ETV Bharat / city

Covid update in Assam : বুধবাৰে ৰাজ্যত সৰ্বাধিক লোক আক্ৰান্ত হ’ল ক’ভিডত

author img

By

Published : Jan 20, 2022, 9:32 AM IST

ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি হৈছে ক’ভিডত আক্ৰান্তৰ সংখ্যা (covid positive cases rapidly increasing in assam) ৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি (Covid update in Assam) বৰ্তমান ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা 8339 জন ৷ সৰ্বমুঠ ক'ভিড-19 ত আক্ৰান্তৰ হাৰ 12.89 শতাংশ ৷

covid-positive-cases-rapidly-increasing-in-assam
বুধবাৰে ৰাজ্যত সৰ্বাধিক লোক আক্ৰান্ত হ’ল ক’ভিডত

নিউজ ডেস্ক , 20 জানুৱাৰী : সম্প্ৰতি ৰাজ্য তথা গুৱাহাটীত ক’ভিড-19 ভয়াবহ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে (Increasing COVID cases in Assam) । বিশেষকৈ মহানগৰীত আক্ৰান্তৰ সংখ্যা ভয়াৱহ ৰূপত বাঢ়ি আছে (COVID cases in Guwahati) ৷ ভোগালী বিহুৰ পিছতে ৰাজ্য তথা গুৱাহাটীত ক’ভিড-19 ভয়াৱহ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে ৷

বুধবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই টুইটাৰযোগে ৰাজ্যৰ বৰ্তমানৰ ক'ভিড-19 ৰ পৰিস্থিতি সম্পৰ্কে এক তথ্য দাঙি ধৰে (Covid update in Assam) ৷

এই তথ্য মৰ্মে, ৰাজ্যত বৰ্তমান ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা 8339 জন ৷ সৰ্বমুঠ ক'ভিড-19 ত আক্ৰান্তৰ হাৰ 12.89 শতাংশ ৷ লগতে কৰ’ণাৰ পৰীক্ষা সম্পন্ন হৈছে 64,699 গৰাকীৰ ৷ ইয়াৰ ভিতৰত কামৰূপ(ম) ত 1929 জন লোক ক'ভিড-19 ত আক্ৰান্ত হয় ৷ ইতিমধ্যে 94.39 শতাংশ লোকে ক'ভিডৰ পৰা আৰোগ্য লাভ কৰিছে ৷ লগতে বিগত 24 ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈ 15 জন লোকৰ মৃত্যু হৈছে ৷

শেহতীয়াকৈ কামৰূপ মহানগৰত ক'ভিডৰ ভয়াৱহতা যথেষ্ট হাৰত বৃদ্ধি হৈছে (COVID cases in Guwahati) ৷ কেৱলমাত্ৰ কামৰূপ মহানগৰতেই 11,955 গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ লগতে কাছাৰত 2,779 জন, ডিব্ৰুগড়ত 2,709 জন (COVID cases at Dibrugarh) , যোৰহাটত 2499 জন (COVID cases at Jorhat), কামৰূপ গ্ৰাম্যত 1,934 জন লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ ইয়াৰোপৰি ৰাজ্যৰ আন আন জিলাতো ক'ভিডৰ সংহাৰী ৰূপ অব্যাহত আছে ৷

ইতিমধ্যে প্ৰত্যেকখন জিলাতে ক'ভিড চিকিৎসাৰ বাবে সকলোধৰণৰ ব্যৱস্থা গঢ়ি তোলা হৈছে ৷ অৱশ্যে এইবাৰ ক’ভিড ৰোগীসকলে সম্পূৰ্ণ নিজা খৰচত চিকিৎসা, খাদ্য আদি গ্ৰহণ কৰিব লাগিব ক’ভিড চিকিৎসালয়ত ৷

সম্প্ৰতি ৰাজ্যৰ চিনেমা হল, পাৰ্ক, শ্বপিং ম’লৰ লগতে ৰাজহুৱা স্থানত প্ৰশাসনে মাস্ক পিন্ধাতো বাধ্যতামূলক কৰিছে ৷ ইফালে ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ বহুকেইখন বিদ্য়ালয় আৰু মহাবিদ্যালয়ত ক'ভিডত আক্ৰান্তৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে ৷

ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে ক’ভিডৰ নীতি-নিয়মসমূহ মানি সজাগ হৈ থাকিবলৈ বাৰম্বাৰ ৰাইজক অনুৰোধ জনাইছে৷ ৰাজহুৱা স্থানত মাস্ক পৰিধান, জনসমাগমৰ পৰা নিজকে বিৰত ৰখা আদি উপায় অৱলম্বনেৰে সংক্ৰমণৰ শিকলিডাল যাতে চিঙি পেলাব পাৰি তাৰ কাৰণে ৰাইজক আহ্বান জনাইছে চৰকাৰ তথা আহ্বান জনাইছে ৷

লগতে পঢ়ক : Omicron in Assam: ৰাজ্যৰ অধিকাংশ ক’ভিড পজিটিভ লোক আক্ৰান্ত হৈছে অ’মিক্ৰণত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.