ৰঙিয়া, 23 জুন : সমাগত বাৰিষা ৷ তাৰ মাজতেই ৰঙিয়াত উন্মোচিত হৈছে মথাউৰি মেৰামতিৰ কামত দুৰ্নীতিৰ অভিযোগ ৷ ৰঙিয়াৰ ধূলাবড়িত পুঠিমাৰী নৈৰ মথাউৰি মেৰামতিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন হৈছে ।
জানিব পৰা মতে, নিৰ্মাণৰ দুমাহ পিছতে জহি-খহি গৈছে কোটিটকীয়া মথাউৰি । অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপিত হৈছে ঠিকাদাৰৰ বিৰুদ্ধে । জলসম্পদ বিভাগে নৈখনৰ মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰতো বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন নকৰাৰ অভিযোগ উত্থাপন হৈছে ।
বৃহত্তৰ অঞ্চলটোৰ গঞাই সময় থাকোতেই এইক্ষেত্ৰত বিভাগীয়ভাৱে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । যদিহে নৈৰ পানী বিপদসীমাৰ ওপৰেৰে পাৰ হয়, তেতিয়াহ’লে যিকোনো মুহুৰ্ততে মথাউৰি চিঙি ৰঙিয়াৰ বৃহত্তৰ অঞ্চলত পুনৰাই জলপ্ৰলয় হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । আনহাতে ঠায়ে ঠায়ে পুঠিমাৰী নৈৰ প্ৰবল খহনীয়াৰ সৃষ্টি হৈছে ।
ইতিমধ্যে খৰস্ৰোতা নৈখনৰ নামনিৰ দিশত থকা ধূলাবড়ি অঞ্চলত বাঢ়নী পানীয়ে সৃষ্টি কৰিছে ব্যাপক খহনীয়াৰ । এই খহনীয়াৰ বাবে বানৰ আশংকাত ত্ৰস্তমান হৈ পৰিছে স্থানীয় ৰাইজ । মথাউৰিটোৰ বেছিভাগ ঠাইত খহনীয়াৰ সৃষ্টি হৈছে ।
আনকি মথাউৰিটোৰ কিছু অংশৰে নৈৰ পানী নিগৰিছে বুলি জানিব পৰা গৈছে । এনেবোৰ কাৰণতে বিগত বৰ্ষত বগৰীবাৰীত পুঠিমাৰী নৈৰ মথাউৰি ছিঙি প্ৰলয়ংকাৰী বানৰ সৃষ্টি হৈছিল । এইবাৰ ধূলাবড়ি অঞ্চলত বান আৰু খহনীয়াৰ কৱলত পৰাৰ আশংকাত চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ । অনতিপলমে মথাউৰিটোৰ নিৰ্মাণৰ বাকী থকা কাম সম্পূৰ্ণ কৰি ৰাইজক যাতে শংকামুক্ত কৰিবৰ বাবে চৰকাৰক সকলোৱে দাবী জনাইছে ।
লগতে পঢ়ক : কাগজ কল নিলামৰ বাবে পুনৰ বিজ্ঞাপন