গুৱাহাটী, ২৩ আগষ্টঃ দলীয় নেতৃত্বৰ বিৰুদ্ধে বহু বিস্ফোৰণ ঘটাই দেওবাৰে কংগ্ৰেছ দলৰ সাধাৰণ সদস্যৰ পৰা পদত্যাগ কৰিলে কংগ্ৰেছ নেতা দুলু আহমেদে ৷ প্ৰায় ১৩ মাহ কাল দলৰ পৰা নিলম্বন হৈ থকা দুলু আহমেদে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিয়েই এইবাৰ মুকলি সংঘাতত লিপ্ত হ’ল দলৰ একাংশ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ৷ আহমেদৰ ক্ষোভ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনৰ বিৰুদ্ধে ৷ খিলঞ্জীয়া মুছলমান আৰু বঙালী মুছলমানৰ ভাগ ভাগ কৰাৰ মুল নায়ক ৰিপুণ বৰা আৰু ৰকিবুল হুছেইন ৷ ৰিপুণ বৰাৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছ সুৰক্ষিত নহয় বুলি মন্তব্য কৰে দুলু আহমেদে ৷
ইয়াৰোপৰি দুলু আহমেদে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ বিৰুদ্ধে মন্তব্য কৰে যে, ব্যক্তিগত স্বাৰ্থ আৰু অসৎ চৰিতাৰ্থ ৰূপায়ণত ব্যস্ত হৈছে ৰিপুণ বৰা ৷ ডেনিয়েল তপ্নৰ হত্যাৰ লগত জড়িত আছিল ৰিপুণ বৰা ৷ তিনিচুকীয়াৰ হোটেলত এগৰাকী মহিলাক নিশা অত্যাচাৰ চলাইছিল বৰাই ৷ কেৱল সিমানেই নহয় মঙলদৈৰো এগৰাকী মহিলাৰ লগত ৰিপুণ বৰাৰ অবৈধ সম্পৰ্ক আছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিলে দুলু আহমেদে ৷ যাৰ বাবে বসন্ত দাসক হাতযোৰ কৰি ক্ষমা বিছাৰিছিল বৰাই ৷ ৰিপুণ বৰা ২০২১ত যি সমষ্টিৰ পৰাই নিৰ্বাচন খেলে সেই সমষ্টিতে তেওঁক বিপুল ভোটত মই হৰুৱাম- দুলু আহমেদৰ হুংকাৰ ৷
সমান্তৰালভাৱে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধেও দেওবাৰৰ সংবাদমেলত সৰৱ হ’ল দুলু আহমেদ ৷ তৰুণ গগৈক লৈ কটাক্ষ দুলু আহমেদৰ- তৰুণ গগৈৰ কথাৰ কোনো মূল্যই নাই ৷ তেওঁলোকক অসমীয়া মুছলমানৰ ভোট নালাগে । বয়স হোৱাৰ বাবে আবুল- তাবুল বকি আছে । তৰুণ গগৈয়ে পুত্ৰ গৌৰৱ গগৈক কংগ্ৰেছৰ নেতৃত্ব প্ৰদানৰ অংকত আছে, এই মন্তব্য দুলু আহমেদৰ ৷
উল্লেখ্য যে, প্ৰদেশ কংগ্ৰেছৰ একাংশ শীৰ্ষ নেতৃত্বৰ প্ৰতি অসন্তুষ্ট হৈ দলৰ পৰা পদত্যাগ কৰা দুলু আহমেদকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে কংগ্ৰেছ দলৰ ভিতৰচ’ৰাত ৷ একাংশ ক্ষমতালিপ্সু নেতাৰ চৰম মইমতালিৰ বাবেই যে কংগ্ৰেছৰ ভিতৰচ’ৰাত এক গৃহকন্দলৰ সূচনা হৈ এক অৰাজক পৰিৱেশৰ সূচনা হৈছে সেয়া দেওবাৰে দুলু আহমেদৰ বক্তব্যত উন্মোচিত হৈছে ৷
ইফালে দুলু আহমেদৰ এই বিস্ফোৰণৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু বিৰোধী দলৰ উপদলপতি ৰকিবুল হুছেইনে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সেয়া পৰৱৰ্তী পৰ্যায়ত নিশ্চয়কৈ লক্ষ্যণীয় হ’ব ৷
লগতে পঢ়ক-বিজেপি দলৰ মুখ্যমন্ত্ৰীৰ পদৰ প্ৰাৰ্থী হ'ব প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ : তৰুণ গগৈ