গুৱাহাটী, 16 ছেপ্টেম্বৰ: অসমত সাংগঠনিক শক্তি পুনৰুদ্ধাৰৰ বাবে কংগ্ৰেছ দলে অহা নৱেম্বৰ মাহৰ পৰা ৰাজ্যত আৰম্ভ কৰিব ভাৰত জোড়ো অসম যাত্ৰা (Bharat Jodo Yatra in Assam) । শুক্ৰবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা জয়ৰাম ৰমেশে এই কথা সদৰী কৰে (Congress leader Jayram Ramesh) ।
তেওঁ কয় যে অহা এক নৱেম্বৰৰ পৰা অসমত সাংগঠনিক শক্তি পুনৰুদ্ধাৰৰ বাবে ধুবুৰীৰ পৰা শদিয়ালৈ কংগ্ৰেছে ভাৰত জোড়ো অসম যাত্ৰা আৰম্ভ কৰিব । এই যাত্ৰাত পদব্ৰজে ৮০০ কিলোমিটাৰ অতিক্ৰম কৰা হব ।
এদিনত ১৫ পৰা ২০ কিলোমিটাৰ যাত্ৰা কৰা হব । জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে আৰু কয় যে বৰ্তমান ৰাহুল গান্ধীৰ নেতৃত্বত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাই ১৬৩ কিলোমিটাৰ পদব্ৰজে অতিক্ৰম কৰিছে । এই যাত্ৰা এদিনত ২১ কিলোমিটাৰকৈ কৰা হৈছে ।
স্বাধীন ভাৰতৰ ইতিহাসত পদব্ৰজে কৰা এই যাত্ৰা প্ৰথম । ৰাহুল গান্ধীৰ লগত ১২০ গৰাকী কংগ্ৰেছ কৰ্মী আছে । ইয়াৰে ৩০ শতাংশ মহিলা । ১২ খন ৰাজ্যৰ মাজেৰে এই ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰা হৈছে । এই যাত্ৰা সম্পূৰ্ণ অৰাজনৈতিক যদিও বিজেপি চৰকাৰৰ অপশাসন আৰু বিভেদৰ ৰাজনীতিৰ বিৰুদ্ধে কৰা হৈছে ।
অহা জানুৱাৰীৰ শেষত এই ভাৰত জোড়ো যাত্ৰা ৰাজস্থানত অন্ত পেলোৱা হব । ৰাজস্থানৰ কাৰ্য্যসূচীত অসমৰ ১০০ গৰাকী কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰিব । সংবাদমেলত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা দিগ্ববিজয় সিং আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও উপস্থিত আছিল ।
লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাক দাগ থকা কাপোৰৰ লগত তুলনা জয়ৰাম ৰমেশৰ