ETV Bharat / city

সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ প্ৰতিবাদী সমদল

author img

By

Published : Mar 26, 2019, 2:35 PM IST

শ্ৰমিকসকলৰ পঞ্জীয়নৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীৰে প্ৰতিবাদ

সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ

গুৱাহাটী, 26 মাৰ্চঃবিভিন্ন দাবীৰে গুৱাহাটী ক্লাৱৰ পৰা প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত শতাধিক অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ কৰ্মীৰ ৷ সদৌঅসম নিৰ্মাণ শ্ৰমিক সন্থাৰ কৰ্মীসকলে মঙলবাৰে গুৱাহাটী ক্লাৱৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই উলুবাৰীৰ শ্ৰম বিভাগৰ কার্যালয়ত উপস্থিত হৈ সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷

সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ
ৰাজ্যৰ নিৰ্মাণ শ্ৰমিকসকলৰ পঞ্জীয়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত এই কর্মীসকল বঞ্চিত হৈ অহাৰ অভিযোগ তুলি অতি শীঘ্ৰে তেওঁলোকৰ সমস্যা সমূহ সমাধান কৰাৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে ৷ ইপিনে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক তীব্ৰ সমালোচনা কৰি দুয়োখন চৰকাৰে শ্ৰমিকসকলৰ বাবে থকা ধন পুঁজিপতি গোষ্ঠীৰ বাবে ব্যৱহাৰ কৰি আহিছে বুলি অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে ৷

Intro:কনষ্ট্ৰাকচন ৱাকাৰ্চ ইউনিয়নৰ প্ৰতিবাদী সমদল। শতাধিক কনষ্ট্ৰাকচন ৱাকাৰ্চ ইউনিয়নৰ কৰ্মীয়ে গুৱাহাটী ক্লাৱৰ পৰা প্ৰতিবাদী সমদল উলিয়াই শ্ৰম বিভাগৰ কার্যলায়ত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে।

Body:অল আসাম কনষ্ট্ৰাকচন ৱাকাৰ্চ ইউনিয়নৰ শতাধিক কৰ্মীয়ে মঙলবাৰে গুৱাহাটী ক্লাৱৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই উলুবাৰীস্থিত শ্ৰম বিভাগৰ কার্যলায়ত উপস্থিত হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। শ্ৰম বিভাগে ৰাজ্যৰ কনষ্ট্ৰাকচন ৱাকাৰ্চ সকলৰ পঞ্জীয়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত এই কর্মী সকল বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপন কৰি অতি শীঘ্ৰে তেওঁলোকৰ সমস্যা সমূহ সমাধান কৰাৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে। কনষ্ট্ৰাকচন ৱাকাৰ্চ ইউনিয়নৰ কর্মী সকলে বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে।

বাইট : ফণীধৰ দাস, সাধাৰণ সম্পাদক, অল আসাম কনষ্ট্ৰাকচন ৱাকাৰ্চ ইউনিয়নৰ

Conclusion:প্ৰতিবাদী সকলে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে এই দুয়োখন চৰকাৰে শ্ৰমিক সকলৰ বাবে থকা ধন পুঁজিপতি গোষ্টীৰ বাবে ব্যৱহাৰ কৰি আহিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.