ETV Bharat / city

কৰ'ণা আতংক : ৰাজ্যৰ শিক্ষানুষ্ঠানলৈ চৰকাৰৰ নিৰ্দেশাৱলী - ৰাজ্যৰ শিক্ষানুষ্ঠানলৈ চৰকাৰৰ নিৰ্দেশাৱলী

ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠানলৈ কিছুমান নিৰ্দেশাৱলী প্ৰেৰণ কৰিছে ৷ কৰ'ণাভাইৰাছক প্ৰতিৰোধ কৰিবলৈ স্বাস্থ্য বিভাগে কিদৰে প্ৰস্তুতি চলাইছে সেই সম্পৰ্কে মুখ্যমন্ত্ৰী সোণোৱালে বুজ লয় ৷

ৰাজ্যৰ শিক্ষানুষ্ঠানলৈ চৰকাৰৰ নিৰ্দেশাৱলী
মুখ্যমন্ত্ৰী সোণোৱালৰ পৰ্যালোচনা বৈঠক
author img

By

Published : Mar 14, 2020, 9:25 PM IST

Updated : Mar 14, 2020, 9:50 PM IST

গুৱাহাটী, 14 মাৰ্চ : বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণাভাইৰাছৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ শিক্ষা বিভাগে শনিবাৰে বিয়লি সকলো শৈক্ষিক প্ৰতিষ্ঠানৰ বাবে এক নিৰ্দেশাৱলী জাৰি কৰিছে ৷ সেই অনুসৰি তাৎক্ষনিকভাৱে কাৰ্যকৰী হোৱাকৈ সকলো শৈক্ষিক প্ৰতিষ্ঠানৰ পুৱাৰ সমাৱেশ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷

কৰ'ণা আতংক
ৰাজ্যৰ শিক্ষানুষ্ঠানলৈ চৰকাৰৰ নিৰ্দেশাৱলী

একেদৰে স্কুল, কলেজ আদিত কোনো ধৰণৰ প্ৰদৰ্শনী আদি অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে সকলো ধৰণৰ শৈক্ষিক ভ্ৰমণ বাতিল কৰিবলৈও কোৱা হৈছে ৷ শৈক্ষিক প্ৰতিষ্ঠানসমূহত শিক্ষাৰ্থীৰ মাজত সজাগতা সৃষ্টিৰ বাবে সকলো প্ৰতিষ্ঠানৰ মুৰব্বীসকলক নিৰ্দেশ প্ৰদান কৰা হৈছে ৷

কৰ'ণা আতংক
মুখ্যমন্ত্ৰী সোণোৱালৰ পৰ্যালোচনা বৈঠক

কেউদিশে মাৰাত্মক কৰ'ণাভাইৰাছ বিয়পি পৰা বাবে উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰ ৷ ইতিমধ্যে 31 মাৰ্চলৈকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ সকলো ৰাজহুৱা কাৰ্যসূচী বাতিল কৰাৰ কথা ঘোষণা কৰিছিল ৷ আনহাতে, কৰ'ণাভাইৰাছ বিয়পি পৰাৰ ক্ষেত্ৰত ইয়াক বাধা দিয়াৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগ কেনেদৰে সাজু হৈছে সেই বিষয়েও শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বুজ লয় ৷ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ সিনহা আৰু বিভাগটোৰ শীৰ্ষ বিষয়াবৰ্গৰে এক পৰ্যালোচনা বৈঠকত ভাগ লৈ মুখ্যমন্ত্ৰীয়ে সজাগতা অভিযান জোৰদাৰ কৰি তুলিবলৈ নিৰ্দেশ দিয়ে ৷

আৰু পঢ়ক : অপৰাধীৰ ঘাটিলৈ পৰিণত হোৱা এখন কয়দীবিহীন জেইল

Last Updated : Mar 14, 2020, 9:50 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.