চেন্টাৰ হিচাপে ব্যৱহাৰ হৈ আছে এই অট্টালিকাটো ।

লগতে চাওক- পৰ্বতাৰোহী অনচু জেমছেনপাৰ সৈতে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.