গুৱাহাটী,১৬ জানুৱাৰী: ৰাজ্যত ক'ভিডৰ ভয়াৱহ সংক্ৰমণ অব্যাহত আছে (Assam covid update) । বিগত ২৪ ঘণ্টাত ৰাজ্যখনত আক্ৰান্তৰ হাৰ হৈছে ১২.১৩ শতাংশ । দিনক দিনে ৰাজ্যখনত ক'ভিডৰ সংক্ৰমণৰ ক্ৰমাৎ ঊৰ্দ্ধমুখী হৈছে । শুকুৰবাৰৰ দিনটোত ৰাজ্যখনত ৬,৮৯৭ গৰাকী লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে । ইয়াৰে ১,৫৬১ গৰাকী গুৱাহাটী মহানগৰীৰ ।
শুকুৰবাৰৰ দিনটোত ৰাজ্যত ৫৬,৮৪৯ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হয় । সেই অনুসৰি আক্ৰান্তৰ হাৰ ১২.১৩ শতাংশ । উল্লেখ যে শুকুৰবাৰৰ দিনটোত ৰাজ্যত কৰ'ণাত আক্ৰান্ত হৈ ১৫ গৰাকী লোকে প্ৰাণ হেৰুৱাই । লক্ষণীয় বিষয় যে আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ সমান্তৰালকৈ মৃত্যুৰ হাৰ ক্ৰমাৎ চিন্তনীয় ৰূপত বৃদ্ধি পাইছে । ইফালে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰা ক'ভিড পৰিস্থিতিৰ বাবে ইতিমধ্যে পুনৰ ৰাজ্যজুৰি কঠোৰভাৱে ক'ভিড বিধি বলৱৎ কৰা হৈছে ।
মন কৰিবলগীয়া যে বছৰটোৰ প্ৰথমটো দিনত ৰাজ্যত ক'ভিড সংক্ৰমণৰ হাৰ আছিল মাত্ৰ ০.৭৭ শতাংশ । কিন্তু এতিয়া সেই হাৰ ১২.১৩ শতাংশলৈ বৃদ্ধি পাইছে ।
উল্লেখ যে ক’ভিড পৰীক্ষা সামান্য বৃদ্ধি কৰোঁতেই বহু গুণলৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। ক'ভিডৰ দ্ৰুত সংক্ৰমণৰ বিপৰীতে ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে । উদ্বেগজনক বিষয় যে আক্ৰান্ত ৯০ শতাংশই ক'ভিডৰ দুয়োটা ড’জ লোৱা ব্যক্তি বুলিও স্বাস্থ্য বিভাগৰ সমীক্ষাত প্ৰকাশ পাইছে ।
লগতে পঢ়ক: মহানগৰীৰ অম্বিকাগিৰী ছোৱালী হায়াৰ ছেকেণ্ডাৰী স্কুলক কন্টেইনমেন্ট জ'ন ঘোষণা