নিউজ ডেস্ক, 1 ছেপ্টেম্বৰ : সোমবাৰে নিশা 11:30 বজাত হঠাৎ অক্সিজেন লেভেল হ্ৰাস পায় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ এই কথা ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে, চিকিৎসকৰ এটা দলে তেওঁৰ চিকিৎসা কৰি আছে আৰু তেওঁক প্লাজমা আৰু দুই লিটাৰ অক্সিজেন প্ৰদান কৰা হৈছে ৷ প্ৰায় 88 শতাংশলৈ তৰুণ গগৈৰ অক্সিজেনৰ লেভেল হ্ৰাস পাইছিল বুলি তথ্য লাভ কৰা হৈছে ৷
উল্লেখ্য যে, কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি তৰুণ গগৈয়ে নিজে ঘোষণা কৰিছিল আৰু ইয়াৰ পাচতে তেওঁক GMCH ত ভৰ্তি কৰোৱা হৈছিল ৷ বৰ্তমান তেওঁৰ স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : আজি সম্পন্ন হ'ব প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীৰ অন্তোষ্টিক্ৰিয়া