ETV Bharat / city

COVID situation in Assam : ২.৩৭ শতাংশলৈ বৃদ্ধি ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ

author img

By

Published : Jan 6, 2022, 10:17 PM IST

অসমত বৃহস্পতিবাৰে নতুনকৈ ৮৪৪ জনৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে (Latest COVID update of Assam)। আটাইতকৈ উদ্বেগজনক কথাটো হ’ল ইয়াৰে ৩৬৯ গৰাকীয়েই হৈছে গুৱাহাটী মহানগৰীৰ । ক’ভিডত আজিৰ দিনটোত দুজন লোকৰ মৃত্যু হয় ।

COVID situation in Assam : ২.৩৭ শতাংশলৈ বৃদ্ধি ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ
COVID situation in Assam : ২.৩৭ শতাংশলৈ বৃদ্ধি ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ

গুৱাহাটী, ৬ জানুৱাৰী : দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো অধিক ভয়াৱহ হৈ পৰিছে ক’ভিড পৰিস্থিতি(COVID situation in Assam) । বিগত কিছুদিন ধৰি ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ দ্ৰুত অবনতি ঘটিছে। যাক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ । বৃহস্পতিবাৰৰ দিনটোত অসমত নতুনকৈ ৮৪৪ জনৰ দেহত কৰ’ণা পজিটিভ ধৰা পৰিছে (Latest COVID update of Assam) । আটাইতকৈ উদ্বেগজনক কথাটো হ’ল ইয়াৰে ৩৬৯ গৰাকীয়েই হৈছে গুৱাহাটী মহানগৰীৰ ।

বৃহস্পতিবাৰৰ দিনটোত ক’ভিডত দুজন লোকৰ মৃত্যু হয় (COVID related death in Assam) । ক’ভিড পজিটিভিটি হাৰ হৈছে ২.৩৭ শতাংশ । বুধবাৰে এই হাৰ আছিল ১.৭২ শতাংশ । দিনক দিনে ভয়াৱহ হাৰত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা । বুধবাৰে কামৰূপ মহানগৰত আক্ৰান্তৰ সংখ্যা আছিল ২৭৯ গৰাকী । অৰ্থাৎ বুধবাৰৰ তুলনাত আজিৰ দিনটোত আক্ৰান্তৰ সংখ্যা ৯০ জন বৃদ্ধি পাইছে । আনহাতে ৪ জানুৱাৰিত কামৰূপ মহানগৰত আক্ৰান্তৰ সংখ্যা আছিল ১৯০গৰাকী ।

বিগত তিনি-চাৰিদিনৰ তথ্য চালে এটা কথা নিশ্চিত হয় যে অসমৰ লগতে কামৰূপ মহানগৰ জিলাত ক্ৰমান্বয়ে ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ।

যিটো অতি উদ্বেগজনক হিচাপে বিবেচিত হৈছে । ইফালে, ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত ৰাজ্য চৰকাৰে ইয়াক নিয়ন্ত্ৰণৰ বাবে কিছু কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সম্ভাৱনা দেখা দিছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক সতৰ্কতা অৱলম্বনৰ অনুৰোধ জনোৱাৰ লগতে শুকুৰবাৰে ক’ভিড সম্পৰ্কে নতুন নীতি-নিৰ্দেশনা প্ৰকাশ পাব বুলিও জানিবলৈ দিয়ে (COVID management in Assam) ।

লগতে পঢ়ক : খাদ্যত বিহ মিহলাই অৰ্ধশতাধিক কুকুৰাক হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.